5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ কি? ইয়াক লৈ মোদী চৰকাৰৰ পৰিকল্পনা আৰু লাভ কি হ’ব…

one nation one election: দেশত কাৰ্যকৰী হ'ব পাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচন। মোদীয়ে কৈছিল, মই ভাবো যে নিৰ্বাচন কেৱল ৩ বা ৪ মাহৰ বাবেহে হ'ব লাগে। এয়া সময়ৰ আহ্বান। চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালটোত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নালাগে।

‘এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ কি? ইয়াক লৈ মোদী চৰকাৰৰ পৰিকল্পনা আৰু লাভ কি হ’ব…
এক ৰাষ্ট্ৰ এক নিৰ্বাচন
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 16 Sep 2024 13:23 PM

লোকসভা নিৰ্বাচন ২০২৪ ত জয়লাভ কৰাৰ পাছতেই তৃতীয়বাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছে এনডিএ। ১৭ ছেপ্টেম্বৰত বিজেপিৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হ’ব। ইয়াৰ পূৰ্বে এক খবৰ পোহৰলৈ আহিছে যে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই কাৰ্যকালতে এক ৰাষ্ট্ৰ এক নিৰ্বাচন (One nation one election) বিধেয়ক আনিব পাৰে। নিৰ্বাচনৰ পূৰ্বৰে পৰা এক ৰাষ্ট্ৰ এক নিৰ্বাচনত যোৰ দি অহা বিজেপিয়ে এতিয়া তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব পাৰে।

স্বাধীনতা দিৱসৰ ভাষণৰ সময়তো মোদীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ কথা উল্লেখ কৰিছিল। এন ডি এত থকা প্ৰতিটো দলত অনুৰোধ জনাই তেওঁ এই পদক্ষেপক সমৰ্থন জনাবলৈ আহ্বান জনাইছিল। মোদীয়ে কৈছিল, মই ভাবো যে নিৰ্বাচন কেৱল ৩ বা ৪ মাহৰ বাবেহে হ’ব লাগে। এয়া সময়ৰ আহ্বান। চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালটোত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হ’ব নালাগে। ইয়াৰ দ্বাৰা নিৰ্বাচন পৰিচালনাৰ ব্যয় হ্ৰাস পাব।

তেওঁ কৈছিল, ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি প্ৰতিবেদন দাখিল কৰিছে। এই কমিটীখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। লগতে ১০০ দিনৰ ভিতৰত সমন্বিত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে। গতিকে কমিটীয়ে আগবঢ়োৱা সকলো দিশতে এতিয়া চৰ্চা চলি আছে। সূত্ৰ অনুসৰি জানিব পৰা মতে মোদী চৰকাৰে শীঘ্ৰেই এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱণা আছে।

এক ৰাষ্ট্ৰ এক নিৰ্বাচন কি

সহজ ভাষাত ক’বলৈ হ’লে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হোৱাৰ পাছত জনসাধাৰণে লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিনিধি বাচনি কৰিবলৈ একে সময়ত নহ’লেও একে বছৰ বা এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ভোট দিব পাৰিব।

বৰ্তমান এনে কিছুমান ৰাজ্য আছে য’ত কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ বাবে ভোটদান হয়। অন্ধ্ৰপ্ৰদেশ,ছিক্কিম, ওড়িশা আদি এনে ৰাজ্য যত লোকসভাৰ সমান্তাৰলকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আদিকো কেন্দ্ৰীয় চৰকাৰ গঠন হোৱাৰ পাছতেই ভোটদান অনুষ্ঠিত হ’ব। ইয়াৰ লগতে ৩৭০ নং অনুচ্ছেদ আঁতৰ কৰাৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু- কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে চাৰিবাৰকৈ লোকসভা আৰু ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ১৯৪৭ চনত স্বাধীনতাৰ পিছত ১৯৫১ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতত একেলগে সকলো ৰাজ্যৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৯৫১-৫২ চনত দেশৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল, য’ত ৰাজ্যসমূহতো একেলগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত একেৰাহে চাৰিবাৰকৈ দেশত লোকসভা আৰু ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়।

 

কি লাভ হ’ব?

