আচৰিত হ’ব আপুনি! এইখন ৰাজ্যত আছে মাত্ৰ ২০ গৰাকী ভিক্ষাৰী…
আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে অভিযান চলাই আছে। কিন্তু তাৰ পাছতো মাত্ৰ ২০ জন ভিক্ষাৰীকহে উদ্ধাৰ কৰে। চৰকাৰৰ এই তথ্যক কঠোৰভাৱে সমালোচনা কৰে বিৰোধিয়ে
ভিক্ষা খোজা লোক সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। চিত্তৰগড়ৰ বিধায়ক চন্দ্ৰভান সিঙৰ প্ৰশ্নত উত্তৰ দি এই তথ্য প্ৰকাশ কৰে চৰকাৰে। সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী অবিনাশ গেহলটে কয় যে সমগ্ৰ ৰাজ্যত আৰক্ষীয়ে মাত্ৰ ২০ জন ভিক্ষাৰীহে বিচাৰি পাইছে। ইয়াৰে জয়পুৰত ৩ জন আৰু বাকী ১৭ জন ভিক্ষাৰী ৰাজ্যৰ বিভিন্ন স্থানত আছে। এই সকলৰ ভিতৰত ১৯ জনৰ বিৰুদ্ধে চালান আৰু এজনৰ বিৰুদ্ধে এফ আৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰ পাছতেই ৰাজস্থানৰ বিধানসভাত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজস্থান আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে অভিযান চলাই আছে। কিন্তু তাৰ পাছতো মাত্ৰ ২০ জন ভিক্ষাৰীকহে উদ্ধাৰ কৰে। চৰকাৰৰ এই তথ্যক কঠোৰভাৱে সমালোচনা কৰে বিৰোধিয়ে। বিৰোধী দলপতি টিকাৰম জুলিয়ে কয় যে এইখন চৰকাৰে পৰিসংখ্যা লুকাই ৰখাত বিশেষজ্ঞ। ভুল তথ্য দি জনসাধাৰণক বিপথে পৰিচালিত কৰাটো বিজেপিৰ পুৰণি অভ্যাস। তেওঁ আৰু কয় যে ৰাজ্যত ভিক্ষা কৰাতো এটা ডাঙৰ সমস্যা। কংগ্ৰেছৰ শাসনকালত আমি অপাৰেচন উমাং আৰম্ভ কৰিছিলো কিন্তু বিজেপি চৰকাৰে তাৰ কোনো খবৰ লোৱা নাছিল। চৰকাৰে কেৱল নিজক বচোৱাৰ বাবেহে কাম কৰি আছে।
অবিনাশ গেহলটে কয় যে বহু ৰাজহুৱা স্থানতে একাংশই ভিক্ষা খুজে।। ৰে’ল ষ্টেচন, গুৰুদ্বাৰ, মন্দিৰ আৰু বাছ ষ্টেণ্ডত ভিক্ষা কৰা দেখা যায়। তেওঁলোকৰ বাবে পুনৰ্বাসন কেন্দ্ৰ মুকলি কৰা হৈছে। এই ক্ষেত্ৰত গৃহ বিভাগ, সামাজিক ন্যায় বিভাগ আৰু মহিলা উন্নয়ন বিভাগে একেলগে কাম কৰি আছে। ১৮ বছৰৰ তলৰ সকলৰ সৈতে জে জে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হয়। ১৮ বছৰ হোৱাৰ পাছতে তেওঁলোকক পুনৰ্বাসনলৈ প্ৰেৰণ কৰা হয়।
লগতে তেওঁ কয় যে, স্মাইল আঁচনিৰ অধীনতো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ক্ষেত্ৰত ব্যৱস্থা লৈ যায়। বহু ভুৱা তৃতীয় লিংগৰ লোকেও ভিক্ষা কৰা দেখা যায়। এনেলোক তিনিটা স্থানত চিহ্নিত কৰা হৈছে। চিটি পেলেচ জয়পুৰ, উদয়পুৰ আৰু জয়ছালমেৰ আদিত বেছিকৈ ভিক্ষাবৃত্তিত জড়িতলোকক দেখা যায়।