পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰত! শংকাত ভুগিছে পাকিস্তান
ফ্লাইট ৰাডাৰ 24 ত লিপিবদ্ধ হোৱা তথ্য অনুসৰি পহলগাম আক্ৰমণৰ লগে লগে ৰাৱালপিণ্ডি আৰু লাহোৰৰ পৰা সেনাৰ দুখন যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। এল অ’ চিৰ চাৰিওফালে ঘূৰি ফুৰিছিল এখন যুঁজাৰু বিমান। শেষবাৰৰ বাবে আহমেদপুৰ ইষ্টৰ সমীপত পাকিস্তানী যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। সীমান্তত উৰি থকা পাকিস্তানী বায়ুসেনাৰ বিমানসমূহৰ ভিতৰত আছে PAF198 আৰু PAF101 নম্বৰৰ বিমান।

পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ
পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চাৰ্জিকেল ষ্ট্ৰাইকৰ আশংকা ভুগিছে পাকিস্তানে। উপগ্ৰহৰ চিত্ৰৰ দ্বাৰা প্ৰকাশ পাইছে এই কথা। সন্ত্ৰাসবাদী আক্ৰমণৰ লগে লগে নিজৰ বিমান ঘাটিৰ নিৰাপত্তা বৃদ্ধি কৰিছে পাকিস্তানী সেনাই। মঙলবাৰে নিশা বিমান ঘাটি নিৰীক্ষণত নিয়োজিত আছিল সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে। ইয়াৰ অৰ্থ এই যে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ ভাৰতে যিকোনো সময়তে চাৰ্জিকেল ষ্ট্ৰাইক কৰিব পাৰে বুলি আশংকা কৰিছে পাকিস্তানে।
ফ্লাইট ৰাডাৰ 24 ত লিপিবদ্ধ হোৱা তথ্য অনুসৰি পহলগাম আক্ৰমণৰ লগে লগে ৰাৱালপিণ্ডি আৰু লাহোৰৰ পৰা সেনাৰ দুখন যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। এল অ’ চিৰ চাৰিওফালে ঘূৰি ফুৰিছিল এখন যুঁজাৰু বিমান। শেষবাৰৰ বাবে আহমেদপুৰ ইষ্টৰ সমীপত পাকিস্তানী যুঁজাৰু বিমান উৰি থকা দেখা গৈছিল। সীমান্তত উৰি থকা পাকিস্তানী বায়ুসেনাৰ বিমানসমূহৰ ভিতৰত আছে PAF198 আৰু PAF101 নম্বৰৰ বিমান। পাকিস্তান বায়ুসেনাই প্ৰায়ে এই দুয়োখন বিমানকে চোৰাংচোৱা অভিযানৰ বাবে ব্যৱহাৰ কৰি আহিছে।কোৱা হৈছে যে সীমান্তত তম্বুত বহি থকা সন্ত্ৰাসবাদীক পাকিস্তান সেনাই ভিতৰলৈ স্থানান্তৰিত কৰিছে, যাতে চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত সন্ত্ৰাসবাদীৰ মৃত্যু নহয়।
উল্লেখ্য যে ২০১৯ চনত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পুলৱামা আক্ৰমণ কৰিছিল। তাৰ পিছত PoK এলেকাত চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে ৩০০ সন্ত্ৰাসবাদীক হত্যা কৰিছিল ভাৰতে । ভাৰতে ২০১৬ চনতো চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। এই আক্ৰমণত ২০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। দুয়োটা চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত পাকিস্তান আৰ্মীক বিশ্বত উপহাস কৰা হৈছিল। এইবাৰ পুনৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ ভয়ত খেদি ফুৰিছে পাকিস্তান সেনাক।
ইয়াৰ বাবেই ভয় খাইছে পাকিস্তানে
১) পাক সন্ত্ৰাসবাদীয়ে জেহাদৰ কথা কৈছিল – PoK ত অনুষ্ঠিত এক বৈঠকৰ পিছত ১৯ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে এক বিবৃতি প্ৰকাশ কৰিছিল। য’ত ভাৰতৰ বিৰুদ্ধে জেহাদ অব্যাহত ৰখাৰ কথা কোৱা হৈছিল। সন্ত্ৰাসবাদীয়ে ঘোষণা কৰাৰ ৩ দিনৰ পিছত পহলগামৰ এই ঘটনা সংঘটিত হৈছে। এই কাৰণেই চাৰ্জিকেল ষ্ট্ৰাইকক লৈ আতংকিত হৈ পৰিছে পাকিস্তান।
২) কাকো ৰেহাই নিদিয়ে বুলি কৈছে ভাৰতে – পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। শ্বাহে কয়, “এজনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ’ব।” সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে নিজেই জম্মু-কাশ্মীৰত উপস্থিত হৈছে শ্বাহ। তাৰ পৰাই গৃহমন্ত্ৰীয়ে মূল্যায়ন কৰিছে পৰিস্থিতি ।