দুজনীয়া গোটত বিভক্ত প্ৰায় ৬-৭ টা সন্ত্ৰাসবাদী, হাতত অত্যাধুনিক মাৰণাস্ত্ৰ, সুধিছিল ধৰ্ম কি? পহলগামত নৰসংহাৰ
এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা একাংশ পৰ্যটকে সংবাদ মাধ্যমৰ আগত কয় যে সন্ত্ৰাসবাদীয়ে প্ৰথমে তেওঁলোকৰ ধৰ্ম সুধিছিল আৰু তাৰ পিছত গুলী চলাবলৈ আৰম্ভ কৰিছিল ।

জম্মু-কাশ্মীৰৰ পৰ্যটনস্থলী পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য । সূত্ৰ অনুসৰি এই আক্ৰমণ ৬ৰ পৰা ৭ টা সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল, ২জনীয়া গোটত বিভক্ত হৈ বিভিন্ন স্থানত সক্ৰিয় হৈ আছিল সন্ত্ৰাসবাদীকেইটা । পৰ্যটকক আক্ৰমণ কৰা সন্ত্ৰাসবাদী কেইটা অত্যাধুনিক স্বয়ংক্ৰিয় অস্ত্ৰৰে সজ্জিত আছিল । এই আক্ৰমণত ৩০ জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । আনহাতে বহু লোক আহত হোৱাৰ তথ্যও পোৱা গৈছে । মৃত ১৬ জন আৰু আহত ১০ জনৰ নামৰ তালিকা স্থানীয় প্ৰশাসনে প্ৰকাশ কৰিছে ।
আক্ৰমণৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ব্যাপক তালাচী অভিযান চলাই আছে । সন্ত্ৰাসবাদীৰ সন্ধানত ব্যস্ত সেনা, চি আৰ পি এফ আৰু স্থানীয় আৰক্ষী । সমগ্ৰ অঞ্চলটোত তালাচী চলোৱা হৈছে । সমগ্ৰ পহলগামত বাহিৰৰ লোকৰ প্ৰৱেশ আপাততঃ নিষিদ্ধ কৰা হৈছে । প্ৰতিটো কোণত মোতায়েন কৰা হৈছে আৰক্ষী আৰু নিৰাপত্তাৰক্ষী ।
শ্ৰীনগৰত উপস্থিত হৈছে অমিত শ্বাহ
এই আক্ৰমণৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাকে ধৰি বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । বুধবাৰে শ্বাহে ঘটনাস্থলী পৰিভ্ৰমণ কৰিব পাৰে । জম্মু-কাশ্মীৰৰ লেঃ গৱৰ্ণৰ মনোজ সিনহাও দিল্লীত আছিল, তেৱোঁ শ্বাহৰ সৈতে শ্ৰীনগৰত উপস্থিত হয়গৈ । বুধবাৰে NIAৰ দলে সেই স্থানত উপস্থিত হৈ আক্ৰমণৰ সৈতে জড়িত প্ৰমাণ সংগ্ৰহ কৰিব ।
এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত হোটেলত ৰেইকি কৰা হৈছিল
নিৰাপত্তা সংস্থাৰ সূত্ৰৰ উদ্ধৃতি দি এইটোও দাবী কৰা হৈছে যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনে কাশ্মীৰৰ কিছুমান পৰ্যটন স্থানত, বিশেষকৈ হোটেলত খোচ-খবৰ কৰিছিল । কাশ্মীৰৰ এই পৰ্যটন স্থানসমূহত পহলগামৰ কিছুমান হোটেলকো অন্তৰ্ভুক্ত কৰা হৈছিল । এই ঘটনাৰ আঁৰত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা থাকিব পাৰে বুলি নিৰাপত্তা সংস্থাই সন্দেহ প্ৰকাশ কৰিছে । ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত খোচ-খবৰ কৰা হৈছিল । কেন্দ্ৰীয় সংস্থাসমূহৰ সূত্ৰ অনুসৰি তিনিটাতকৈ অধিক সন্ত্ৰাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে ।
ধৰ্ম সোধাৰ পিছত গুলীচালনা
সংবাদ মাধ্যমৰ আগত এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা একাংশ পৰ্যটকে কয় যে সন্ত্ৰাসবাদীয়ে প্ৰথমে তেওঁলোকৰ ধৰ্ম সুধিছিল আৰু তাৰ পিছত গুলী চলাবলৈ আৰম্ভ কৰিছিল । পৰ্যটকসকলে জনোৱা মতে, সকলোৱে এখন পাৰ্কত গোট খাইছিল, য’ত প্ৰৱেশ কৰিবলৈ চাৰি ফুট বহল দুৱাৰ আছিল । আক্ৰমণৰ সময়ত যেতিয়া মানুহে গুলীৰ শব্দ শুনিলে তেতিয়া বিশৃংখলতাৰ সৃষ্টি হয় । ইয়াৰ পিছত কিছুমান মানুহ হাবিৰ ফালে দৌৰি গ’ল আৰু কিছুমান মানুহ কেনেবাকৈ ওলাই আহিল । পিছলৈ ঘূৰি চাবলৈ কাৰো সাহস নাছিল ।