এতিয়াও পাকিস্তানৰ জিম্মাত BSF জোৱানঃ চিন্তাত টোপনি নাই গৰ্ভৱতী পত্নীৰ, পুত্ৰই জনালে এই আহ্বান
পঞ্জাৱৰ ফিৰোজপুৰত কৰ্মৰত এগৰাকী বি এছ এফ জোৱানে ভুলৱশতঃ সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছতে তেওঁক জিম্মাত লৈছিল পাকিস্তানী ৰেঞ্জাৰে। এই ঘটনাই আজি সাতটা দিনত ভৰি দিয়াৰ পিছতো পাকিস্তান ৰেঞ্জাৰে এতিয়ালৈকে মুকলি কৰি দিয়া নাই জোৱানজনক। এনে পৰিস্থিতিত এতিয়া জোৱানজনৰ গৰ্ভৱতী পত্নীৰ লগতে সমগ্ৰ পৰিয়াল চিন্তিত হৈ পৰিছে।

পূৰ্ণম কুমাৰ শ্ব’ৰ পত্নী
কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছদিনাই, অৰ্থাৎ ২৩ এপ্ৰিলত ভুলৱশতঃ পাকিস্তানত প্ৰৱেশ কৰিছিল সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSFৰ এজন জোৱান। পঞ্জাৱৰ ফিৰোজপুৰত কৰ্মৰত জোৱানজনে সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰাৰ পিছতে তেওঁক পাকিস্তানী ৰেঞ্জাৰে জিম্মাত লয়। এই ঘটনাই আজি সাতটা দিনত ভৰি দিয়াৰ পিছতো পাকিস্তান ৰেঞ্জাৰে এতিয়ালৈকে মুকলি কৰি দিয়া নাই পূৰ্ণম কুমাৰ শ্ব’ নামৰ এই জোৱানজনক। এনে পৰিস্থিতিত এতিয়া চিন্তিত হৈ পৰিছে শ্ব’ৰ পৰিয়াল।
ইফালে স্বামীৰ সুৰক্ষাৰ বিষয়ত উদ্বিগ্ন হৈ সোমবাৰে কলকাতাৰ পৰা পঞ্জাৱত উপস্থিত হয় বি এছ এফ জোৱানজনৰ পত্নী। পূৰ্ণম কুমাৰ শ্ব’ৰ গৰ্ভৱতী পত্নী ৰজনীয়ে সোমবাৰে সন্ধিয়া আঠ বছৰীয়া পুত্ৰ আৰৱ, দুগৰাকী ভগ্নী আৰু এজন ভাতৃৰ সৈতে চণ্ডীগড় বিমানবন্দৰত উপস্থিত হয়। কলকাতাৰ পৰা পঞ্জাৱলৈ ৰাওনা হোৱাৰ সময়ত জোৱানজনৰ পুত্ৰই পাকিস্তানক কৰে এক বিশেষ আহ্বান। শ্ব’ৰ পুত্ৰৰ কাতৰ অনুৰোধ, “পাকিস্তানে আমাৰ পৰা সকলো ল’ব পাৰে, মাথোঁ দেউতাক এৰি দিয়ক।”
পূৰ্ণম কুমাৰ শ্ব’ৰ পত্নী ৰজনীয়ে এই সমগ্ৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁৰ স্বামীক পাকিস্তানী সেনাই ৬ দিন ধৰি বন্দী কৰি ৰাখিছে আৰু সেয়ে তেওঁ পঞ্জাৱলৈ গৈ সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াৰ লগত কথা পাতিব বিচাৰে। প্ৰয়োজন হ’লে তেওঁ দিল্লীতো উপস্থিত হ’ব বুলি ৰজনীয়ে লগতে উল্লেখ কৰে। অৱশ্যে বি এছ এফৰ বিষয়াসকলে পূৰ্ণম কুমাৰ শ্ব’ সম্প্ৰতি ভালেই আছে বুলি জানিবলৈ দি তেওঁক এই বিষয়ত চিন্তিত নহ’বলৈ কোৱা বুলি ৰজনীয়ে সদৰী কৰিছে।
পিছে স্বামী শত্ৰু দেশৰ সেনাৰ জিম্মাত থাকিলে কিদৰে চিন্তিত নোহোৱাকৈ থাকিব পাৰি বুলি উদ্বেগ প্ৰকাশ কৰে ৰজনীয়ে। এনে পৰিস্থিতিতে ৰজনীয়ে আনকি তেওঁৰ পৰা কোনো খবৰ লুকুৱাই ৰখা হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলত বি এছ এফ জোৱান পূৰ্ণম কুমাৰ শ্ব’ৱে ফিৰোজপুৰৰ ভাৰত-পাকিস্তান সীমান্তত শস্য চপোৱা কৃষকসকলৰ সুৰক্ষাৰ বাবে উপস্থিত হৈছিল যদিও ভুলবশতঃ পূৰ্ণাম কুমাৰ ছ’ৱে সীমান্ত পাৰ হৈ যায়.
ইয়াৰ পিছতে তেওঁক সীমান্তত থকা পাকিস্তানী ৰেঞ্জাৰে কৰায়ত্ব কৰি নিজৰ জিম্মাত লয়। উক্ত দিনাই বি এছ এফৰ বিষয়াসকলে পাক ৰেঞ্জাৰৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হৈছিল যদিও পাকিস্তানী পক্ষই জোৱানজনক মুকলি কৰি দিবলৈ মান্তি হোৱা নাছিল। পিছত ভাৰতীয় পক্ষই বাৰে বাৰে বৈঠকৰ বাবে আহ্বান জনোৱাৰ পিছতো কোনো পাকিস্তানী বিষয়া সভালৈ অহা নাহিল।