Padma awards 2025: উত্তৰ-পূবৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ পদ্ম বঁটা
৭৬ সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মানীয় পদ্ম বঁটা ঘোষণা কৰে। এই অনুসৰি, উত্তৰ-পূৰ্বৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে ।
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিক সন্মান জনাই সন্মানীয় পদ্ম বঁটা ঘোষণা কৰে। এই অনুসৰি, উত্তৰ-পূবৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে । চৰকাৰী বিবৃতি অনুসৰি, শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৭টা পদ্মবিভূষণ, ১৯টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটাকে ধৰি ১৩৯টা পদ্ম বঁটাত অনুমোদন জনায়। ইয়াৰে ২৩ গৰাকী মহিলা আৰু এই তালিকাত বিদেশী/এন আৰ আই/পিআইঅ’/অ’চিআই শাখাৰ ১০জন আৰু মৰণোত্তৰভাৱে ১৩গৰাকী বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰা হৈছে।
উত্তৰ-পূৰ্বৰ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত আছে অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামী । ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা উল্লেখ্যযোগ্য অৱদানৰ বাবে নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান । ইয়াৰ সমান্তৰালভাৱে অসমৰ ৪ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। তেওঁলোকৰ ভিতৰত আছে অনিল কুমাৰ বড়ো (সাহিত্য আৰু শিক্ষা), গীতা উপাধ্যায় (সাহিত্য আৰু শিক্ষা), জয়নাচৰণ বাথাৰী (শিল্প), ৰেৱকান্ত মহন্ত (মুখা শিল্প) ।
একেদৰে ত্ৰিপুৰাৰ অৰুণোদয় সাহা(সাহিত্য আৰু শিক্ষা), মেঘালয়ৰ ডেভিড আৰ ছিয়েমলিয়েহ (সাহিত্য আৰু শিক্ষা),অৰুণাচল প্ৰদেশৰ জুমদে যোমগাম গামলিন (সমাজ সেৱা), নাগালেণ্ডৰ এল হেংথিং (কৃষি), ছিকিমৰ নৰেণ গুৰুং (শিল্প), মিজোৰামৰ ৰেন্থলেই লালৰাউনা (সাহিত্য আৰু শিক্ষা) আৰু মণিপুৰৰ থিয়ম সূৰ্যমুখী দেৱীলৈ (শিল্প) ২০২৫ বৰ্ষ পদ্ম বঁটা আগবঢ়োৱা হৈছে ।
উল্লেখ্য যে,পদ্ম বঁটা হৈছে দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান । এই সন্মান পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী তিনিটা শাখাত প্ৰদান কৰা হয় । শিল্প, সামাজিক, জনসংযোগ, বিজ্ঞান আৰু প্ৰযুক্তি, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানক স্বীকৃতি প্ৰদান কৰি এই বঁটা প্ৰদান কৰা হয় । প্ৰতিবছৰে গণৰাজ্য দিৱসৰ উপলক্ষে এই বঁটা প্ৰদান কৰা হয় ।