Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং! প্ৰতিবাদী ভাষাৰে ক’লে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত

Pahalgam terror attack: পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে জোকাৰি গৈছে সমগ্ৰ বিশ্ব। এই ঘটনাৰ প্ৰতিবাদ কাশ্মীৰৰ বাতৰি কাকতসমূহেও কৰে। এই কাণ্ডৰ প্ৰতিবাদত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাটো ক'লা ৰঙেৰে প্ৰকাশ কৰে।

Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত কলা ৰং! প্ৰতিবাদী ভাষাৰে কলে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত

বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা

Published: 

23 Apr 2025 14:54 PM

কাশ্মীৰৰ কেইবাখনো বাতৰি কাকতে বুধবাৰে প্ৰথম পৃষ্ঠা ক’লা ৰঙেৰে ছপা কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। মঙলবাৰে পহলগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ ফলত প্ৰায় ২৬ জন পৰ্যটক নিহত হোৱাৰ লগতে বহু আহত হৈছে। এই কাণ্ডৰ বিৰোধিতা বিশ্বৰ বহু দেশে কৰিছে আৰু ভাৰতৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কেৱল ব্যক্তি বিশেষৰ মাজতে এই প্ৰতিবাদ সীমাবদ্ধ নাথাকি বাতৰি কাকত পৰ্যন্ত পাইছেগৈ।

আজি কাশ্মীৰৰ কেইবাখনো কাকতে ক’লা পৃষ্ঠাত বগা ৰঙৰ ডাঙৰ ডাঙৰ আখৰেৰে শক্তিশালী শিৰোনাম লিখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদৰ উদ্দেশ্য আছিল সংহতি আৰু শোকৰ এক শক্তিশালী ৰাজহুৱা প্ৰদৰ্শন, যি এই অমানৱীয় কাৰ্যক লৈ সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা দুখৰ প্ৰতীক আছিল। ইংৰাজী আৰু উৰ্দু ভাষাৰ বাতৰি কাকতসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত আছে- গ্ৰেটাৰ কাশ্মীৰ, ৰাইজিং কাশ্মীৰ, কাশ্মীৰ উমজা, অফটাব এণ্ড টাইমীল ইৰছাদ আদি।

গ্ৰেটাৰ কাশ্মীৰ নামৰ কাকতখনে ডাঙৰ ডাঙৰ আখৰেৰে “Gruesome: Kashmir Gutted, Kashmiris Grieving” (ভয়ংকৰ, কাশ্মীৰ ধংস, কাশ্মীৰত শোক) ক মূল শিৰোনামত ৰাখি সন্ত্ৰাসবাদীৰ আক্ৰমণত পহলগামত ২৬ জন নিহতৰ বিষয়টো উপ-শিৰোনামত ৰাখে। বাতৰি কাকতখনে সম্পাদকীয় শীৰ্ষত লিখে যে- “The massacre in the meadow – Protect Kashmir’s soul” (ঘাঁহনিৰ ডৰাত নৰহংসাৰ, কাশ্মীৰৰ আত্মাক ৰক্ষা কৰা)। ইয়াৰ লগতে ইয়াত জম্মু-কাশ্মীৰৰ ক’লা ছা পেলাই দিয়া হৈছে।

সম্পাদকীয়ত কোৱা হৈছে যে- এই জঘন্য কাণ্ড কেৱল নিৰ্দোষী লোকৰ ওপৰত কৰা আক্ৰমণ নহয়, বৰঞ্চ ইয়াৰ দ্বাৰা  পৰিচয় আৰু মূল্যবোধৰ ওপৰত ইচ্ছাকৃতভাৱে আঘাত কৰা হৈছে। কাশ্মীৰৰ আত্মাই এই ঘটনাক গৰিহনা দিছে আৰু ভুক্তভোগীসকলক জনাইছে গভীৰ সমবেদনা। দুখ প্ৰকাশ কৰি লেখাটোত কয়, যিসকলে সৌন্দৰ্যৰ সন্ধানত আহিছিল তেওঁলোকে বিচাৰি পালে নিৰাশা।

কাকতখনত কয় যে, সন্ত্ৰাসবাদীসকলে কেৱল য’ত পৰ্যটক বেছি থাকে বা য’ত পৰ্যটকসকলে খোজ কাঢ়ি থাকে তেনে অঞ্চলত আক্ৰমণ কৰে। গতিকে সন্ত্ৰাসবাদক  শিপাৰ পৰা উভালি পেলাবলৈ আহ্বান জনায় বাতৰি কাকতখনে। লগতে কয়, এনে ভয়ংকৰ ঘটনা আকৌ এবাৰ সংঘটিত হ’ব দিব নোৱাৰি।

লগতে কয়, কাশ্মীৰৰ লোকসকলে দীৰ্ঘ সময় ধৰি হিংসাক সহ্য কৰি আছিল, তথাপিও তেওঁলোকৰ মাজত উদ্যম আছে। এই আক্ৰমণৰ ফলত বিভাজন হ’ব নালাগে। ইয়াৰ বিপৰীতে আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে একগোট হৈ যুঁজিব লাগে। চৰকাৰ, নিৰাপত্তা ৰক্ষী, নাগৰিক সকলোকে ইয়াৰ বিৰিদ্ধে থিয় দিবলৈ আমি আহ্বান জনাইছো।

সম্পাদকীয়ত লগতে কোৱা হৈছে যে- আমি কেৱল দৃঢ় সংকল্পৰ মাধ্যমেৰে নিজৰ ভূমিৰ সুৰক্ষা কৰিব পাৰিম। আমি কেৱল একতাৰে এয়া সুনিশ্চিত কৰিব পাৰিম যে পেহলগামত গুলীৰ শব্দ নহয়, হাঁহিৰ শব্দ শুনা যাব। কাশ্মীৰ শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক হওক।

 

 

অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ, তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে ৩ জনৰ নাম…

Related Stories
ভাৰতৰ কূটনৈতিক প্ৰতিশোধত শংকিত পাকিস্তান, পহলগামৰ ‘নৰসংহাৰ’ৰ পাচত কঠোৰ স্থিতি ভাৰতৰ
সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱা পহলগামৰ পৰা অমৰনাথ গুহাৰ দূৰত্ব কিমান? কিদৰে, কেইটা পথেৰে পাবগৈ পাৰি অমৰনাথ গুহা?
পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰতৰ, সিন্ধু জল চুক্তি বাতিল, কি এই চুক্তি জানি লওক বিতংভাৱে
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠক
অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হ’ল সিন্ধু জল চুক্তি , পাকিস্তানৰ বিৰুদ্ধে ভাৰতে লোৱা পাঁচটা ডাঙৰ সিদ্ধান্ত কি ? চাওক
সন্ত্ৰাসবাদীৰ আক্ৰমণ দেখি আওঁৰাইছিল কলিমা, মৃত্যুৰ দুৱাৰ দলিৰ পৰা প্ৰাণ লৈ উভতিল অসমৰ এগৰাকী অধ্যাপকৰ পৰিয়াল
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত ডায়েৰিয়া বা পেট বেয়া হ'লে কি কৰিব? জানক
দুদিনীয়া কাৰ্যসূচীৰে তৃতীয়টো ভ্ৰমণ, চৌদি আৰৱত প্ৰবাসী ভাৰতীয় সকলে উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীক...