শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানে হেৰুওৱাব নেকি PoK ? অমিত শ্বাহৰ সতৰ্কবাণীৰ পাছতে তৎপৰতা বৃদ্ধি পাকিস্তান সেনাৰ

ভাৰতৰ এই সতৰ্কবাণীৰ পাছতে PoK বচাবলৈ তৎপৰ হৈছে পাকিস্তান । বহু বছৰৰ পাছত শ্ৰীনগৰৰ সমীপৰ PoK ত থকা পাকিস্তান বায়ুসেনাৰ দুটা ঘাটি পুনৰ মুকলি কৰিবলৈ সাজু হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ (LoC) সমীপৰ PoK ত অৱস্থিত এই দুটা সেনা ঘাটি বহু বছৰ ধৰি বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ পুনৰ মুকলি কৰিবলৈ সাজু হৈছে পাকিস্তান ।

পাকিস্তানে হেৰুওৱাব নেকি PoK ? অমিত শ্বাহৰ সতৰ্কবাণীৰ পাছতে তৎপৰতা বৃদ্ধি পাকিস্তান সেনাৰ
manas-borah
Manas Borah | Updated On: 11 Apr 2025 16:16 PM

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকীয়াই দিছিল যে, পাকিস্তানৰ দখলত থকা জম্মু-কাশ্মীৰ (PoK) প্ৰকৃততে ভাৰতৰ। আৰু ভাৰতে যথা সময়ত পুনৰ PoK উদ্ধাৰ কৰিব। গৃহমন্ত্ৰীয়ে ইংগিত দিয়ে যে, কেন্দ্ৰীয় চৰকাৰে সেই লক্ষ্যৰ দিশত কাম কৰি আছে। ইফালে, ভাৰতৰ এই সতৰ্কবাণীৰ পাছতে PoK বচাবলৈ তৎপৰ হৈছে পাকিস্তান ।

বহু বছৰৰ পাছত শ্ৰীনগৰৰ সমীপৰ PoK ত থকা পাকিস্তান বায়ুসেনাৰ দুটা ঘাটি পুনৰ মুকলি কৰিবলৈ সাজু হৈছে। নিয়ন্ত্ৰণ ৰেখাৰ (LoC) সমীপৰ PoK ত অৱস্থিত এই দুটা সেনা ঘাটি বহু বছৰ ধৰি বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ পুনৰ মুকলি কৰিবলৈ সাজু হৈছে পাকিস্তান । কোটলী আৰু ৰাৱালকোট নামৰ পাকিস্তান বায়ুসেনাৰ ঘাটি দুটা কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত । অৱশ্যে এই ঘাটি দুটা মুকলি খবৰ ভাৰতৰ বাবে যথেষ্ট চিন্তনীয়।

কিছুদিন পূৰ্বে বেলুচিস্তান প্ৰদেশত ১৫৫ জন যাত্ৰী আৰু পাকিস্তানী জোৱান কঢ়িয়াই অনা এখন ৰে’ল অপহৰণ কৰিছিল বেলুচ লিবাৰেচন আৰ্মীয়ে। যদিও ৰে’লখন মুকলি কৰি দিয়া হৈছিল, তথাপিও অপহৰণত কমেও ৬০জন লোকৰ মৃত্যু হয়। এই ঘটনাক লৈ ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছ পাকিস্তানে । অভিযোগ অনুসৰি, ভাৰতে বেলুচ বিদ্ৰোহীক অস্ত্ৰ যোগান ধৰিছে। অৱশ্যে ভাৰতে এই অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, বেলুচ বিদ্ৰোহীক সমৰ্থন কৰাৰ প্ৰশ্নই উত্থাপন নহয়। বেলুচিস্তানৰ জনসাধাৰণৰ পাকিস্তানৰ প্ৰতি গভীৰ অসন্তুষ্টি আছে । আমি ইয়াৰ বাবে কি কৰিব পাৰো ?

প্ৰকৃততে বেলুচ বিদ্ৰোহীৰ অভিযোগ যে, পাকিস্তান চৰকাৰে তেওঁলোকৰ খনিজ আৰু প্ৰাকৃতিক সম্পদ অবৈধভাৱে জব্দ কৰিব বিচাৰিছে। তেওঁলোকে কেতিয়াও তেনেকুৱা হ’বলৈ নিদিয়ে। সেইবাবেই তেওঁলোকে পাকিস্তান সেনাৰ ওপৰত আক্ৰমণ কৰি স্পষ্ট কৰি দিব বিচাৰে যে, বেলুচসকলে পাকিস্তানৰ হস্তক্ষেপ নিবিচাৰে। প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে, পাকিস্তান সেনাই বেলুচ বিদ্ৰোহীৰ সতৰ্কবাণীক সহজভাৱে লোৱা নাই। যাৰ বাবে বেলুচিস্তানৰ ছামছিত সেনা ঘাটিৰ শক্তি বৃদ্ধি কৰা হৈছে। ইয়াৰ লগত অমিত শ্বাহৰ সতৰ্কবাণী মাত্ৰ সংযোজন কৰা হৈছে।

কোটলী এয়াৰ বেছ পাকিস্তান সেনাৰ ২৩ নং ডিভিজনৰ অধীনত পৰে। এই ঘাটিটো শক্তিশালী কৰাৰ বাবে পাকিস্তানৰ অন্যান্য প্ৰদেশৰ পৰা কমেও ১০০টা বায়ু প্ৰতিৰক্ষা বাহিনীক কোটলীলৈ প্ৰেৰণ কৰা হৈছে । আনহাতে ৰাৱালকোট এয়াৰবেছ ১২ নং ডিভিজনৰ অন্তৰ্গত। এই দুয়োটা ঘাটি বিগত কেইবাবছৰ ধৰি বন্ধ হৈ আছিল। সূত্ৰ অনুসৰি, ছামছিত ৪০৩খন স্কোয়াড্ৰন সামৰিক হেলিকপ্টাৰ নিয়োগ কৰা হৈছে।

কেৱল সৈন্য আৰু সঁজুলিয়েই নহয়, ঘাটিটোৰ ৰাডাৰ নেটৱৰ্ক আৰু যোগাযোগ ব্যৱস্থাও কৰা হৈছে । সিন্ধৰ জাকোদাবাদৰ সমীপৱৰ্তী বিমান ঘাটিতো পাকিস্তান সেনাই এটা নতুন চাউনী নিৰ্মাণ কৰি আছে। যাৰ বাবে পাকিস্তান চৰকাৰে ইতিমধ্যে ৭ হাজাৰ একৰ মাটি অধিগ্ৰহণ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে ।

ইফালে, বেলুচিস্তানৰ নাছিৰাবাদত ২৬ হাজাৰ একৰ মাটিত বিস্তৃত আন এটা সামৰিক ঘাটি আছে পি এ এফৰ। অৱশ্যে এইবাৰ এল অ’ চিৰ ইমান ওচৰত পাকিস্তানী সেনাবাহিনীৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ প্ৰতিও সতৰ্ক হৈছে ভাৰত ।