প্ৰেমৰ সপ্তাহত OYO ই আনিছে এক ভাল খবৰ! বৃদ্ধি পাইছে ব্যৱসায়…
বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ। প্ৰেমিক-প্ৰেমিকাৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ প্ৰথম পচন্দ OYO । এই সকলোবোৰৰ বাবে প্ৰেমৰ সপ্তাহত oyo ই দিছে এক ভাল খবৰ।

প্ৰেমৰ বাবে কোনো বিশেষ দিন নাথাকে। কিন্তু ফেব্ৰুৱাৰী মানেই যেন প্ৰেমৰ মাহ। বৰ্তমান চলি আছে প্ৰেমৰ সপ্তাহ। যাৰ বাবে প্ৰতিদিনাই প্ৰেমিক- প্ৰেমিকাসকলে প্ৰেমৰ প্ৰতিটো দিন উদযাপন কৰিছে। কোনোবাই আপোনজনক যদি ৰঙা গোলাপ উপহাৰ দিছে, কোনোবাই আকৌ দিছে চকলেট, টেডী বিয়েৰ আদি। ইয়াৰ মাজতে একাংশই প্ৰস্তুতি চলাইছে ভেলেন্টাইন দে অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীলৈ। এই বিশেষ দিনটোত আপোনজনকনো কি উপহাৰ দিব, ক’লৈ যাব, কেনেকৈ উদযাপন কৰিব তাক লৈ কৰিছে বিভিন্ন পৰিকল্পনা।
ভেলেন্টাইন দেৰ সময়ত বিভিন্ন হোটেল, ভ্ৰমণস্থলী আদিৰ ভিৰ পৰিলক্ষিত হয়। সস্তীয়া কিন্তু সুবিধাদায়ক হোৱা বাবে এই সময়ত হওক বা অন্য সময়ত বহুতে OYO বাচনি কৰে। প্ৰেমিক-প্ৰেমিকাৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ প্ৰথম পচন্দ OYO। যাৰ বাবে কোম্পানীটোৰ ব্যৱসায় বহু পৰিমাণে বৃদ্ধি পাইছে।
শেহতীয়াকৈ OYO ই গঢ়িছে এক বিশেষ ৰেকৰ্ড। তথ্য অনুসৰি তৃতীয় ত্ৰৈমাসিকৰ প্ৰতিবেদন দাখিল কৰিছে OYOই। বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ বৃদ্ধি পাইছে। এই হোটেল ব্যৱসায়ী কোম্পানীটোৱে মুঠ ১৬৯৫ কোটি টকা উপাৰ্জন কৰিছে,য”ত ৰাজহ ৩১ শতাংশ বৃদ্ধি পাইছে। যোৱা বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত OYOৰ ৰাজহ আছিল প্ৰায় ১২০০ কোটি টকা।
কোম্পানীটোৰ সূত্ৰ অনুসৰি, মূল আয় বৃদ্ধিৰ বাবে কোম্পানীটোৰ EBITDA অৰ্থাৎ কৰৰ পূৰ্বৱৰ্তী আয়ো বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত কোম্পানীটোৰ কৰ পূৰ্ব আয় ২৫০ কোটি টকা আছিল। কৰৰ পাছত লাভ হয় ১৬৬ কোটি টকা।
বৰ্তমান সময়ত দেশত অন্যতম আগশাৰীৰ হোটেল বুকিং প্লেটফৰ্মত পৰিণত হৈছে OYO। প্ৰেমিক- প্ৰেমিকাৰ পৰা বৃদ্ধলৈকে সকলোৱে OYO পচন্দ কৰে। কিন্তু দেশৰ কিছুমান অঞ্চলত OYOৰ বেছিকৈ ব্যৱহাৰ কৰা হয়। জানিব পৰা মতে, দেশৰ ধৰ্মীয় স্থানসমূহত OYO ৰ ব্যৱহাৰ সৰ্বাধিক। এক সাক্ষাৎকাৰত সংস্থাটোৰ মুৰব্বী ৰিতেশ আগৰৱালাই কয় যে দেশৰ ধৰ্মীয় স্থানসমূহত সৰ্বাধিক OYO বুকিং হয়। ইয়াৰ বাবে শেহতীয়াকৈ দেশৰ ধৰ্মীয় স্থানসমূহৰ ওপৰত প্ৰায় ৫০০ খন হোটেল স্থাপন কৰা হৈছে।
কেৱল দেশতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যটন খণ্ডটো OYOই বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বাহিৰেও এই কোম্পানীয়ে বৰ্তমান আমেৰিকা, ব্ৰিটেইন, চীনকে ধৰি আন কেইবাখনো দেশত হোটেল স্থানান্তৰ কৰিছে।