কলিমা নহয়, ভেলপুৰী আৰু ৰোগন জোশে পহলগামত প্ৰাণ বচালে ১৩ গৰাকী পৰ্যটকৰ

পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ২৬ গৰাকীয়ে । কলমা পঢ়িব নজনাৰ বাবেই তেওঁলোকক হত্যা কৰে সন্ত্ৰাসবাদীয়ে । অসমৰ এজন অধ্যাপকে কলমা পঢ়ি প্ৰাণ বচালে । কিন্তু আন ৪১ গৰাকীৰ প্ৰাণ বচালে ভাগ্যই । জানক কেনেকৈ-

কলিমা নহয়, ভেলপুৰী আৰু ৰোগন জোশে পহলগামত প্ৰাণ বচালে ১৩ গৰাকী পৰ্যটকৰ

পহলগামত সেনাৰ অভিযান

Published: 

24 Apr 2025 21:05 PM

“ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন ।” বহু ক্ষেত্ৰত সত্য প্ৰমাণিত হয় এই প্ৰবচন । পহলগামতো তেনেকুৱাই হ’ল । বিভিন্ন কাৰণত মঙলবাৰৰ দিনটোত ৪১ গৰাকী পৰ্যটক বৈছাৰণ উপত্যকাত উপস্থিত হ’ব পৰা নাছিল । ঠিক তেনেকৈয়ে একেটা পৰিয়ালৰ ১১ জন সদস্যৰ জীৱন ৰক্ষা কৰিলে এক ‘দৈব্য যোগ’ত । গোটেই পৰিয়ালটো একেলগে কাশ্মীৰ ভ্ৰমণলৈ গৈছিল । ১৯ তাৰিখে কাশ্মীৰত উপস্থিত হৈ গুলমাৰ্গ আৰু সোণমাৰ্গ ভ্ৰমণ কৰি ২২ তাৰিখে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ সময়ত পহলগান আছিল তেওঁলোক । বৈছাৰণ উপত্যকাত ওপৰলৈ ঠিক উঠিব আৰু, তাৰ পূৰ্বেই পেটপূজা কৰিবলৈ এখন ৰেস্তোঁৰাত সোমাইছিল কেৰালাৰ এই পৰিয়ালটো ।

কাশ্মীৰলৈ গৈ ইয়াৰ থলুৱা খাদ্যৰ সোৱাদ নোলোৱাকৈ থাকিব পাৰিনে? গতিকে তেওঁলোকে মটন ৰগানজোশৰ অৰ্ডাৰ দিলে । কিন্তু মটন ৰগানজোশ খোৱাৰ সময়ত তেওঁলোক অস্বস্তিত পৰে । আচলতে সেই খাদ্যত অধিক পৰিমাণৰ নিমখ আছিল । সেই কাৰণেই দোকানৰ মালিকৰ লগত কাজিয়াৰ সূত্ৰপাত ঘটিছিল । সেই বাক-বিতণ্ডাৰ বাবে বহু দেৰি হৈছিল । পৰিস্থিতি উত্তপ্ত হ’লেও অতিৰিক্ত নিমখ গোটেই পৰিয়ালটোৰ বাবে এক আশীৰ্বাদ আছিল । কাৰণ তেওঁলোকে যদি খাদ্যক লৈ বাক-বিতণ্ডা নকৰিলেহেঁতেন তেন্তে তেওঁলোকে সোনকালেই বৈছাৰণ উপত্যকা পালেহেঁতেন আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হ’লহেতেন ।

সংবাদ প্ৰতিষ্ঠান টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিয়ালটোৰ এগৰাকী সদস্য লাবণ্যই কয়, “মঙলবাৰে আমি শ্ৰীনগৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বৰ পহলগামলৈ গৈ আছিলো । আগদিনা ব্যস্ততাৰ বাবে আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা নাছিলো । গতিকে মোৰ স্বামীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ জোৰ দিছিল । ঠাইখন বৈছাৰণৰ পৰা ১৫ মিনিটৰ দূৰত্বত ।”

ৰাস্তাৰ কাষৰ ধাবা এখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল তেওঁলোকে । ঠিক তেনেকৈয়ে ৰোগনজোশৰ অৰ্ডাৰ দিলে । কিন্তু প্ৰথমবাৰৰ বাবে বেছি নিমখ দি ৰান্ধিছিল বাবে ৰেষ্টুৰেণ্টৰ কৰ্মীয়ে তেওঁলোকলৈ পুনৰ খাদ্য ৰান্ধিছিল । সেইবাবেই তেওঁলোকৰ এঘণ্টাৰো অধিক পলম হৈছিল ।

