5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দিল্লী পৰা মহাৰাষ্ট্ৰলৈকে অনুপ্ৰৱেশকাৰী বিৰুদ্ধে অভিযান অব্যাহত, শেহতীয়াকৈ ৯ অবৈধ বাংলাদেশীক আটক…

মহাৰাষ্ট্ৰৰ এ টি এছে ৰাজ্যখনৰ বহু জিলাত অভিযান চলাই অবৈধ বাংলাদেশীক আটক কৰা খবৰ প্ৰকাশ পাইছে । একে সময়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰাৰ খবৰ লাভ কৰা গৈছে ।

দিল্লী পৰা মহাৰাষ্ট্ৰলৈকে অনুপ্ৰৱেশকাৰী বিৰুদ্ধে অভিযান অব্যাহত, শেহতীয়াকৈ ৯ অবৈধ বাংলাদেশীক আটক…
অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযানImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 01 Jan 2025 12:33 PM

অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লীৰ পৰা মহাৰাষ্ট্ৰলৈ অভিযান অব্যাহত আছে। ইফালে মহাৰাষ্ট্ৰৰ এ টি এছে ৰাজ্যখনৰ বহু জিলাত অভিযান চলাই অবৈধ বাংলাদেশীক আটক কৰা খবৰ প্ৰকাশ পাইছে । একে সময়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰাৰ খবৰ লাভ কৰা গৈছে । শেহতীয়াকৈ ৯ জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ পুনৰ বিতাৰিত কৰা হৈছে বুলি জানিব পৰা গৈছে ।

সূত্ৰ খবৰ অনুসৰি, মহাৰাষ্ট্ৰ এণ্টি টেৰৰিজম স্কোয়াডে স্থানীয় আৰক্ষীৰ সহায়ত ৯ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে পাঁচটাকৈ গোচৰ ৰুজু কৰা হৈছে । কেৱল ২০২৪ চনৰ ডিচেম্বৰ মাহত এ টি এছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মুঠ ১৯ টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪৩ জন লোকক আটক কৰিছে। শেহতীয়া নৱবৰ্ষৰ প্ৰাকক্ষণত চৰকাৰী পৰিচয় পত্ৰ অবিহনে ভাৰতত বাস কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে চলোৱা বিশেষ অভিযানত ৯ গৰাকী বাংলাদেশী আটক কৰিছে ।

আচলতে এ টি এছে মুম্বাইৰ পূব উপকণ্ঠ অঞ্চল নাছিক, আকোলা, নান্দদ আৰু ঔৰংগাবাদত চাৰিদিন ধৰি অভিযান চলাই আছে । শেহতীয়াকৈ আটক কৰা এই বাংলাদেশী কেইজনে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীয়ে তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড জব্দ কৰা বুলিও জানিব পৰা গৈছে ।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়েও বৈধ ভাৰতীয় নথি-পত্ৰ অবিহনে বাস কৰা বাংলাদেশীক চিনাক্ত, আটক আৰু বিতাড়নৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। দক্ষিণ দিল্লীৰ ডিচিপি অংকিত চৌহানে জনাইছিল যে, দক্ষিণ জিলা দিল্লী আৰক্ষীয়ে চলোৱা অভিযানৰ অংশ হিচাপে বাংলাদেশৰ পৰা অহা ৮ জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰে। আটক কৰা বাংলাদেশী নাগৰিক কেইজনৰ মাজৰ কিছুমানে নিৰ্মাণ কামত নিয়োজিত আছিল । অধিক তদন্তৰ অন্তত তেওঁলোকক বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয় (এফ আৰ আৰ অ’)ৰ জৰিয়তে বিতাড়িত কৰা হয় বুলি জানিব পৰা গৈছে ।

এই অভিযানৰ অধীনত দিল্লী আৰক্ষীয়ে দক্ষিণ-পশ্চিম জিলাত কেইবাটাও বিশেষ অভিযান চলাইছে। স্থানীয় আৰক্ষী থানাৰ বিষয়া আৰু বিশেষ ইউনিটৰ বিশেষ দল মোতায়েন কৰি অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ পুংখানুপুংখ তালাচী চলোৱা লগতে চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা হৈছে। অভিযানৰ সময়ত ঘৰে ঘৰে গৈ পৰিচয় পত্ৰ পৰীক্ষণ কৰা হৈছিল আৰু প্ৰায় ৪০০ পৰিয়ালক পৰীক্ষা কৰি তেওঁলোকৰ নথি-পত্ৰ সংগ্ৰহ কৰা হৈছিল।

Latest News