কাশ্মীৰত আবদ্ধ পৰ্যটকৰ বাবে বিমান ভাৰা বৃদ্ধি নকৰিবলৈ নিৰ্দেশ, ৬ ঘণ্টাত কাশ্মীৰ এৰিলে ৩৩৩৭ গৰাকী লোকে
"শ্ৰীনগৰৰ পৰা অহা পৰ্যটকৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছো । বিমান কোম্পানীসমূহক কোনো ধৰণৰ ভাড়া বৃদ্ধিৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে । ভাড়া নিৰীক্ষণ কৰা হৈছে আৰু যুক্তিসংগত স্তৰত ৰখা হৈছে ।" অসামৰিক বিমান পৰিবহন মন্ত্ৰীৰ ভাষ্য ।

শ্ৰীনগৰ বিমান বন্দৰ
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা প্ৰাণঘাতী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে নিশ্চিত কৰে যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সকলো বিমান পৰিচালকক বিমান ভাড়া বৃদ্ধি নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । মঙলবাৰে দিনৰ প্ৰায় ৩ বজাত সংঘটিত হোৱা এই আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হয় ।
নাইডুৱে কয়, “আমি শ্ৰীনগৰৰ পৰা অহা পৰ্যটকৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছো । বিমান কোম্পানীসমূহক কোনো ধৰণৰ ভাড়া বৃদ্ধিৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশনা দিয়া হৈছে । ভাড়া নিৰীক্ষণ কৰা হৈছে আৰু যুক্তিসংগত স্তৰত ৰখা হৈছে ।”
In the wake of the tragic terror attack, we are constantly making efforts to ensure safe travel of tourists from Srinagar. Strict instructions were given to Airline companies to avoid any fare surges, Fares are being monitored and kept at reasonable levels.
In addition to the… pic.twitter.com/jpxhvDDZl6
— Ram Mohan Naidu Kinjarapu (@RamMNK) April 23, 2025
মঙলবাৰৰ আক্ৰমণৰ পিছত বিমান ভাড়াৰ তীব্ৰ হাৰক লৈ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে মন্ত্ৰীগৰাকীয়ে এই নিৰ্দেশ দিয়ে । দিল্লী আৰু মুম্বাইৰ দৰে ডাঙৰ চহৰলৈ টিকটৰ দাম ভয়ংকৰভাৱে বৃদ্ধি পাইছিল । কিছুমান বিমানৰ ক্ষেত্ৰত ২০ হাজাৰ টকাৰো অধিক হৈছিল টিকটৰ দাম । বিমান পৰিচালকৰ অনলাইন পৰ্টেলসমূহে বিক্ৰী হোৱা অৱস্থা দেখুৱাইছিল বা সীমিত মূল্যত সীমিত উপলব্ধতা প্ৰদৰ্শন কৰিছিল ।
মন্ত্ৰী নাইডুৱে নিশ্চিত কৰে যে আৱদ্ধ পৰ্যটকসকলক উভতি অহাৰ সুবিধা প্ৰদানৰ বাবে অতিৰিক্ত বিমান নিয়োগ কৰা হৈছে । প্ৰথম অৱস্থাত চাৰিখন অতিৰিক্ত বিমান দিল্লীলৈ আৰু মুম্বাইলৈ দুখনকৈ বিমানৰ ব্যৱস্থা কৰিছিল মন্ত্ৰালয়ে । বুধবাৰে দিল্লীলৈ আৰু তিনিখন বিমান নিয়োগ কৰা হয় । এই বিমান তিনিখন হৈছে ইণ্ডিগ’ ৬ই ৩২০৩ (১৭:০০ বজাত যাত্ৰা, ১৮:০০ বজাত উপস্থিত), ইণ্ডিগ’ ৬ই ৩১০৩ (১৮:০০ বজাত যাত্ৰা, ১৯:৩০ বজাত উপস্থিত), আৰু ২২:৩০ বজাত যাত্ৰা কৰিবলগীয়া স্পাইচজেটৰ বিমান ।
মন্ত্ৰী নাইডুৱে কয়, “শ্ৰীনগৰৰ বাহিৰত চলি থকা সকলো বিমান সংস্থাই বাতিল আৰু পুনৰ নিৰ্ধাৰণৰ মাচুল ৰেহাই দিছে । তেওঁ কয় যে এইটো সংহতিৰ সময় । আমি প্ৰতিজন নাগৰিকৰ সৈতে থিয় দিম আৰু প্ৰয়োজনীয় সকলো সমৰ্থন নিশ্চিত কৰিম ।”
শ্ৰীনগৰ বিমানবন্দৰত যাত্ৰীবাহী বিমানৰ উৰণৰ বাবে সুবিধাসমূহ সম্প্ৰসাৰণ কৰা হৈছে । বুধবাৰে পুৱা ৬ বজাৰ পৰা দুপৰীয়াৰ ভিতৰত বিমানবন্দৰটোৱে মুঠ ৩,৩৩৭ জন যাত্ৰীৰ সৈতে ২০টা প্ৰস্থান কক্ষ চম্ভালিছিল বুলি নাইডুৱে জনায় । খাদ্য আৰু পানী বিতৰণ কৰা হৈছে । টাৰ্মিনেলৰ বাহিৰত অতিৰিক্ত তম্বু স্থাপন কৰা হৈছে যাতে ৰৈ থকা যাত্ৰীসকলৰ বাবে আৱৰণৰ ব্যৱস্থা কৰা হৈছে ।
বুধবাৰে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক পৰামৰ্শ জাৰি কৰি এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ’কে ধৰি সকলো বাণিজ্যিক বিমান সংস্থাক শ্ৰীনগৰৰ পৰা বিমানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বুকিং পৰিৱৰ্তনৰ ক্ষেত্ৰত জৰিমনা ৰেহাই দিবলৈ আহ্বান জনায় । পৰামৰ্শাৱলীত “পৰ্যটকৰ পৰা অপ্ৰত্যাশিত চাহিদা”ৰ কথা উল্লেখ কৰি “শ্ৰীনগৰৰ পৰা সমগ্ৰ ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ নিৰৱচ্ছিন্ন সংযোগ”ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
ডিজিচিএই লগতে কয় যে এই সংকটৰ সময়ত অভাৱনীয় পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰ্যটকসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়াবলৈও বিমান সংস্থাসমূহক অনুৰোধ কৰা হৈছে ।