পুনৰ যাত্ৰা আৰম্ভ কৰাৰ পিছত বৈছাৰণৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত তেওঁলোকে হুলস্থূল দেখা পায় । “খচ্চৰৰ গাড়ী, পৰ্যটক সকলো তললৈ নামি আহিছিল । কিন্তু আমি স্থানীয় ভাষাৰ একো আও-ভাও পোৱা নাছিলো ।” লাৱণ্যই কয় ।

সন্দেহ হোৱাত তেওঁলোকে মানুহক সুধিলে ওপৰত কিবা ঘটিছে নেকি, নিৰাপত্তাৰক্ষীসকল সেইফালে গৈছে নেকি? অৱশ্যে তেওঁলোকৰ চালকে কয় যে ইয়াত এনেবোৰ কথা অতি সাধাৰণ, চিন্তাৰ কোনো কাৰণ নাই । বৈছাৰণ উপত্যকালৈ যাব পাৰি । কিন্তু পৰিস্থিতিটো উপলব্ধি কৰাৰ পিছত তেওঁলোকে আৰু ওপৰলৈ যাব খোজা নাছিল । অৱশ্যে তেওঁলোকে তেতিয়াও সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে নাজানিছিল ।

হ্ৰদৰ পাৰৰ উপত্যকাত সময় পাৰ কৰি আছিল তেওঁলোকে । তাৰ পিছত প্ৰায় ৪:৩০ বজাত স্থানীয় দোকানী এজন আহি তেওঁলোকক ক’লে, “কিবা এটা ডাঙৰ সমস্যা হৈছে, গতিকে উভতি যাওক ।” ৰিজৰ্টলৈ উভতি অহাৰ পথত তেওঁলোকলৈ ধাৰাবাহিকভাৱে ফোন আহিল, তেতিয়াই তেওঁলোকে সন্ত্ৰাসবাদী আক্ৰমণৰ কথা জানিব পাৰে ।

একেদৰে মহাৰাষ্ট্ৰৰ পৰা অহা ২৮ জনীয়া পৰ্যটকৰ এটা দলে একেলগে পৰ্যাপ্ত ঘোঁৰা নথকাৰ বাবে বৈছাৰণ উপত্যকালৈ যাব পৰা নাছিল । নহ’লে হয়তো তেওঁলোকৰো কোনোবাই প্ৰাণ হেৰুৱালেহেঁতেন ।

একেদৰে ভেলপুৰীৰ লোভে মিহিৰ আৰু কোমল ছোনীৰ জীৱন ৰক্ষা কৰে । বৈছাৰণ পোৱাৰ আগে আগে তেওঁলোকে ভেলপুৰী কিনি এটা চুকত বহি খাই আছিল । সেই সময়ত তেওঁলোকে হঠাতে বন্দুকৰ গুলীৰ শব্দ শুনিবলৈ পালে । তেওঁলোকে দেখিলে যে তেওঁলোকৰ পূৰ্বে একেজন ভেলপুৰী বিক্ৰেতাৰ পৰা ভেলপুৰী কিনা এজন নৌসেনাৰ বিষয়াক তেওঁৰ পত্নীৰ সন্মুখত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে । কোমলে কয় যে তেওঁলোক বৈছাৰণৰ এক্সাইট পইণ্টৰ পৰা ১০ ফুট দূৰত আছিল । সেয়ে কেনেবাকৈ ৪০০০ টকাত গাড়ী ভাড়া কৰি তাৰ পৰা পলাবলৈ সক্ষম হ’ল দম্পতীটো । দৰাচলতে তেওঁলোকে নিজেই মানি লৈছে যে মঙলবাৰে ৪১ জন লোকক ৰক্ষা কৰে ভাগ্যই ।

ভূ-স্বৰ্গ কাশ্মীৰত দুখৰ ক'লা ডাৱৰ! ঠন ধৰি উঠা পৰ্যটন উদ্যোগৰ বৃহৎ ক্ষতি
বয়সৰ পৰা ওজন বৃদ্ধিলৈ...জানক স্তন কৰ্কট ৰোগৰ কাৰণসমূহ...
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক