শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ কূটনৈতিক প্ৰতিশোধত শংকিত পাকিস্তান, পহলগামৰ ‘নৰসংহাৰ’ৰ পাচত কঠোৰ স্থিতি ভাৰতৰ

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰ কঠোৰ হৈ পৰিছে । সিন্ধু জল চুক্তি স্থগিত ৰখা, আটাৰী চেকপোষ্ট বন্ধ কৰা, পাকিস্তানী নাগৰিকৰ যাতায়তত নিষেধাজ্ঞা আৰোপ কৰা আৰু উচ্চায়ুক্তৰ কৰ্মচাৰী বিতাড়ণ কৰা আদি কেইবাটাও পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছে । এই আক্ৰমণৰ আঁৰত পাকিস্তান আছিল বুলি দাবী কৰি দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি দাবী জনাইছে চৰকাৰে । ভাৰতৰ এই কঠোৰ স্থিতিৰ পিছত পাকিস্তানতো উত্তেজনাৰ সৃষ্টি হৈছে ।

ভাৰতৰ কূটনৈতিক প্ৰতিশোধত শংকিত পাকিস্তান, পহলগামৰ ‘নৰসংহাৰ’ৰ পাচত কঠোৰ স্থিতি ভাৰতৰ
পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতিImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 24 Apr 2025 01:09 AM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে এতিয়া প্ৰতিশোধৰ পথ বাচি ল’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেট কমিটী অন ছিকিউৰিটিৰ বৈঠকৰ অন্তত চৰকাৰে মনে মনে বহি নাথাকে বুলি ঘোষণা কৰিছে । এই আক্ৰমণৰ আঁৰত পাকিস্তান থকা বুলিও স্পষ্ট কৰি দিছে চৰকাৰে । সীমান্তৰ সিপাৰৰ পৰাই এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল । পহলগামৰ ছবি তথা পাকিস্তানৰ কাপুৰুষ সন্ত্ৰাসবাদীয়ে কেনেদৰে কাশ্মীৰক আতংকিত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল সেয়া সমগ্ৰ বিশ্বই দেখিলে । সন্ত্ৰাসবাদীৰ গুলীত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱায় । কিন্তু এতিয়া পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছে ।

পহলগাম আক্ৰমণৰ পিছত ভাৰতে প্ৰত্যুত্তৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে । পিএমঅ’ত প্ৰায় ডেৰ-দুই ঘন্টা ধৰি চলি থকা চিচিএছৰ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰী । তেওঁ স্পষ্ট কৰি দিয়ে যে এই আক্ৰমণৰ আঁৰত সুবিধাবাদী পাকিস্তান আছে আৰু ইয়াৰ পৰিকল্পনা সীমান্তৰ সিপাৰৰ পৰাই কৰা হৈছিল । চৰকাৰে সন্ত্ৰাসবাদৰ বিষয়ত পিছুৱাই নাযায় বুলিও স্পষ্ট কৰি দিছে । ইটোৰ পিছত সিটোকৈ পাঁচটাকৈ ডাঙৰ আঘাত পাকিস্তানক দি চৰকাৰে স্পষ্ট কৰি দিছে যে এই আক্ৰমণৰ দোষীক ন্যায়ৰ কাঠগড়াত হাজিৰ কৰা হ’ব ।

পহলগাম আক্ৰমণৰ দোষীক দেশৰ আইনৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদমেলত কোৱা হয় । ভাৰতৰ মনোভাৱৰ পৰা স্পষ্ট হৈ পৰিছে যে এতিয়া পাকিস্তান বিপদত পৰিছে । কাৰণ কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্বই পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰখানাক লৈ বিৰক্ত । এই সময়ত সমগ্ৰ দেশ ক্ষুব্ধ হৈ পৰিছে আৰু পহলগাম আক্ৰমণৰ বাবে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ দাবী তুলিছে । এনে পৰিস্থিতিত ভাৰতৰ কঠোৰ স্থিতিৰ বাবে লাহোৰৰ পৰা ইছলামবাদলৈ নিদ্ৰা হৰণ হোৱাতো নিশ্চিত ।

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ পাঁচটা বৃহৎ কূটনৈতিক পদক্ষেপ

