কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ, পহলগাম আক্ৰমণকাৰীক ঘেৰাও নিৰাপত্তাৰক্ষীৰ

পাকিস্তানৰ প্ৰতিটো ষড়যন্ত্ৰৰ প্ৰত্যুত্তৰ জনাইছে ভাৰতীয় সেনাই। পাকিস্তানে ভাৰতক অহৰহ উচটনি দি আছে আৰু সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিছে। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সোমবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত একেৰাহে পঞ্চম নিশা যুদ্ধবিৰতি চুক্তি উলংঘা কৰে। জম্মু জিলাৰ আখনূৰ ছেক্টৰক লক্ষ্য কৰি গুলীচালনা কৰে পাক সেনাই।

কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ, পহলগাম আক্ৰমণকাৰীক ঘেৰাও নিৰাপত্তাৰক্ষীৰ

প্ৰতীকি ফটো

Published: 

29 Apr 2025 10:42 AM

অতি সোনকালে নিঃশেষ হ’ব পহলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ জীৱন! ইতিমধ্যো এই কাম আৰম্ভ কৰিছে নিৰাপত্তাৰক্ষীয়ে। সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াই কাশ্মীৰৰ অজ্ঞাত স্থানত তেওঁলোকক হত্যা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। আৰম্ভ হৈছে সন্ত্ৰাসবাদী- নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। অৱশ্যে এই সংঘৰ্ষৰ ক’ত সংঘটিত হৈছে সেই সন্দৰ্ভত তথ্য উপলব্ধ নহয়। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে । নাম-ধৰ্ম সোধা পিছতে পৰ্যটকৰ ওপৰত  নিৰ্মমভাৱে গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত ২৬ জন লোক নিহত হয়। মৃত্যু হোৱাসকলৰ অধিকাংশই আছিল হিন্দু লোক।

সূত্ৰ অনুসৰি এই আক্ৰমণৰ আঁৰত সন্ত্ৰাসবাদী হাছিম মুছা জড়িত থকাৰ তথ্য পোৱা গৈছে। মুছা পাকিস্তানৰ নাগৰিক আৰু বিশেষ বাহিনীৰ প্ৰাক্তন পেৰা কমাণ্ডো। সূত্ৰ অনুসৰি হাছিম মুছাই পাকিস্তানৰ বিশেষ সেৱা গোট (SSG))ৰ পৰা বিশেষ প্ৰশিক্ষণ লাভ কৰি লস্কৰ-ই-তৈবাৰ সৈতে সক্ৰিয় হৈ পৰিছে। তেওঁ জম্মু-কাশ্মীৰৰ অ-স্থানীয় সাধাৰণ নাগৰিক, ভাৰতীয় আৰু বিদেশী পৰ্যটক আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি লোৱাৰ নিৰ্দেশ লাভ কৰিছিল।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশজুৰি পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। একেমুখে প্ৰতিশোধৰ দাবী জনাইছে দেশবাসীয়ে। পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ একচন মুডত আছে চৰকাৰে। ইয়াৰ ওপৰত নিৰন্তৰভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক হ্ৰাস কৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে। ইয়াৰ লগতে সিন্ধু জল সন্ধিও স্থগিত ৰখা হৈছে। কূটনৈতিক ষ্ট্ৰাইকৰ উপৰিও চৰকাৰে আৰম্ভ কৰিছে ডিজিটেল ষ্ট্ৰাইকৰ। ভাৰতত নিষিদ্ধ কৰা হৈছে পাকিস্তান বহু নিউজ চেনেলৰ লগতে ইউটিউব চেনেল।

এফালে দিল্লীৰ পৰা ইছলামাবাদক তীব্ৰ প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে আনফালে সীমান্ত ঘেৰি ৰাখিছে সেনাই। পাকিস্তানৰ প্ৰতিটো ষড়যন্ত্ৰৰ প্ৰত্যুত্তৰ জনাইছে সেনাই। পাকিস্তানে ভাৰতক অহৰহ উচটনি দি আছে আৰু সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিছে। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে সোমবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত একেৰাহে পঞ্চম নিশা যুদ্ধবিৰতি চুক্তি উলংঘা কৰে। জম্মু জিলাৰ আখনূৰ ছেক্টৰক লক্ষ্য কৰি গুলীচালনা কৰে পাক সেনাই। বিগত সপ্তাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ পৰা অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লোৱা এইটোৱেই আছিল একেৰাহে পঞ্চমটো নিশা।

প্ৰতিৰক্ষা মুখপাত্ৰই কয়, “২৮ আৰু ২৯ এপ্ৰিলৰ মাজনিশা পাকিস্তান সেনাই কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ লগতে আখনূৰ খণ্ডত এল অ’ চিৰ কাষেৰে অপ্ৰৰোচিতভাৱে গুলীচালনাৰ সূচনা কৰে।” তেওঁ কয়, “ভাৰতীয় সেনাই এই প্ৰৰোচনাৰ উচিত প্ৰত্যুত্তৰ জনাইছিল।” পাকিস্তানে উত্তৰ কাশ্মীৰৰ কুপৱাৰা আৰু বাৰামুল্লা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কেইবাটাও চকীত টাইপ্ৰথমে অপ্ৰৰোচিতভাৱে গুলীচালনাৰ আশ্ৰয় লৈ  যুদ্ধবিৰতি উলংঘা কৰে পাকিস্তানে। পিছত যুদ্ধবিৰতি উলংঘাৰ সম্প্ৰসাৰণ ঘটাই পুঞ্চ ছেক্টৰ আৰু তাৰ পিছত আখনূৰ ছেক্টৰক লক্ষ্য কৰি গুলীচালনা কৰে।

হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক
ৰাতিপুৱা ন্যূনতম কিমানবাৰ পুচ-আপ কৰিব লাগে ? ইয়াৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক...