পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতিছে প্ৰধানমন্ত্ৰী মোদী
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ উভতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰত উপস্থিত হোৱাৰ লগে লগে নিৰাপত্তা সংস্থাৰ সৈতে চলিছে ধাৰাবাহিক বৈঠক। এই আক্ৰমণত ৩০ জন লোকৰ মৃত্যুৰ আশংকা হৈছে। ১৬ জন নিহত আৰু ১০ জন আহত চিনাক্ত কৰিছে স্থানীয় প্ৰশাসনে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত চৌদি আৰৱ ভ্ৰমণৰ সময় হ্ৰাস কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰৰ সূত্ৰ অনুসৰি চৌদি আৰবে আয়োজন কৰা ৰাতিৰ আহাৰতো উপস্থিত নাছিল প্ৰধানমন্ত্ৰী মোদীয়ে। সূত্ৰ অনুসৰি ভ্ৰমণ সামৰি আজি দিল্লীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। আনুষ্ঠানিকভাৱে বুধবাৰে নিশা প্ৰধানমন্ত্ৰী মোদী ঘূৰি অহাৰ কথা আছিল যদিও এতিয়া বুধবাৰে পুৱাতে তেওঁ দিল্লীত উপস্থিত হৈছে।
Prime Minister Narendra Modi lands in Delhi after cutting short his Saudi Arabia visit in view of the #PahalgamTerroristAttack in Kashmir pic.twitter.com/PzrUvr7ib5
— ANI (@ANI) April 23, 2025
অনুমান কৰা হৈছে যে প্ৰধানমন্ত্ৰী ভাৰতলৈ উভতি অহাৰ লগে লগে বুধবাৰে পুৱা কেবিনেট নিৰাপত্তা সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে। এই বৈঠকত পৰৱৰ্তী পদক্ষেপ হ’ব সেয়া সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। ইয়াৰ পিছত চিডিএছ আৰু তিনি সেনাৰ মুৰব্বীৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত বুধবাৰে গোটেই দিনটো চলি থাকিব বৈঠক ।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত দুডজনৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত ১৬ জন মৃত লোকৰ তালিকা প্ৰকাশ কৰিছে প্ৰশাসনে । ইয়াৰ উপৰিও ১০ জন আহতকো চিনাক্ত কৰা হৈছে, যিসকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা ঠাইখন চহৰৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ দূৰত্বত। য’ত সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছিল পৰ্যটকসকল।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীস্থিত নিজৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ পিছত তেওঁ লগে লগে শ্ৰীনগৰলৈ ৰাওনা হয়। শ্ৰীনগৰ পোৱাৰ লগে লগে শ্বাহে নিৰাপত্তা সংস্থাৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। অনুমান কৰা হৈছে যে বুধবাৰে পুৱা শ্বাহে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰিব। এই সময়ছোৱাত তেওঁ ঘটনাত আহতসকলকো সাক্ষাৎ কৰিব পাৰে।
ইফালে আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “কাশ্মীৰৰ পৰা অতি চিন্তাজনক খবৰ পোহৰলৈ আহিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে দৃঢ়তাৰে থিয় হৈ আছে আমেৰিকা। নিহতসকলৰ আত্মাৰ শান্তি আৰু আহতসকলৰ আৰোগ্যৰ বাবে আমি প্ৰাৰ্থনা কৰিছো। প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ অবিশ্বাস্য জনসাধাৰণৰ আমাৰ পূৰ্ণ সমৰ্থন আৰু গভীৰ সহানুভূতি আছে। আমাৰ সমবেদনা আপোনালোক সকলোৰে লগত আছে।”
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত শোক প্ৰকাশ কৰে। পুটিনে কয়, “সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতীয় অংশীদাৰসকলৰ সৈতে সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দোহাৰিছোঁ।”