পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ভাৰতৰ, সিন্ধু জল চুক্তি বাতিল, কি এই চুক্তি জানি লওক বিতংভাৱে
ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা সিন্ধু নদী আৰু ইয়াৰ উপনৈ ছুটলেজ, ব্যাস, ৰবি, ঝিলাম আৰু চেনাৱৰ পানী ভাগ-বাটোৱাৰা কৰাৰ চুক্তিক সিন্ধু জল চুক্তি বুলি কোৱা হয় । এই চুক্তিখন ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত হৈছিল ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ ক্ষোভৰ প্ৰভাৱ দেখা গৈছে ভাৰতৰ । এই কাপুৰুষালিৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে ভাৰতে । ইয়াৰ বাবে ভাৰত চৰকাৰে বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আছে সিন্ধু জল চুক্তিও অন্তৰ্ভুক্ত । ভাৰত চৰকাৰে ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধুকে ধৰি পাঁচখন নদীৰ পানী ভাগ-বাটোৱাৰা কৰাৰ এই চুক্তি বাতিল কৰিছে ।
মঙলবাৰে কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকক লক্ষ্য কৰি নৃশংস আক্ৰমণ চলায় । ইয়াৰ ফলত ২৬ জন লোক নিহত হোৱাৰ লগতে বহু আহত হয় । এই আক্ৰমণৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে চৌদি ভ্ৰমণ আধাতে সামৰি দেশলৈ উভতি আহে । বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত চিচিএছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

সিন্ধু অৱবাহিকা
ইয়াৰ মাজতে পাকিস্তানক পাঠ শিকাবলৈ সিন্ধু জল চুক্তি বাতিল কৰা হয় । ইয়াৰ উপৰিও আট্টাৰী-ৱাঘা সীমান্ত চেক প’ষ্ট বন্ধ কৰাৰ সিদ্ধান্তও লোৱা হয় । পাকিস্তান উচ্চায়ুক্তৰ পৰা ৫ জন সহায়ক কৰ্মচাৰী আঁতৰাই ভাৰতৰ-পাক উচ্চায়ুক্ত বন্ধ কৰাৰ সিদ্ধান্তৰ সমান্তৰালকৈ তিনিওটা সেনা বাহিনীকে সতৰ্ক কৰি দিয়া হৈছে ।
সিন্ধু জল চুক্তি কি
ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ যোৱা সিন্ধু নদী আৰু ইয়াৰ উপনৈ ছুটলেজ, ব্যাস, ৰবি, ঝিলাম আৰু চেনাৱৰ পানী ভাগ-বাটোৱাৰা কৰাৰ চুক্তিক সিন্ধু জল চুক্তি বুলি কোৱা হয় । এই চুক্তিখন ১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত হৈছিল । এই সন্দৰ্ভত পাকিস্তানৰ তেতিয়াৰ ফিল্ড মাৰ্শ্বাল আয়ুব খান আৰু ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু একমত হৈছিল । ইয়াৰ অধীনত ভাৰতে পূবৰ ব্যাস, ৰবি আৰু ছুটলেজ নদীৰ পানী ব্যৱহাৰ কৰাৰ বিপৰীতে পশ্চিমৰ চেনাব, সিন্ধু আৰু ঝিলাম নদীৰ পানী পাকিস্তানৰ বাবে আৱণ্টন দিয়া হয় । কিন্তু সামগ্ৰিক ছবিখন চালে এই সন্ধিৰ অধীনত ভাৰতে ছয়খন নদীৰ মাত্ৰ ২০ শতাংশ পানীহে পায়, আনহাতে পাকিস্তানে ৮০ শতাংশ পানী ব্যৱহাৰ কৰে । সন্ধিৰ সময়তে দুয়োখন দেশৰ মাজত এখন স্থায়ী সিন্ধু আয়োগো গঠন কৰা হৈছিল, যিখন আয়োগ প্ৰতি বছৰে বৈঠকত মিলিত হয় ।

সিন্ধু জল চুক্তি স্বাক্ষৰ কৰা মুহূৰ্তত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ তদানীন্তন ফিল্ড মাৰ্শ্বাল আয়ুব খান (ফাইল ফটো)
শেহতীয়াকৈ পাকিস্তানে প্ৰশ্ন উত্থাপন কৰিছিল
চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানে সিন্ধু জল চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । কিষাণগংগা জলবিদ্যুৎ প্ৰকল্পৰ বাবে ভাৰতে সিন্ধু জল চুক্তি উলংঘা কৰা বুলি দাবী কৰিছিল পাকিস্তানে । ইয়াৰ উপৰিও পাকিস্তানে ৰেটল জলবিদ্যুৎ প্ৰকল্পৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিশ্ব বেংকক নিৰপেক্ষ বিশেষজ্ঞ নিযুক্তি দিবলৈ দাবী জনাইছিল । ভাৰতে ইয়াৰ বিৰোধিতা কৰিছিল ।
প্ৰথমবাৰৰ বাবে ভংগ হ’ল চুক্তি
১৯৬০ চনৰ পৰা ভাৰত আৰু পাকিস্তানৰ মাজত বহু যুদ্ধ চলি আহিছে যদিও ভাৰতে এই চুক্তি কেতিয়াও ভংগ কৰা নাছিল । আচলতে সন্ধিৰ সময়ত নিয়ম আছিল যে দুয়োখন দেশেই একেলগেহে এই সন্ধিৰ পৰিৱৰ্তন কৰিব পাৰিব । কিন্তু ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এনে প্ৰশ্ন উত্থাপন হৈছে যে চুক্তিখন বাতিল কৰিব লাগে । এতিয়া পহলগাম আক্ৰমণৰ পিছত ভাৰতে এই কাম কৰিছে ।

সিন্ধু উপত্যকা
এতিয়া পাকিস্তানৰ কি হ’ব ?
সিন্ধু জল চুক্তি ভংগৰ পিছত পাকিস্তানে প্ৰতিটো টোপাল পানীৰ বাবে হাহাকাৰ কৰিব লাগিব । এই কথা বিতংভাৱে বুজিবলৈ হ’লে আমি ইতিহাসৰ মাজলৈ উভতি যাব লাগিব । দৰাচলতে স্বাধীনতাৰ পিছত ১৯৪৮ চনত ভাৰতে নিজৰ দুটা ডাঙৰ খালৰ পানী বন্ধ কৰি দিছিল । ইয়াৰ বাবেই পাকিস্তানৰ পঞ্জাৱৰ ১৭ লাখ একৰ মাটি পানীৰ অভাৱত মৰুভূমি সদৃশ হৈ পৰিছিল । ইয়াৰ পিছত বিশ্ব বেংকে মধ্যস্থতা কৰি দুয়োখন দেশৰ মাজত সিন্ধু জল চুক্তি সম্পন্ন কৰাইছিল । এতিয়া ভাৰতৰ এই সিদ্ধান্তৰ পাছত পাকিস্তানে হয়তো আকৌ এবাৰ ভয়াৱহ জল সংকটৰ সন্মুখীন হ’ব লাগিব ৷ অৱশ্যে তাৰ পিছত ইয়াৰ বাবে বিশ্ব বেংকত আবেদন কৰাৰ অধিকাৰ থাকিব ।