পহলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ, তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে ৩ জনৰ নাম…
Pahalgam terror attacker photo: পহলগাম আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত কেইজনমান সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ আহিছে। প্ৰাথমিক তদন্তত পোহৰলৈ অহা অনুসৰি, এই কাণ্ডত ২ জন স্থানীয় সন্ত্ৰাসবাদীও জড়িত হৈ আছে।

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই। নেশ্যনেল ৰাইফলছ, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে অনুসন্ধান চলাই আছে। ইয়াৰ মাজতে তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে পহলগাম আক্ৰমণৰ ৩জন অভিয্ক্তৰ স্কেচ্ছ। লগতে প্ৰকাশ পাইছে সন্ত্ৰাসবাদী কেইজনৰ ফটো।
ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)য়ে এই আক্ৰমণৰ তদন্ত কৰি আছে। ইতিমধ্যে নিয়াৰ এটা দল উপস্থিত হৈছে শ্ৰীনগৰত। প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এই সন্ত্ৰাসবাদী কেইজনে প্ৰথম অৱস্থাত বিদেশী পৰ্যটকক হত্যা কৰিব বিচাৰিছিল। সন্দেহ কৰা হৈছে যে এই সন্ত্ৰাসবাদী কেইটাই মুজাফ্ফৰাবাদ আৰু কৰাচীৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি চলিছিল।
এই আক্ৰমণৰ ঘটনাত ২ জন স্থানীয় সন্ত্ৰাসবাদী বুলি জানিব পৰা হৈছে। দাবী কৰা অনুসৰি সন্ত্ৰাসবাদী কেইজনে সেনাৰ পোছাক পৰিধান কৰি পহলগামত উপস্থিত হৈছিল। বিভিন্ন প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পতাৰ পাছত তদন্তকাৰী সংস্থাই স্কেচ্ছ প্ৰকাশ কৰিছে। এই ৩ সন্ত্ৰাসবাদীৰ নাম আছিফ ফৌজী, চুলেমান শ্বাহ আৰু আবু তালহা।

তদন্তকাৰী সংস্থাই প্ৰকাশ কৰা ফটো
সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰত উপস্থিত হয়। শ্ৰীনগৰৰ পাছত শ্বাহে পহলগামৰ ঘটনাস্থলী পৰিদৰ্শন কৰে। সামাজিক মাধ্যমত পোষ্ট কৰি শ্বাহে কয় যে, “গভীৰ মনেৰে সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতে সন্ত্ৰাসবাগৰ আগত মূৰ কেতিয়া নোদোৱায়। এই কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ৰেহাই দিয়া নহ’ব।”
উল্লেখ্য যে, দক্ষিণ কাশ্মীৰৰ পহলগামক মিনি চুইজাৰলেণ্ড বুলি কোৱা হয়, যাৰ বাবে প্ৰতিদিনে অঞ্চলটো বহু পৰ্যটকে ভিৰ কৰে।ইয়াৰ মাজতে পহলগামৰ চৰ্চিত বেচৰনত মঙলবাৰে দুপৰীয়া প্ৰায় ২.৩০ মান বজাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ কৰে। য’ত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। উল্লেখ্য যে, এই আক্ৰমণৰ ঘটনাত বিশেষকৈ হিন্দু লোকসকলক নিৰ্বাচন কৰি লোৱা হৈছিল।
কোৱা হৈছে, প্ৰথমে লোকসকলৰ ধৰ্ম সুধি, কলমা পঢ়িব দি হত্যাকাণ্ড সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে। এই ঘটনাৰ পাছতেই সমগ্ৰ বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ ওচৰত থিয় দি থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে চৌদি আৰৱৰ ভ্ৰমণ আধাতে সামৰি দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই আক্ৰমণৰ পাছতে ভাৰতে সকীয়াই দিছে যে কোনো পধ্যেই সন্ত্ৰাসবাদীসকলক ৰেহাই দিয়া নহয়। সন্ত্ৰাসবাদীৰ হৈ সদায় মাত মাতি যাব ভাৰতে। আশা কৰা হৈছে, ভাৰতে অতি শীঘ্ৰেই এই ঘটনাৰ পোতক তুলিব।
অন্য খবৰ পঢ়কঃ Pahalgam terror attack: কেৱল হিন্দুক হত্যা! বিমান বন্দৰত অজিত ডোভাল-জয়শংকৰৰ সৈতে মোদীৰ উচ্চস্তৰীয় বৈঠক…
অন্য খবৰ পঢ়কঃ Pahalgam terror attack: প্ৰথমে আমি ভাৰতীয়- কাশ্মীৰৰ মছজিদৰ পৰা হৈছে বিশেষ ঘোষণা, বিৰোধত উত্তাল কাশ্মীৰী…