‘শাস্তি সকলোৱে ভোগ কৰিব লাগিব’….সন্ত্ৰাসবাদীৰ পৰা পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰি কাশ্মীৰী চালকে ক’লে এইদৰে…
ভাইৰেল হৈ থকা ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকৰ মাজত এগৰাকী মহিলাই চালক আদিলক প্ৰশংসা কৰা দেখা গৈছে। মহিলাগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদিলে পৰিয়ালটোক কেনেদৰে সহায় কৰিছিল সেই কথা জানিবলৈ দিয়ে।তেওঁ কেৱল পৰিয়ালটোক নিজৰ ঘৰত আশ্ৰয় দিয়াই নহয়, খাদ্যৰ ব্যৱস্থাও কৰি তেওঁলোকৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছিল।

কাশ্মীৰী চালক আদিল
মঙলবাৰে কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্ব জোঁকাৰি গৈছে। সেই ঘটনাই কেৱল একাংশ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা নহয়, শান্তি বিচৰা প্ৰতিজন কাশ্মীৰীৰ হৃদয়ত গভীৰ আঘাত কৰিছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত অচিনাকি পৰিয়ালৰ জীৱন ৰক্ষা কৰা কাশ্মীৰী চালক আদিলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কেমেৰাত নিজৰ দুখ প্ৰকাশ কৰি আদিলে কয়, “এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি আমি সকলোৱে ভোগ কৰিব লাগিব।” এই ভিডিঅ’টোৰ ওপৰত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে।
ভাইৰেল হৈ থকা ভিডিঅ’টোত মহাৰাষ্ট্ৰৰ পৰা অহা পৰ্যটকৰ মাজত এগৰাকী মহিলাই চালক আদিলক প্ৰশংসা কৰা দেখা গৈছে। মহিলাগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত আদিলে পৰিয়ালটোক কেনেদৰে সহায় কৰিছিল সেই কথা জানিবলৈ দিয়ে।তেওঁ কেৱল পৰিয়ালটোক নিজৰ ঘৰত আশ্ৰয় দিয়াই নহয়, খাদ্যৰ ব্যৱস্থাও কৰি তেওঁলোকৰ সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছিল।
‘এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি সকলোৱে ভোগ কৰিব লাগিব’।
ইয়াৰ পিছত আদিলে নিজৰ দুখ প্ৰকাশ কৰি কয়, “এই আক্ৰমণৰ বাবে সমগ্ৰ কাশ্মীৰৰ অৰ্থনীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। ৰাজপথত বিক্ৰেতাৰ পৰা হোটেলৰ মালিকলৈকে সকলো ক্ষতিগ্ৰস্ত হ’ব।’ তেওঁ আৰু কয়, ‘এয়া মানৱতাৰ হত্যা। নিৰীহ শিশুসকল পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ আহিছিল। তেওঁলোকে কেনেকৈ গ’ম পাব যে এনেকুৱা হ’ব? এজন ব্যক্তিয়ে ভুল কৰিলে, কিন্তু শাস্তি সকলোৱে ভোগ কৰিব লাগিব।”
#Pahalgam : “Ghalti ek ne kari saza sab ko bhugatni padegi” says Cab driver Adil who sheltered a group of stranded tourists from Maharashtra in his house and provided them with food and safety further ensuring their safety till help arrives. pic.twitter.com/fVFYz0ITq0
— Saba Khan (@ItsKhan_Saba) April 23, 2025
এই ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ইউজাৰে লিখিছে, “এইজন কেব চালক আদিল, যিয়ে মহাৰাষ্ট্ৰৰ পৰা অহা এটা পৰিয়ালক নিজৰ ঘৰত আশ্ৰয় দি আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰি জীৱন ৰক্ষা কৰিছিল। স্পষ্টভাৱে পাকিস্তানী সন্ত্ৰাসবাদীৰ জঘন্য কাণ্ডৰ বাবে কাশ্মীৰীৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে। এই পোষ্টটোত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। কেৱল সন্ত্ৰাসবাদী নিৰ্মূলৰ কৰাই নহয়, পহলগামত ২৮ জন নিৰীহ লোকৰ মৃত্যুৰ বাবে দায়ী প্ৰতিজন ব্যক্তিৰ পৰা প্ৰতিশোধ ল’বলৈও মোদী চৰকাৰক অনুৰোধ জনাইছে সকলোৱে।
উল্লেখ্য যে, ২০২৪ চনত কাশ্মীৰৰ পৰ্যটন উদ্যোগৰ মূল্য আছিল ১২ হাজাৰ কোটি টকা।ৰাজ্যখনৰ মুঠ অৰ্থনীতিৰ ৮ শতাংশ অংশই পৰ্যটনৰ পৰা অহা। এনে পৰিস্থিতিত ইয়াৰ বহু লোকৰ জীৱিকা নির্ভৰ কৰে পৰ্যটকৰ ওপৰত৷ কিন্তু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণে তেওঁলোকৰ জীৱিকা বিপদত পেলাইছে।