শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জম্মু-কাশ্মীৰৰ উধমপুৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, এজন জোৱান শ্বহীদ

পুনৰ জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ। উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলিছে এই সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত শ্বহীদ হৈছে এজন জোৱান। 

জম্মু-কাশ্মীৰৰ উধমপুৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, এজন জোৱান শ্বহীদ
উধমপুৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ
trishna-kalita
Trishna Kalita | Published: 24 Apr 2025 11:57 AM

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা অনুসন্ধান অভিযান অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে । সমগ্ৰ অঞ্চলটোত কেইবাটাও সেনাৰ দলে তীব্ৰ তালাচী অভিযান চলাই আছে। অনুসন্ধান অভিযান সহযোগত কৰিছে জম্মু আৰক্ষীয়ে। ইয়াৰ মাজতে পুনৰ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হৈছে মুখামুখি সংঘৰ্ষ। উধামপুৰৰ ডুড্ডু-বসন্তগড়ত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত চলিছে এই সংঘৰ্ষ। প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত শ্বহীদ হৈছে এজন জোৱান।

জম্মু আৰক্ষীৰ তথ্য অনুসৰি উধমপুৰৰ দুদ্দু-বসন্তগড় অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত বৰ্তমানো অব্যাহত আছে সংঘৰ্ষ। তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত অবিৰতভাৱে গুলীচালনা কৰিছে ভাৰতীয় সেনাই। এই সংঘৰ্ষত শ্বহীদ হৈছে এজন জোৱান। অনুমান মতে, সেনাই আৱদ্ধ হৈ ৰাখিছে দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীক। সূত্ৰৰ পৰা জানিব পৰা মতে, এই সন্ত্ৰাসবাদীৰ দলটোক ৰামনগৰ অঞ্চলত ট্ৰেক কৰা হৈছিল৷ এই ৩ জন পাকিস্তানী সন্ত্ৰাসবাদী হোৱা সন্দেহ।

এই সংঘৰ্ষত দুয়োফালৰ পৰা শুনা গৈছে বন্দুকৰ গুলীৰ শব্দ। উক্ত স্থান সেনাবাহিনীৰ লগত আছে বহু আৰক্ষী জোৱানো। পহলগাম আক্ৰমণৰ পিছৰে পৰা  এলাৰ্ট মোডত কাম কৰিছে ভাৰতীয় সেনাই। বিগত ২৪ ঘন্টাত সেনাৰ এয়া দ্বিতীয়টো এটেক । সেনাৰ সূত্ৰ অনুসৰি উপত্যকাটোত বৰ্তমান ১০০ৰো অধিক সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা দায়িত্ব পালন কৰিছে সেনাবাহিনীয়ে। বুধবাৰে (২৩ এপ্ৰিল) বাৰামুল্লাত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰে। ইয়াৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ সময়তে দুজন সন্ত্ৰাসবাদীক হত্যা কৰিছে নিৰাপত্তা বাহিনীয়ে । ইয়াৰ মাজতে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ পৰা দুটা এ কে ছিৰিজ ৰাইফল, চাইনিজ পিষ্টল আৰু ১০ কেজি আই ই ডিৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে। খবৰ পোৱা গৈছে যে এই সন্ত্ৰাসবাদীসকলে উপত্যকাটোত এক বৃহৎ ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল যদিও তাৰ আগতে সেনা জোৱানসকলে তেওঁলোকক হত্যা কৰে।