শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ছত্তীশগড়ত ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান, নিহত ২২ নক্সালবাদী, ১ জন জোৱান শ্বহীদ

পুৱা ৭ বজাৰ পৰা নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অবিৰতভাৱে গুলীচালনা চলি আছে । এনকাউণ্টাৰ স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে ২২ জন নক্সালবাদীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভঁৰাল । ইয়াৰ সমান্তৰালকৈ বিজাপুৰ ডি আৰ জিৰ এজন জোৱানো এই এনকাউণ্টাৰত শ্বহীদ হৈছে ।

ছত্তীশগড়ত ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান, নিহত ২২ নক্সালবাদী, ১ জন জোৱান শ্বহীদ
প্ৰতীকি ফটো
raj-saikia
Raj Saikia | Published: 20 Mar 2025 14:19 PM

ছত্তীশগড়ত নক্সাল বিৰোধী অভিযানত বৃহৎ সফলতা অৰ্জন কৰিছে নিৰাপত্তা বাহিনীয়ে । গংগালুৰ আৰক্ষী থানাৰ সমীপৰ বিজাপুৰ-দান্তেৱাড়া সীমান্তত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা । এই সংঘৰ্ষৰ সময়ত নিৰাপত্তা বাহিনীয়ে ২২ জন নক্সালবাদীক হত্যা কৰিছে । বিজাপুৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই তথ্য ।

বৃহস্পতিবাৰে গংগালুৰ থানাৰ সমীপৰ বিজাপুৰ-দান্তেৱাড়া সীমান্তৰ বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু তেওঁলোকক নিৰ্মূলৰ বাবে তালাচী অভিযান অব্যাহত ৰাখিছে ।

দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তত আৰক্ষী আৰু নক্সালবাদীৰ মাজত বৰ্তমানেও সংঘৰ্ষ চলি থকা বুলি জানিব পৰা গৈছে । নক্সালবাদীক দমনৰ বাবে বাহিনীটোৱে নক্সালবাদীৰ মূল এলেকাত প্ৰৱেশ কৰিছে । দুয়োফালৰ পৰা গুলীচালনা অব্যাহত আছে । ইফালে এই এনকাউণ্টাৰত এতিয়ালৈকে ২২ জন নক্সালবাদী নিহত হৈছে ।

পুৱা ৭ বজাৰ পৰা নক্সাল আৰু নিৰাপত্তাৰক্ষীৰ মাজত অবিৰতভাৱে গুলীচালনা চলি আছে । এনকাউণ্টাৰ স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে ২২ জন নক্সালবাদীৰ মৃতদেহৰ লগতে অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভঁৰাল । ইয়াৰ সমান্তৰালকৈ বিজাপুৰ ডি আৰ জিৰ এজন জোৱানো এই এনকাউণ্টাৰত শ্বহীদ হৈছে ।

বিজাপুৰত নক্সালবাদীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত ৰাজ্যখনৰ গৃহমন্ত্ৰী বিজয় শৰ্মাই কয় যে দান্তেৱাড়াৰ বিজাপুৰৰ গংগালুৰত পুৱাৰে পৰা এই এনকাউণ্টাৰ চলি আছে । গংগালুৰৰ পৰা উদ্ধাৰ হৈছে ২২ জন নক্সালবাদীৰ মৃতদেহ । নক্সালৰ এনকাউণ্টাৰত শ্বহীদ হ’ল এজন জোৱান । শ্বহীদ জোৱানজনৰ পৰিয়ালৰ সৈতে সমগ্ৰ ছত্তীশগড় চৰকাৰ থিয় দিছে ।

জোৱানসকলৰ শক্তিৰ বাবে এক বৃহৎ অভিযান সফল হৈছে। তেওঁ আৰু কয়, বিজাপুৰ নক্সালবাদৰ এক বৃহৎ অঞ্চল। ৰঙা সন্ত্ৰাসৰ পৰা মুক্ত হ’ব সমগ্ৰ বাষ্টাৰ, বিজাপুৰ। সমগ্ৰ বাষ্টাৰ, বিজাপুৰ এতিয়া সলনি হৈছে। তেওঁ আৰু কয় যে নক্সালবাদীৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই ।

এনকাউণ্টাৰ ছাইটৰ পৰা উদ্ধাৰ কৰা হৈছে এ কে ৪৭, এছ এল আৰৰ দৰে বৃহৎ অটোমেটিক ৰাইফল । এই অঞ্চলত সক্ৰিয় হৈ আছিল নক্সালবাদীৰ অন্যতম শীৰ্ষ নেতা পাপা ৰাও । জোৱানসকলে ৪০ৰ পৰা ৪৫জন নক্সালক ঘেৰাও কৰিছিল । নক্সালবাদীৰ পশ্চিম বাষ্টাৰ সংমণ্ডল সমিতি সক্ৰিয় আছিল ইয়াত । অৱশ্যে এই অঞ্চলটোক নক্সালবাদীৰ বিশ্ববিদ্যালয় বুলি কোৱা হয় ।

দৰাচলতে কংকেৰ-নাৰায়ণপুৰ সীমান্তৱৰ্তী অঞ্চলত নক্সালবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে এক যুটীয়া আৰক্ষী দলে তালাচী অভিযানত নামি পৰে । তালাচী অভিযানৰ সময়ত পুৱা কাংকেৰ-নাৰায়ণপুৰ সীমান্ত অঞ্চলত ডি আৰ জি/বি এছ এফৰ যুটীয়া আৰক্ষী দল আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ।

বিজাপুৰ অঞ্চলতো যোৱা মাহত এক অভিযান চলোৱা হৈছিল । এই অভিযান বিজাপুৰৰ ইন্দ্ৰাৱতী ৰাষ্ট্ৰীয় উদ্যান এলেকাত সংঘটিত হৈছিল । নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় । এই এনকাউণ্টাৰত ৩১ জন নক্সালবাদী নিহত হয় । এই অভিযানত দুজন নিৰাপত্তাৰক্ষী নিহত হৈছিল ।