ভাৰতক অশান্ত কৰাৰ চক্ৰান্ত পাকিস্তানৰ! এই ভয়ংকৰ সংঘৰ্ষত ওলাইছে পাকিস্তানী সংযোগ
উত্তৰ প্ৰদেশৰ সম্ভলত বিগত বৰ্ষত সংঘটিত হোৱা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষই জোকাৰি গৈছিল সমগ্ৰ দেশ। সম্ভলৰ এই ভয়াৱহ সংঘৰ্ষ সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ কিছু তথ্য। বিগত বৰ্ষৰ শেষৰফালে সংঘটিত হোৱা এই সংঘৰ্ষ সন্দৰ্ভত তদন্তত পোহৰলৈ আহিছে পাকিস্তানৰ সংযোগৰ তথ্য।

সম্ভল সংঘৰ্ষ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য
উত্তৰ প্ৰদেশৰ সম্ভলত বিগত বৰ্ষত সংঘটিত হোৱা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল ৫ জন লোক। কগতে আৰক্ষীসহ ২৫ জন লোক আহত হৈছিল। সম্ভলৰ এই ভয়াৱহ সংঘৰ্ষ সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ কিছু তথ্য। বিগত বৰ্ষৰ শেষৰফালে সংঘটিত হোৱা এই সংঘৰ্ষ সন্দৰ্ভত তদন্তত পোহৰলৈ আহিছে পাকিস্তানৰ সংযোগৰ তথ্য। তদন্তত এই সংঘৰ্ষৰ সৈতে জড়িত বহু অভিযুক্ত পাকিস্তানৰ কাৰাগাৰত বন্দী মহম্মদ উছমানৰ সংস্পৰ্শত থকাৰ সন্দেহজনক তথ্য পোহৰলৈ আহিছে।
কাৰাবন্দী এই মহম্মদ উছমান সম্ভলৰ দীপা চৰাইৰ বাসিন্দা। সম্প্ৰতি তেওঁ পাকিস্তানৰ লাহোৰ জেলত ভৰ্তি হৈ আছে। তদন্তকাৰী সংস্থাসমূহৰ মতে, মহম্মদ উছমানে সন্ত্ৰাসবাদী সংগঠন আল-কায়দাৰ শাখা AQISৰ মুৰব্বী মৌলানা অসীম উমৰৰ সংস্পৰ্শত আছিল। ২০১৯ চনত আফগানিস্তানত আমেৰিকান সেনাই মৌলানা অসীম উমৰক হত্যা কৰিছিল।
তদন্তকাৰী সংস্থাসমূহে ভাৰতৰ পৰা পলায়ন কৰাৰ পিছত উছমানে AQISত যোগদান কৰিছিল আৰু সম্ভলৰ যুৱক-যুৱতীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে। ২০২৪ চনত উছমান পাকিস্তানৰ এটা গোচৰত ধৰা পৰে আৰু তেতিয়াৰ পৰাই তেওঁ লাহোৰ জেলত কাৰাবন্দী হৈ আছে। জেলৰ পৰাই তেওঁ সম্ভল সংঘৰ্ষৰ পলাতক অভিযুক্তৰ সৈতে ফোনযোগে সংস্পৰ্শলৈ আহিছিল।
এই ঘটনাৰ তদন্তত প্ৰকাশ পাইছে যে সম্ভলৰ দীপা চৰাই অঞ্চলৰ পৰা বহু লোক নিৰুদ্দেশ হৈ আছে, ইয়াৰে বহু লোক সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ শাখা সংগঠনটোৰ সৈতে জড়িত বুলি দেশৰ চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰিছে। ইফালে মহম্মদ উছমানৰ পৰীক্ষণৰ বাবে পাকিস্তান চৰকাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ নথি-পত্ৰ প্ৰেৰণ কৰিছে বুলি প্ৰকাশ পাইছে।
উল্লেখ্য যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা ২৫ জানুৱাৰীত সম্ভল আৰক্ষীলৈ পাকিস্তানত মহম্মদ উছমানক গ্ৰেপ্তাৰ কৰাৰ নথি-পত্ৰ প্ৰেৰণ কৰিছে। সম্ভল আৰক্ষীয়ে এতিয়া এই বিষয়ত প্ৰতিবেদন প্ৰস্তুত কৰি আছে বুলি জানিব পৰা গৈছে। লক্ষণীয়ভাৱে সম্ভলৰ দীপা শৰাইৰ বহু ৱাণ্টেড সন্ত্ৰাসবাদী বৰ্তমান পাকিস্তানত লুকাই আছে। এই সন্ত্ৰাসবাদীসকলৰ সন্ধান চলাই আছে ভাৰতে।
ইফালে আৰক্ষীয়ে সম্ভল কাণ্ডৰ সৈতে জড়িত অভিযুক্তসকলৰ সন্ধান উলিয়াবলৈ পোষ্টাৰ মুকলি কৰিছে। আৰক্ষীয়ে সন্দেহজনক হিচাপে বিবেচনা কৰা হিংসাত্মক ঘটনাৰ প্ৰতিটো ভিডিঅ’ৰ তদন্ত চলাই আছে। এনে ভিডিঅ’ত দেখা পোৱা লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ পোষ্টাৰ মুকলি কৰিছে আৰক্ষীয়ে। এই লোকসকলৰ অধিকাংশই পলাতক বুলি কোৱা হৈছে।
বিগত সপ্তাহত ছ’চিয়েল মিডিয়াত সম্ভল হিংসা সন্দৰ্ভত বিভ্ৰান্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰা ব্যক্তিজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তৰ নাম হাৰিয়ানাৰ নুহৰ বাসিন্দা মমিন বুলি জানিব পৰা গৈছে। মমিনে জামা মছজিদত আক্ৰমণৰ ভুৱা ভিডিঅ’ ইউটিউবত আপলোড কৰিছিল। এই পৰ্যন্ত এই হিংসাৰ সৈতে জড়িত চাৰিগৰাকী মহিলাকে ধৰি মুঠ ৭৫জন অভিযুক্ত কাৰাগাৰত বন্দী হৈ আছে।