  1. সিন্ধু জল চুক্তি বাতিল : সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ প্ৰতি পাকিস্তানে সমৰ্থন শেষ নকৰালৈকে ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছে ।
  2. আট্টাৰী চেকপোষ্ট বন্ধ: সংহত আট্টাৰী চেকপোষ্ট তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে । আইনগতভাৱে সীমান্ত অতিক্ৰম কৰাসকলক ২০২৫ চনৰ ১ মে’ৰ ভিতৰত পাকিস্তানলৈ উভতি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।
  3. পাকিস্তানী নাগৰিকৰ ভ্ৰমণ নিষেধাজ্ঞা: SAARC Visa Rehemption Scheme ৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰত ভ্ৰমণৰ অনুমতি দিয়া নহ’ব, আৰু পূৰ্বে প্ৰদান কৰা SPES ভিছা বাতিল কৰা হ’ব । ভাৰতৰ সীমান্তত উপস্থিত পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে ।
  4. পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰীক ওভতাই পঠিওৱা: নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ প্ৰতিৰক্ষা, সামৰিক, নৌ আৰু বায়ু সেনা উপদেষ্টাসকলক অবাঞ্চিত ব্যক্তি ঘোষণা কৰা হৈছে । এসপ্তাহৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোকক ।
  5. ভাৰতীয় উচ্চায়ুক্তৰ কৰ্মচাৰী প্ৰত্যাহাৰ: ইছলামবাদত ভাৰতীয় উচ্চায়ুক্তৰ পৰা প্ৰতিৰক্ষা, নৌ আৰু বায়ু সেনা উপদেষ্টা প্ৰত্যাহাৰ কৰিছে ভাৰতে । এই পদসমূহ বাতিল কৰা বুলি গণ্য কৰা হ’ব ।

সূত্ৰ অনুসৰি চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে টি আৰ এফৰ সন্ত্ৰাসবাদী ছাইফুল্লাহ খালিদ হৈছে পহলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড । কোৱা হৈছে যে ছাইফুল্লাই কাশ্মীৰত লস্কৰৰ অভিযান চলাই আছিল আৰু এই সমগ্ৰ ঘটনা তেওঁৰ নিৰ্দেশ অনুসৰি সংঘটিত হৈছিল । ছাইফুল্লাহ লস্কৰ-ই-তৈবাৰ উপ-মুখ্য বিষয়া । প্ৰায় ২৫ বছৰ আগতে লস্কৰ-ই-তৈবাত যোগদান কৰিছিল । তেওঁক লস্কৰৰ প্ৰতিষ্ঠাপক হাফিজ ছাইদৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয় । প্ৰায় ২০ বছৰ ধৰি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে ছাইফুল্লাহে ।

বৃহস্পতিবাৰে সন্ধিয়া সৰ্বদলীয় বৈঠকৰ আহ্বান
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । এই বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই বৈঠক সন্ধিয়া ৬ বজাত সংসদ ভৱনত অনুষ্ঠিত হ’ব । কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলে এই বিষয়ত চৰকাৰে সকলো দলৰ বৈঠক আহ্বান কৰিবলৈ দাবী জনাইছিল । এই নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ সম্পূৰ্ণ তথ্য ৰাজনাথ সিঙে বিভিন্ন দলৰ নেতাক দিয়াৰ সম্ভাৱনা আছে । ইয়াৰ সমান্তৰালকৈ ভাৰতৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনীয়তাও আছে ।

প্ৰতিশোধৰ স্পষ্ট ইংগিত প্ৰতিৰক্ষা মন্ত্ৰীৰ
সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধৰ স্পষ্ট ইংগিত দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ইয়াৰ বাবে দায়ীসকলক তেওঁলোকৰ কুৎসিত কাৰ্যৰ বাবে উপযুক্ত উত্তৰ দিয়া হ’ব । লগতে তেওঁ কয় যে এনে উত্তৰ দিব যি বিশ্বই দেখা পাব । ভাৰতে কেৱল আক্ৰমণ সংঘটিত কৰাসকলক বিচাৰি উলিওৱাই নহয়, পৰ্দাৰ আঁৰত কাম কৰাসকলকো বিচাৰি উলিয়াব ।

তিনিটা সেনা বাহিনীৰ সেনাধ্যক্ষৰ সৈতে সাক্ষাৎ
এই বিবৃতি জাৰি কৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত প্ৰায় ডেৰ-দুঘণ্টা ধৰি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠী, বায়ুসেনাৰ মুখ্য বায়ু প্ৰধান মাৰ্শ্বাল এ পি সিং আৰু প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে অংশগ্ৰহণ কৰে । এই বৈঠকৰ অন্তত অজিত ডোভালে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি সবিশেষ অৱগত কৰে ।

গুৰুত্বপূৰ্ণ বৈঠক আহ্বান শ্বাহবাজৰ
ভাৰতে কঠোৰ সিদ্ধান্তৰ ঘোষণা কৰাৰ পাছতেই আতংকিত হৈ পৰিছে পাকিস্তান । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰে । বিশ্বাস কৰা হৈছে যে এই বৈঠকৰ পাছতহে পাকিস্তান চৰকাৰে ভাৰতৰ এই সিদ্ধান্তক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ।

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব । ভাৰতীয় কাৰ্যকলাপৰ উপযুক্ত সঁহাৰি দিবলৈ সিদ্ধান্ত লোৱা হ’ব বুলিও তেওঁ কয় ।