আজি সদনত উত্থাপন হ’ব ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক, হুইপ জাৰি বিজেপি সাংসদক
'এক ৰাষ্ট্ৰ এক নিৰ্বাচন' ৰ অৰ্থ হৈছে এটা সময়তে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা। সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।
মঙলবাৰে সংসদত উত্থাপন হ’ব ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক। ইয়াৰ বাবে বিজেপিয়ে লোকসভাৰ সাংসদসকলক থ্ৰীলাইন হুইপ জাৰি কৰিছে। অৰ্থাৎ দলৰ প্ৰতিগৰাকী সাংসদ আজি লোকসভাত উপস্থিত থকা বাধ্য়তামূলক। ইয়াৰ পূৰ্বে সোমবাৰে এই বিধেয়কখন লোকসভাত উত্থাপন কৰাৰ কৰাৰ কথা আছিল। কিন্তু বিশেষ কাৰণত বিধেয়ক উত্থাপনৰ কাম স্থগিত হয়। তাৰ পাছতে আজি আইনমন্ত্ৰী অৰ্জুন মেঘুৱালে এই বিধেয়কখন উত্থাপন কৰিব।
উত্থাপনৰ পাছতেই বিধেয়কখনৰ লগত জড়িত সকলো দিশ স্পষ্ট হৈ পৰিব। এই বিধেয়কখন যোৱা শুকুৰবাৰে লোকসভাৰ ব্যৱসায়িক তালিকাত অন্তৰ্ভুক্ত হৈ একেদিনাই বিধেয়কখনৰ প্ৰতিলিপি সকলো সাংসদলৈ যায় যদিও পাছত ইয়াক লোকসভাৰ সংশোধিত ব্যৱসায়িক তালিকাৰ পৰা আঁতৰাই দিয়া হয়।
সূত্ৰ অনুসৰি জানিব পৰা মতে, বিধেয়কখন উপস্থাপন আৰু বিতং আলোচনাৰ বাবে জেপিচি (সংযুক্ত সংসদীয় সমিতি) লৈ প্ৰেৰণ কৰিব পাৰে। অনুমান কৰা হৈছে যে, কাইলৈ জেপিচি গঠন হ’ব য’ত বিজেপি-কংগ্ৰেছকে ধৰি সকলো দলৰ সদস্যৰ নামো ঘোষণা কৰা হ’ব। জানিব পৰা মতে এ’এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত বিজেপিয়ে প্ৰতিটো মিত্ৰ দলৰ সৈতে আলোচনা কৰিছে আৰু প্ৰায় সকলো দলেই ইয়াৰ পক্ষত আছে। কেৱল বিৰোধী দলে ৰাজনৈতিক কাৰণত এই বিধেয়কৰ বিৰোধিতা কৰিছে।
এই বিধেয়কখনে কিছুদিন পূৰ্বে কেবিনেটৰ অনুমোদন লাভ কৰিছিল। ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এক কমিটী গঠন কৰা হৈছিল আৰু এই কমিটীৰে প্ৰতিবেদন গ্ৰহণ কৰিছিল কেবিনেটে।
এক দেশ এক নিৰ্বাচন কি
‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ ৰ অৰ্থ হৈছে এটা সময়তে দেশত নিৰ্বাচন অনুষ্ঠিত কৰা। সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব। বৰ্তমান দেশৰ কিছুমান ৰাজ্য আছে য’ত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।অন্ধ্ৰপ্ৰদেশ,ছিক্কিম, ওড়িশা আদিত লোকসভা নিৰ্বাচনৰ আগত বা পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।
চৰকাৰৰ মতে, দেশত বিভিন্ন সময়ত হোৱা নিৰ্বাচনৰ ফলত বহু টকা খৰচ হয়। যদি এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হয় তেন্তে খৰচৰ পৰিমাণ কমি যাব। আমাৰ দেশত লোকসভা নিৰ্বাচনত ন্যুনতম খৰচ ৪০০০ কোটি টকা হয়। ইয়াৰোপৰি বিধানসভা নিৰ্বাচনতো বিপুল পৰিমাণৰ ধন খৰচ হয়। ১ বছৰত ক’মেও ৪ৰ পৰা ৫ খন বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। গতিকে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হ’লে এনে অতিৰিক্ত খৰচ বন্ধ হ’ব বুলি চৰকাৰে দাবী কৰে।
চৰকাৰে কয় যে, বছৰত কেইবাবাৰো নিৰ্বাচন অনুষ্ঠিত হ’লে নিৰ্বাচনী কাৰ্যত প্ৰশাসনো জড়িত হৈ থাকিব লাগে। যাৰ প্ৰভাৱ আন কামত পৰে। ঠিক তেনেদৰে মন্ত্ৰী বিধায়কসকলো বিভিন্ন সময়ত নিৰ্বাচনী কামত ব্যস্ত হৈ থাকিব লাগে। যাৰ বাবে ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ কামত পৰে। গতিকে ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে এন বহু দিশৰ ক্ষেত্ৰত চৰকাৰ লাভৱান হ’ব বুলি দাবী কৰে।
অন্য খবৰ পঢ়কঃ ‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ কি? ইয়াক লৈ মোদী চৰকাৰৰ পৰিকল্পনা আৰু লাভ কি হ’ব…