Pahalgam Terror Attack : সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ দাবী বিৰোধীৰ, প্ৰধানমন্ত্ৰীলৈ পত্ৰ ৰাহুল-মল্লিকাৰ্জুন খৰ্গেৰ
পহলগাম আক্ৰমণকলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক দাবী জনাইছে বিৰোধীয়ে । এইলৈ ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাহু গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেয়ে ।

ৰাহুল গান্ধী-মল্লিকাৰ্জুন খৰ্গে
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰৰ জৰিয়তে পহলগাম আক্ৰমণকলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ প্ৰধানমন্ত্ৰীক দাবী জনাইছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেয়ে ।
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই পত্ৰখন এক্সত শ্বেয়াৰ কৰি লিখিছে, “সংসদৰ দুয়োটা সদনৰ বিশেষ অধিৱেশন অতি সোনকালে আহ্বান কৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী মোডীলৈ মোৰ পত্ৰ। এই গুৰুত্বপূৰ্ণ সময়ত ভাৰতে দেখুৱাব লাগিব যে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে সদায় একত্ৰিত হৈ থিয় দিছো।”
ৰাহুল গান্ধীয়ে চিঠিখনত কয়, “পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণে প্ৰতিজন ভাৰতীয়ক ক্ষুব্ধ কৰি তুলিছে। এই সময়ত ভাৰতে দেখুৱাব লাগে যে, আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিছো। বিৰোধীয়ে অনুভৱ কৰিছে যে, সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা উচিত। য’ত জনপ্ৰতিনিধিয়ে নিজৰ ঐক্য আৰু সংকল্প দেখুৱাব পাৰে।”
My letter to PM Modi requesting a special session of both houses of Parliament to be convened at the earliest.
At this critical time, India must show that we always stand together against terrorism. pic.twitter.com/7AIXGqBqTl
— Rahul Gandhi (@RahulGandhi) April 29, 2025
একেদৰে ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি সংসদৰ দুয়োখন সদনৰ বিশেষ অধিৱেশন অতি সোনকালে আহ্বান কৰিবলৈ অনুৰোধ জনাইছে।
My letter to @PMOIndia, Shri @narendramodi, on convening a special session of both houses of the Parliament at the earliest.
“At this moment, when unity and solidarity is essential, Opposition believes that it is important to convene a special session of both houses of… pic.twitter.com/DPsGhAPJhr
— Mallikarjun Kharge (@kharge) April 29, 2025
ইয়াৰ পূৰ্বে পহলগাম আক্ৰমণৰ পিছত সোমবাৰে জম্মু-কাশ্মীৰত সদনৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল। য’ত মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু এই ঘটনাক লৈ শোক প্ৰকাশ কৰা হয়। ইয়াৰ সমান্তৰালকৈ সন্ত্ৰাসবাদৰ সৈতে কেনেদৰে মোকাবিলা কৰিব সেই বিষয়তো আলোচনা কৰা হয়।
২২ এপ্ৰিলত পহলগামত ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিলে। এই আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱালে । বেছি সংখ্যক আছিল পৰ্যটক । এই আক্ৰমণক পুলৱামা আক্ৰমণৰ পিছত আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি বিবেচিত হৈছে। ভাৰতেও সন্ত্ৰাসবাদৰ মোকাবিলা কৰিবলৈ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অধীনত সিন্ধু জল সন্ধি স্থগিত ৰখাৰ লগতে পাকিস্তানীৰ ভিছাও বাতিল কৰা হৈছে।