এখন চকীৰ বাবে পহলগামত চলিল ‘নৰহত্যা’, পাক সেনা প্ৰধানৰ পৰিকল্পনাত পহলগাম আক্ৰমণ চলাৰ অভিযোগ পাকিস্তানৰ সাংবাদিকৰ

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ ইতিমধ্যেই ভাৰতে পাকিস্তানক কঠোৰ সকীয়নি প্ৰদান কৰিছে । তাৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য । পাক সেনা প্ৰধানৰ নিৰ্দেশতেই সংঘটিত হৈছিল পহলগাম আক্ৰমণ! অসীম মুনিৰে প্ৰথমে বিদেশী পাকিস্তানীক ফোন কৰি উচটনিমূলক বক্তব্য দিছিল আৰু তাৰ পিছত এনে আক্ৰমণ কৰাইছিল । মুনিৰৰ ভুলৰ পৰিণাম ভুগিব সকলো পাকিস্তানীয়ে । এগৰাকী পাকিস্তানী সাংবাদিকে প্ৰকাশ কৰিছে এই তথ্য ।

এখন চকীৰ বাবে পহলগামত চলিল নৰহত্যা, পাক সেনা প্ৰধানৰ পৰিকল্পনাত পহলগাম আক্ৰমণ চলাৰ অভিযোগ পাকিস্তানৰ সাংবাদিকৰ

পহলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ ছবি

Published: 

24 Apr 2025 14:38 PM

পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰৰ নিৰ্দেশত পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণ । এই তথ্য প্ৰকাশ পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক আদিল ৰাজাৰ । পাকিস্তানৰ চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতি দি আদিল ৰাজাই কয় যে অসীমে ইচ্ছাকৃতভাৱে পহলগামত এই আক্ৰমণ সংঘটিত কৰাইছিল, যাতে তেওঁৰ বিৰুদ্ধে থকা গোচৰটো বন্ধ কৰিব পৰা যায় । আদিল ৰাজা পাকিস্তানৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু তেওঁ হিউমেন ৰাইটছ ৱাচত কাম কৰে ।

মুনীৰৰ নিৰ্দেশত আক্ৰমণ !
আদিল ৰাজাই কয়, “মই এই পোষ্টটো লিখা দেখি মানুহে মোক ভাৰতৰ এজেন্ট বুলি ক’ব, কিন্তু সত্যটো হ’ল পহলগাম আক্ৰমণ মুনীৰৰ নিৰ্দেশত সংঘটিত হৈছিল । বহু জ্যেষ্ঠ বিষয়াই এই কথা অফ ৰেকৰ্ড কৈছে ।”

আদিলৰ মতে, মুনীৰে প্ৰথমে বিদেশী পাকিস্তানীক ফোন কৰি উচটনিমূলক বক্তব্য দিছিল আৰু তাৰ পিছত এনে আক্ৰমণ কৰাইছিল । মুনীৰৰ ভুলৰ পৰিণাম ভুগিব সকলো পাকিস্তানীয়ে । শ্বাহবাজে ততাতৈয়াকৈ মুনীৰক অপসাৰণ কৰক অন্যথা পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলিও তেওঁ লগতে কয় ।

আদিল ৰাজাৰ এই পোষ্টটো ইমৰাণ খানৰ দলৰ সমৰ্থক সকলে ব্যাপকভাৱে শ্বেয়াৰ কৰিছে । ইমৰাণৰ সমৰ্থকসকলে কয় যে মুনীৰক আঁতৰাই খানক ঘূৰাই আনিলেহে পাকিস্তানৰ পৰিস্থিতি উন্নত হ’ব পাৰে ।

সাংবাদিক আদিল ৰাজা কোন ?
পেছাৱৰৰ বাসিন্দা আদিল ৰাজা পাকিস্তানৰ জ্যেষ্ঠ সাংবাদিক । প্ৰাথমিক শিক্ষা ইছলামাবাদৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ৰ পৰা কৰিছিল । ১৭ বছৰ ধৰি পাকিস্তানী সাংবাদিকতাত সক্ৰিয় আদিল । বৰ্তমান তেওঁ ছ’লজাৰ্ছ কি শুনৌ নামৰ এটা ব্লগ চলাই আছে ।

ছচিয়েল মিডিয়াত আদিলৰ ১৬ লাখ ফ’ল’ৱাৰ আছে । পিপিপিৰ মুৰব্বী তথা চৰকাৰী অংশীদাৰ বিলোৱাল ভুট্টো জৰ্দাৰেও আদিলক অনুসৰণ কৰে । আদিলে প্ৰায়ে ইমৰাণ খানৰ বাবে লিখে । সেনা আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ থকা পাকিস্তানৰ সেই সাংবাদিকসকলৰ ভিতৰত আদিলক অন্যতম হিচাপে গণ্য কৰা হয় ।

২৬ জন লোকৰ মৃত্যুক লৈ ক্ষোভিত ভাৰত
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত ৰেজিষ্টেন্স ফ্ৰণ্টৰ সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক হত্যা কৰে । এই ঘটনাৰ পিছৰে পৰা ভাৰতত ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ বাবে ভাৰতে পাকিস্তানক জগৰীয়া কৰিছে । ২০১৯ চনত পাকিস্তানত প্ৰতিষ্ঠা হৈছিল দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ ।

টি আৰ এফে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ পৰা ধন লাভ কৰে । পাকিস্তানে আনকি টি আৰ এফৰ মুৰব্বীকো আশ্ৰয় দিয়ে । এই কাৰণেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

বয়সৰ পৰা ওজন বৃদ্ধিলৈ...জানক স্তন কৰ্কট ৰোগৰ কাৰণসমূহ...
টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...