আমাৰ দেশত লোকসভা নিৰ্বাচনত ন্যুনতম খৰচ ৪০০০ কোটি টকা হয়। ইয়াৰোপৰি বেলেগ বেলেগ সময় বিভিন্ন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়। কিছুমান বিধানসভা সময়তকৈ আগতে ভংগ হয় যাৰ বাবে বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হৈ থাকে।  ১ বছৰত ক’মেও ৪ৰ পৰা ৫ খন বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। যাৰ বাবে অধিক ধন খৰচ হয়। এনে ধৰণৰ খৰচসমূহ নিয়ন্ত্ৰণ কৰাও এক ৰাষ্ট্ৰ এক নিৰ্বাচন উদ্দেশ্য।

ইয়াৰোপৰি বছৰৰ সকলো সময়তে নিৰ্বাচন অনুষ্ঠিত হ”লে ৰাজ্যখন আৰক্ষী, প্ৰশাসন যন্ত্ৰ আদিৰ ব্যৱহাৰ হয়। চৰকাৰে দাবী কৰে যে যদি এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হ’ব তেতিয়া প্ৰশাসনিক দক্ষতাৰ হানি নহয়, খৰচ কম  হ’ব আৰু চৰকাৰেও বাস্তৱিক দিশৰ ওপৰত কাম কৰিবলৈ সময় পাব।

এখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’লে ৰাজ্যৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী বা আন নেতাসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰে। এক কথাত ক’বলৈ গ’লে মহত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া সময়ত এই লোকসকল ৰাজনীতিত ব্যস্ত হৈ পৰে। ইয়াৰ ফলত ৰাষ্ট্ৰৰ নীতি নিৰ্মাণ প্ৰক্ৰিয়া, শাসনত নেতিবাচক প্ৰভাৱ পৰে।

কোনো এখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হলে সেই ৰাজ্যখনত আদৰ্শ আচাৰ সংহিতা ৪৫ দিনৰ পৰা ৬০ দিনলৈ কাৰ্যকৰী হয়। যাৰ বাবে  কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে সেই ৰাজ্যখনৰ লগত জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।  ইয়াৰোপৰি ৰাজ্যখনৰ সমগ্ৰ প্ৰশাসন তন্ত্ৰ নিৰ্বাচনী কাম- কাজত ব্যস্ত হৈ পৰে। এনেবোৰ কাৰণতে এক ৰাষ্ট্ৰ এক নিৰ্বাচন কাৰ্যকৰী হ’লে এনে দিশসমূহ লাভান্বিত হ’ব।

প্ৰত্যাহ্বান

সংবিধানৰ আৰু লোকতান্ত্ৰিৰ মূল্যবোধৰ দিশৰ পৰা প্ৰত্যাহ্বান আহিব। ভাৰতত প্ৰত্যোক ৰাজ্যৰ নিজৰ নিজৰ দাবী থাকে আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰে। যদি এক ৰাষ্ট্ৰ এক নিৰ্বাচন হয় তেতিয়া স্থানীয় বিষয়সমূহে প্ৰাধান্য কমকৈ পাব। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় বিষয়সমূহে ৰাজ্যসমূহৰ সমস্যাত প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল লাভান্বিত হোৱাৰ বিপৰীতে ৰাজ্যৰ দল বা স্থানীয় দলসমূহ লোকচানৰ সন্মুখীন হ’ব পাৰে।

অৱশ্যে সংবিধানৰ সংশোধনী আৰু সেই সংশোধনী সকলো ৰাজ্য- কেন্দ্ৰীস শাসিত অঞ্চলৰ চৰকাৰৰ লগতে ডাঙৰ ৰাজনৈতিক দলৰ অনুমোদন অবিহনে এয়া সম্ভৱ নহয়। এক ৰাষ্ট্ৰ এক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৮৩ নং অনুচ্ছেদ (সংসদৰ কাৰ্যকাল), ৮৫ নং অনুচ্ছেদ (ৰাষ্ট্ৰপতিৰ দ্বাৰা লোকসভা ভংগ কৰা), ১৭২ নং অনুচ্ছেদ (ৰাজ্যিক বিধায়িনী দলৰ সময়সীমা), আৰু ১৭৪ নং অনুচ্ছেদ (ৰাজ্যিক বিধায়িনী দল ভংগ কৰা), লগতে ৩৫৬ নং অনুচ্ছেদ (ৰাষ্ট্ৰপতিৰ কাৰ্যকাল জাপি দিয়া নিয়ম) সলনি কৰিব লাগিব।

 

 

Latest News