5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ক কেবিনেটৰ মঞ্জুৰী, কি আছে বিধেয়কখনত…

কেবিনেটত অনুমোদন লাভ কৰিলে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়কে। পৰৱৰ্তী সময়ত ইয়াক সদনত উত্থাপন কৰিব পাৰে। এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ অধীনত একে সময়ত নহ’লেও লোকসভা আৰু ৰাজ্যসভাৰ বাবে ৰাইজে একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।

‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ক কেবিনেটৰ মঞ্জুৰী, কি আছে বিধেয়কখনত…
এক ৰাষ্ট্ৰ এক নিৰ্বাচন
barasha-sarma
Barasha Sarma | Published: 12 Dec 2024 15:26 PM

বৃহস্পতিবাৰে  কেবিনেটৰ অনুমোদন লাভ কৰিলে ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়কখনে (one nation one election) । সূত্ৰ অনুসৰি জানিব পৰা মতে চলিত অধিবেশনতে সংসদত এই বিধেয়কখন উত্থাপন হ’ব পাৰে। ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এক কমিটী গঠন কৰা গৈছে। এই কমিটীখনে প্ৰস্তুত কৰা প্ৰতিবেদন গ্ৰহণ কৰে কেবিনেটে। চৰকাৰে বিচাৰিছে এই বিধেয়ক সন্দৰ্ভত বিতং ভাৱে আলোচনা হোৱা।

অনুমোদন লাভৰ পাছতেই এই বিধেয়কখন সংযুক্ত সংসদীয় সমিতি (JPC)ৰ ওচৰলৈ প্ৰেৰণ কৰিব পাৰে। এই সন্দৰ্ভত জে পি চিয়ে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে চৰ্চা কৰিব লগতে প্ৰত্যোক ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষক মাতি পঠিয়াব পাৰে। দেশৰ বহু জ্ঞানী গুণী ব্যক্তিৰ লগতে এই বিধেয়ক সন্দৰ্ভত সাধাৰণ জনতাৰো ৰায় গ্ৰহণ কৰা হ’ব। ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ উপকাৰ, কি লাভ হ’ব আদি সকলো দিশ সামৰি চৰকাৰে সাধাৰণ ৰাইজৰ লগত কথা পাতিব।

উল্লেখ্য যে, ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ সন্দৰ্ভত মোদী চৰকাৰ সম্পূৰ্ণ সক্ৰিয় হৈ আছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰে এই পৰিকল্পনা আগুৱাই নিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত দায়িত্ব অৰ্পন কৰিছিল। পৰৱৰ্তী সময়ত ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত কমিটীয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত চৰকাৰক পৰামৰ্শ দাখিল কৰিছিল। মোদীয়েও কেইবাবাৰো ৰাজহুৱা সভাত এই বিষয়টি উত্থাপন কৰিছিল।

ইয়াৰ পাছতে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কমিটীৰ পৰামৰ্শ গ্ৰহণ কৰে। প্ৰতিবেদনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। কমিটীয়ে প্ৰথম পৰ্যায়ৰ অধীনত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। আনহাতে দ্বিতীয় পৰ্যায়ত স্থানীয় সংস্থাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিছে।

জানিব পৰা মতে ১৯১ দিন বিশেষজ্ঞ- ষ্টেকহল্ডাৰৰ সৈতে আলোচনা কৰাৰ পাছত ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। ইয়াত সকলো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ২০২৯ চনলৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়া হৈছে যাতে লোকসভাৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায়। প্ৰতিবেদনত কোৱা হৈছে যে,অৱশ্যে অনাস্থা প্ৰস্তাৱ বা আন সমস্যাৰ ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব। ইয়াৰোপৰি ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। এই নিৰ্বাচনসমূহৰ বাবে নিৰ্বাচন আয়োগে লোকসভা, বিধানসভা আৰু স্থানীয় সংস্থাসমূহৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰিব পাৰে। লগতে প্ৰশাসনিক দিশৰ ক্ষেত্ৰত আগতীয়া পৰিকল্পনা কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন হোৱা কমিটীত মুঠ ৮ জন সদস্য আছিল। কোবিন্দৰ লগতে আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী, ডিপিএ নেতা গুলাব নবী আজাদ, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ১৫ নং বিত্ত আয়োগৰ প্রাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্রাক্তন মহাসচিব ড০ সুভাষ কাশ্যপ আৰু প্রাক্তন মুখ্য সতর্কতা আয়ুক্ত সঞ্জয় কোথাৰী।

এক ৰাষ্ট্ৰ এক নিৰ্বাচন কি

এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ অৰ্থ হ’ল একে সময়তে দেশত লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ।একে সময়ত নহ’লেও লোকসভা আৰু ৰাজ্যসভাৰ বাবে ৰাইজে একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব। বৰ্তমান সময়ত কিছুমান ৰাজ্যত কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া আছে। উল্লেখ কৰা প্ৰয়োজন যে, এই আৰ্হিত পূৰ্বে ৪ বাৰকৈ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে ।১৯৪৭ চনত স্বাধীনতাৰ পিছত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতত একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।

 

 

অন্য খবৰ পঢ়কঃ ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ কি? ইয়াক লৈ মোদী চৰকাৰৰ পৰিকল্পনা আৰু লাভ কি হ’ব…

Latest News