5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সংখ্যাৰ খেলা! সংসদত ‘এক দেশ, এক নিৰ্বাচন’ গৃ্হীত কৰাত মোদী চৰকাৰৰ সমুখত কঠিন প্ৰত্যাহ্বান

লোকসভাত এক দেশ এক নিৰ্বাচন বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰক ৩৬২টা ভোট বা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব। কিন্তু বিজেপিৰ ২৪০ গৰাকী সাংসদসহ এন ডি এ চৰকাৰত ২৯৩ জন সাংসদহে আছে। গতিকে বিধেয়কখন গৃ্হীত কৰিবলৈ চৰকাৰক অতিৰিক্ত ৬৯ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।

সংখ্যাৰ খেলা! সংসদত ‘এক দেশ, এক নিৰ্বাচন’ গৃ্হীত কৰাত মোদী চৰকাৰৰ সমুখত কঠিন প্ৰত্যাহ্বান
সংসদত গৃ্হীত কৰিব হ’বনে এক দেশ এক নিৰ্বাচন!
Follow Us
monjit-dutta
Monjit Dutta | Published: 19 Sep 2024 14:00 PM

কোবিন্দ কমিটীৰ এক দেশ এক নিৰ্বাচনৰ প্ৰস্তাৱত অনুমোদন জনাইছে মোদী চৰকাৰে। কেবিনেটৰ অনুমোদনৰ পিছত এতিয়া বিধেয়কখন সংসদত উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰস্তাৱিত এই এক দেশ এক নিৰ্বাচনৰ ৰূপায়ণৰ ক্ষেত্ৰত অৱশ্যে মোদী চৰকাৰ সংদত কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব। ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাত চৰকাৰে কোনো অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই যদিও লোকসভাত অৱশ্যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। লোকসভাত এই বিধেয়কখন গৃ্হীত কৰাৰ ক্ষেত্ৰত ৬৯গৰাকী সাংসদৰ সমৰ্থন আদায় কৰিব লাগিব চৰকাৰে।

লক্ষণীয়ভাৱে কোবিন্দ কমিটীয়ে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত মুঠ ৬২টা ৰাজনৈতিক দলৰ পৰা মতামত বিচাৰিছিল। ইয়াৰে ৪৭টা দলে উত্তৰ প্ৰেৰণ কৰাৰ বিপৰীতে ১৫টা দলে ইয়াৰ প্ৰতি সঁহাৰি দিয়াৰ পৰা বিৰত থাকে। ইফালে উত্তৰ প্ৰেৰণ কৰা ৪৭টা ৰাজনৈতিক দলৰ ভিতৰত ৩২টা দলে কোবিন্দ কমিটীৰ পৰামৰ্শক সমৰ্থন কৰাৰ বিপৰীতে ১৫টা দলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে।

কমিটীৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰা ৩২টা দলৰ ভিতৰত অধিকাংশই বিজেপিৰ মিত্ৰদল। আনহাতে কংগ্ৰেছ, আপ, সমাজবাদী পাৰ্টিৰ দৰে বিৰোধী দলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। লোকসভাত এই বিধেয়কখন গৃহীত কৰিবলৈ চৰকাৰক ৩৬২টা ভোট বা দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব। কিন্তু বিজেপিৰ ২৪০ গৰাকী সাংসদসহ এন ডি এ চৰকাৰত ২৯৩ জন সাংসদহে আছে।

গতিকে বিধেয়কখন গৃ্হীত কৰিবলৈ চৰকাৰক অতিৰিক্ত ৬৯ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। এনে অৱস্থাত মোদী চৰকাৰে ৩৬২ৰ সংখ্যা স্পৰ্শ কৰাৰ ক্ষেত্ৰত সফল যে হ’ব, সেয়া আশা কৰা কঠিন। ভোটদানৰ সময়ত লোকসভাত বিধেয়কৰ প্ৰতি সমৰ্থন প্ৰকাশ নকৰা বিৰোধীৰ পূৰ্ণ শক্তি উপস্থিত থাকিলে চৰকাৰৰ বিফলতাৰ সম্ভাৱনাই অধিক। কিন্তু সংসদত যদি ১০০ গৰাকী বিৰোধী সাংসদেই উপস্থিতিৰ পৰা বিৰত থাকে, তেতিয়া চৰকাৰৰ পক্ষতেই যাব সমৰ্থন।

ইফালে ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰিবলৈ ২৪৫ জন সাংসদৰ দুই তৃতীয়াংশ অৰ্থাৎ ১৬৪জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব। কিন্তু বৰ্তমান ৰাজ্যসভাত ২৩৪ জন সাংসদ আছে আৰু ইয়াৰে এন ডি এৰ ১১৫ জন সাংসদ। আনহাতে ৬ জন মনোনীত সাংসদৰ সমৰ্থনে এই সংখ্যা ১২১ জনলৈ বৃদ্ধি কৰিব। অৱশ্যে ৰাজ্যসভাত ভোটদানৰ সময়ত সকলো সদস্য উপস্থিত থাকিলে সংখ্যাগৰিষ্ঠতাৰ বাবে ১৫৬জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।

এন ডি এৰ ২৭টা দল এই এক দেশ এক নিৰ্বাচনৰ পক্ষত আছে। কেৱল নগা পিপলছ ফ্ৰণ্টেহে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। আনহাতে বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ ১০টা দলে এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। ইফালে এই দুই মিত্ৰজোঁটৰ পৰা বাহিৰত থকা ৬টা দলে প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ বিপৰীতে ৪টা দলে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে।

এক দিশ এক নিৰ্বাচনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা দলৰ ভিতৰত আছে কংগ্ৰেছ, আপ, বিএছপি, চিপিআইএম, ডিএমকে, টিএমচি, চিপিআই, এনপিএফ, এআইইউডিএফ, এআইএমআইএম, এমডিএমকে, ভিচিকে, চিপিআই (এম-এল), এছডিপি (আই)। বিজেপি, এজেএছইউ, আপনা দল (সোনেলাল), অগপ, এলজেপি (আৰ), এনডিপিপি, এছকেএম, মিজো নেশ্যনেল ফ্ৰণ্ট, জেডিইউ, ইউপিপিএলএ, শিৱসেনা (সিন্দে ফৈদ), টিডিপি আছে প্ৰস্তাৱৰ সমৰ্থনত।

বিজেপিৰ পূৰ্বৰ মিত্ৰ দল আকালি দল আৰু এআইএডিএমকেও এক দেশ এক নিৰ্বাচনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কমিটীৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নিদিয়া দলসমূহৰ ভিতৰত আছে বি আৰ এছ, আই ইউ এম এল, নেচনেল কনফাৰেন্স, জে ডি এছ, জে এম এম, কেৰালা কংগ্ৰেছ (এম), এন চি পি (শাৰদ পাৱাৰ), আৰ জে ডি, আৰ এছ পি, ৱাই এছ আৰ চি পি, টি ডি পি, আৰ এল ডি, শিৰোমণি আকালি দল (মান ), নেচনেল ডেম’ক্ৰেটিক পাৰ্টি, ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট।

Latest News