পহলগাম আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীক চিনাক্ত, কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা উভতি আহিছিল কাশ্মীৰলৈ
পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুটা সন্ত্ৰাসবাদী আছিল কাশ্মীৰৰ স্থানীয় বাসিন্দা । বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । এই আক্ৰমণৰ তদন্তৰ দায়িত্ব এনআইএই লোৱাৰ সম্ভাৱনা আছে ।

জম্মু-কাশ্মীৰৰ পহলগামৰ সমীপৰ এখন উদ্যানত কমেও ২৫ জন পৰ্যটক আৰু উপত্যকাটোৰ এজন স্থানীয় বাসিন্দাক গুলীয়াই হত্যা কৰাৰ এদিন পিছত এটা আক্ৰমণকাৰীক স্থানীয় অভাৰগ্ৰাউণ্ড কৰ্মী আদিল বুলি চিনাক্ত কৰা হৈছে । যি শেহতীয়াকৈ পাকিস্তানৰ পৰা উভতি আহিছিল আৰু স্থানীয় লোকে তেওঁক দেখা পাইছিল বুলি বুধবাৰে কেন্দ্ৰীয় সংস্থাৰ এক সূত্ৰই প্ৰকাশ কৰিছে ।
আন এটা স্থানীয় আক্ৰমণকাৰীকো চিনাক্ত কৰা হৈছে যদিও কেন্দ্ৰীয় সংস্থাসমূহে স্থানীয় আৰক্ষীৰ সহায়ত আৰু কিছু স্পষ্টতা লাভ কৰাৰ চেষ্টা কৰিছে বুলি সূত্ৰটোৱে লগতে কয় ।
ইফালে বুধবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ জ্যেষ্ঠ বিষয়াৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । ২৬/১১ৰ মুম্বাই আক্ৰমণৰ পিছত দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত হোৱা আটাইতকৈ মাৰাত্মক সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্ত স্থানীয় আৰক্ষীৰ পৰা এফআইআৰ পঞ্জীয়নৰ পিছত এনআইএই লোৱাৰ সম্ভাৱনা আছে ।
‘‘এজন আই জি ৰেংক বিষয়াৰ নেতৃত্বত এন আই এৰ জ্যেষ্ঠ বিষয়াৰ এটা দল পহলগামত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰিব । প্ৰথমতে তেওঁলোকক স্থানীয় আৰক্ষীক সহায় আগবঢ়াবলৈ কোৱা হৈছে আৰু সকলো সাক্ষীৰ বক্তব্য পৰীক্ষা কৰিবলৈ কোৱা হৈছে ।’’ সূত্ৰটোৱে কয় ।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ছদ্মবেশী সাজ-পোছাক আৰু কুৰ্তা-পাইজামা পিন্ধি কমেও চাৰিজন সন্ত্ৰাসবাদীয়ে বৈছাৰণৰ উদ্যানলৈ আহি আমেৰিকাত নিৰ্মিত এম ৪ কাৰ্বাইন এছল্ট ৰাইফল আৰু এ কে-৪৭ বন্দুকেৰে গুলীচালনা কৰে । মঙলবাৰে সন্ধিয়ালৈকে ঘটনাস্থলীৰ পৰা প্ৰায় ৫০-৭০টা খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে ।
সূত্ৰটোৱে জনোৱা মতে, দুটা সন্ত্ৰাসবাদীয়ে এম ৪ কাৰবাইন এছল্ট ৰাইফল কঢ়িয়াই অনাৰ বিপৰীতে বাকী দুটাই এ কে ৪৭ লৈ আহিছিল । সূত্ৰটোৱে জনোৱা মতে, “উদ্যানত উপস্থিত হোৱাৰ পিছত সন্ত্ৰাসবাদীয়ে প্ৰথমে বন্দুকৰ গুলী ফুটাই পৰ্যটকক পণবন্দী কৰি ৰাখিছিল আৰু তাৰ পিছত সকলো মহিলা আৰু শিশুক আঁতৰি যাবলৈ কয় । পৰিচয়ৰ বিষয়ে সোধা-পোছা কৰি ওচৰৰ পৰা গুলীচালনা কৰে পৰ্যটকৰ ওপৰত । তাৰপিছত নিৰ্বিচাৰে গুলীচালনা কৰি আঁতৰি যায় ।”