শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…

Pahalgam terror attack: প্ৰায় সমগ্ৰ বিশ্বই পহলগাম কাণ্ডৰ ওপৰত গৰিহনা দিছে। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ২৬ জন লোকৰ মৃত্যু হৈছিল। এই সময়ত ভাৰতৰ সৈতে থিয় দিছে বিশ্বৰ বহু দেশ।

ভাৰতক কোনে কৰিব সমৰ্থন? পহলগাম আক্ৰমণৰ পাছত সহায়ৰ বাবে আগবাঢ়ি আহিল এইসমূহ দেশ…
পহলগাম
barasha-sarma
Barasha Sarma | Updated On: 23 Apr 2025 16:16 PM

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ! সমগ্ৰ বিশ্বত এতিয়া চলিছে জম্মু-কাশ্মীৰৰ পহলগামক লৈ চৰ্চা। ২২ এপ্ৰিলৰ দুুপৰীয়া জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি হত্যা কৰিছিল প্ৰায় ২৬ জন নিৰীহক।  ইতিমধ্যে এই আক্ৰমণৰ ঘটনাক লৈ তদন্তকাৰী সংস্থাই তদন্ত আৰম্ভ কৰিছে। ভাৰতে কৈছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় থিয় দিব। এই কাণ্ডক জড়িত থকাসকলক কেতিয়াও ৰেহাই প্ৰদান কৰা নহয়। এই মৰ্মান্তিক, অসহায় ক্ষণত ভাৰতৰ কাষত থিয় দিছে বিশ্বৰ কেইবাখনো দেশ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি আহত আৰু নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ট্ৰাম্পে এই ঘটনাক গৰিহনা দিয়াৰ লগত আশ্বাস দিয়ে যে ভাৰতৰ সৈতে আমেৰিকা আছে আৰু এই ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায়ে কৰিব। ইয়াৰ লগতে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিয়ে ঘটনাক লৈ দুখ প্ৰকাশ কৰি ভাৰত চৰকাৰ আৰু জনতাক একগোট হৈ থাকিবলৈ আহ্বান জনায়। মেলনিয়ে ভুক্তভোগীসকললৈও সমবেদনা জ্ঞাপন কৰে।

ভাৰতৰ সৈতে কোন কোন দেশ

বৰ্তমান সময়ত ভাৰতৰ সৈতে কেইবাখনো দেশ থিয় হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই দেশসমূহৰ ভিতৰত আছে- অষ্ট্ৰেলিয়া, আমেৰিকা, ইউৰোপীয় সংঘ, ফ্ৰান্স, ইজৰাইল, জাৰ্মানী, গুয়ানা, ৰাছিয়া, ইটালী, নিউজিলেণ্ড, তুৰ্কী, ইউক্ৰেইন, মোলভোডা, পনামা,ইষ্টোনিয়া, শ্ৰীলংকা, ইউ এ ই, জাপান, আৰ্জেন্টিনা, চিলি, ইৰান, থাইলেণ্ড, আফগানিস্তান, নেপাল, বাংলাদেশ আদি। ইয়াৰ লগতে এই সমূহে সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে।

অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম xত লিখিছে যে জম্মু-কাশ্মীৰৰ ঘটনাত মই স্তম্ভিত হৈ পৰিছো। এই হিংসাৰ কোনো ন্যায্যতা নাই আৰু অষ্ট্ৰেলিয়াই ইয়াক গৰিহণা দিয়ে। আহত আৰু নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।

অন্য এটা পোষ্টত লিখে যে- মই মোৰ বন্ধু মোদীৰ সৈতে কথা পাতি জম্মু-কাশ্মীৰৰ ঘটনা সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ হৈ সমবেদনা জ্ঞাপন কৰিছো। নিৰীহ সাধাৰণ নাগৰিকৰ প্ৰাণ কঢ়া এই অৰ্থহীন হিংসাৰ কাৰ্যই বিশ্ববাসীত স্তম্ভিত কৰি তুলিছে। দায়ীসকলক জবাবদিহি কৰিব লাগিব। অষ্ট্ৰেলিয়া আৰু ভাৰত ভাল বন্ধু। এই কঠিন সময়ত আমি ভাৰতৰ সৈতে আছো।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডৰিক্সনে লিখে যে- পহলগামত ভয়ংকৰ ঘটনা। ডেনমাৰ্কে সন্ত্ৰাসবাদীৰ কাৰ্যক গৰিহনা দি ভাৰতৰ সৈতে থিয় দি আছে। আক্ৰমণত আহত আৰু নিহতসকলৰ পৰিয়াললৈ সমবেদনা।

ৰাছিয়া আৰু ইজৰাইলে কি ক’লে

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক যোগাযোগ কৰি গভীৰ শোক প্ৰকাশ কৰিছে। লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাক অমানৱীয় আৰু নিষ্ঠুৰ বুলি কয়।

 

কেৱল এয়াই নহয়, বিশ্বৰ বহু দেশে পহলগাম ঘটনাক গৰিহনা দিয়াৰ লগতে ভাৰতৰ সৈতে থিয় হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে, এই ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে। ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে দৃঢ় প্ৰতিজ্ঞ।

 

অন্য খবৰ পঢ়কঃ Pahalgam terror attack: কাশ্মীৰৰ বাতৰি কাকতত ক’লা ৰং! প্ৰতিবাদী ভাষাৰে ক’লে-এই আক্ৰমণ কাশ্মীৰৰ পৰিচয় আৰু মূল্যবোধত

অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডত জড়িত সন্ত্ৰাসবাদীৰ ফটো পোহৰলৈ, তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে ৩ জনৰ নাম…