১ এপ্ৰিলৰ পৰা প্ৰায় ৮০০ বিধ ঔষধৰ মূল্যবৃদ্ধিঃ তালিকাত আছে ডায়েবেটিছ, কৰ্কট, হৃদৰোগ আদি…
পুনৰ জনতাৰ ওপৰত মাধমাৰ। ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব প্ৰায় ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য। ইয়াৰ ভিতৰত কৰ্কট ৰোগ, হৃদৰোগ, মধুমেহ আদি ৰোগৰ ঔষধ অন্তৰ্ভুক্ত আছে।

পুনৰ জনতাৰ ওপৰত মাধমাৰ। আজি অৰ্থাৎ ১ এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব প্ৰায় ৮০০ দিন অত্যাৱশ্যকীয় ঔষধৰ মূল্য। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (NPPA) ই ১ এপ্ৰিলৰ পৰা কৰ্কট ৰোগ, মধুমেহ, হৃদৰোগ, এন্টিবায়টিকছ আদিৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঔষধৰ দাম ১.৭৪ শতাংশ পৰ্যন্ত বৃদ্ধি পাব।
ঔষধৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ চৰকাৰে বহু গুৰুত্বপূৰ্ণ ঔষধ মূল্য নিয়ন্ত্ৰণ তালিকাত অন্তৰ্ভুক্ত কৰিছে। চৰকাৰী তথ্য অনুসৰি এই পদক্ষেপে ৰোগীসকলক প্ৰতি বছৰে প্ৰায় ৩,৭৮৮ কোটি টকা সঞ্চয় কৰাত সহায় কৰে। কিন্তু এতিয়া এই নিয়ন্ত্ৰিত ঔষধৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
কিমান বৃদ্ধি পাব
জানিব পৰা মতে,কেন্সাৰ, ডায়েবেটিছ, হৃদৰোগ আৰু এন্টিবায়টিকৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ দাম ১.৭% পৰ্যন্ত বৃদ্ধি পাব পাৰে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে লোৱা এই সিদ্ধান্তই ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহক বহু পৰিমাণে সকাহ প্ৰদান কৰিব। কিয়নো উৎপাদনৰ ব্যয় বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ঠ সমস্যাৰ সন্মুখীন হৈছিল।
ইয়াৰ বিপৰীতে ঔষধৰ দাম বৃদ্ধি জনতাৰ বাবে এক ডাঙৰ মাধমাৰ। বস্তু-সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যেই জুৰুলা কৰিলে জনতাক। তেনেস্থলত ঔষধৰ দাম বৃদ্ধিয়ে আৰু অধিক সংকটত পেলাব।
কি দাম বৃদ্ধি কৰা হৈছে
এন পি পি এৰ তথ্য অনুসৰি মুদ্ৰাস্ফীতি ভিত্তিক মূল্য পুনৰীক্ষণৰ বাবে ঔষধৰ দাম বৃদ্ধি কৰা হৈছে। প্ৰতি বছৰে চৰকাৰে অত্যাৱশ্যকীয় ঔষধৰ দাম নিয়ন্ত্ৰণৰ বাবে সংশোধনী কৰে। এইবাৰ পাইকাৰী মূল্য সূচকাংক (WPI) বৃদ্ধিৰ বাবে ঔষধ কোম্পানীসমূহক মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিয়া হৈছে।
কিহৰ দাম বাঢ়িব
জানিব পৰা মতে, ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধ (NLEM)ৰ তালিকাত অন্তৰ্ভুক্ত ঔষধৰ দাম বৃদ্ধি পাব। ইয়াৰ ভিতৰত এন্টিবায়টিকছ,বিষৰ দৰৱ, হৃদৰোগ, ডায়েবেটিছ, ৰক্তচাপ আৰু কেন্সাৰ আদি অন্তৰ্ভুক্ত আছে। গতিকে এনে ৰোগীসকলৰ খৰচ চলিত মাহৰ পৰা আৰু অধিক বৃদ্ধি পাব।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ২০২৩ চনতো NPPA য়ে ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি কৰিছিল। শেহতীয়াকৈ NPPA য়ে লোৱা এই সিদ্ধান্তই প্ৰভাৱিত কৰিব বহুজনক। আজিৰ সময়ত বেছিভাগ লোক মধুমেহ, হৃদৰোগত আক্ৰান্ত হোৱা দেখা যায়। তথ্য অনুসৰি, ভাৰতত সৰ্বাধিক ডায়েবেটিছৰ ৰোগী আছে। ইয়াৰোপৰি দেশত কৰ্কট ৰোগ আৰু হৃদৰোগৰ সমস্যাই বৃদ্ধি পাইছে। যাৰ ফলত এই মূল্যবৃদ্ধিয়ে দৰিদ্ৰ তথা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ মূৰত এক ৰাম টাঙোন সোধাব।