আজিৰ পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিবেশন, চৰকাৰে দাখিল কৰিব ৬ খনকৈ বিধেয়ক – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

আজিৰ পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিবেশন, চৰকাৰে দাখিল কৰিব ৬ খনকৈ বিধেয়ক

১২ আগষ্টলৈকে চলিবলগীয়া এই অধিৱেশনত ১৯খন বৈঠক অনুষ্ঠিত হ’ব। এই সময়চোৱাত চৰকাৰে ৬ খন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। অধিৱেশনৰ সময়ত কেন্দ্ৰীয় শাসনৰ অধীনত থকা জম্মু-কাশ্মীৰৰ বাজেটেও সংসদৰ অনুমোদন লাভ কৰিব।

আজিৰ পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিবেশন, চৰকাৰে দাখিল কৰিব ৬ খনকৈ বিধেয়ক

সদন

Published: 

22 Jul 2024 06:41 AM

সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই সময়চোৱাত অৰ্থনৈতিক জৰীপ আৰু সাধাৰণ বাজেটকে ধৰি বহু বিধেয়ক দাখিল কৰা হ’ব।মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট। ইয়াৰ লগতে অধিবেশনত ইণ্ডিয়া মিত্ৰজোঁটে NEETৰ প্ৰশ্নকাকত কাগজ ফাদিল আৰু ৰে’ল নিৰাপত্তাৰ দৰে বিষয়ত চৰকাৰক সমালোচনা কৰাৰ সম্ভাৱণা আছে। ১২ আগষ্টলৈকে চলিবলগীয়া এই অধিৱেশনত ১৯খন বৈঠক অনুষ্ঠিত হ’ব।

এই সময়চোৱাত চৰকাৰে ৬ খন বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে। এই বিধেয়কৰ ভিতৰত ৯০ বছৰ পুৰণি আইন সলনি কৰাৰ বিধেয়কো অন্তৰ্ভুক্ত আছে।  অধিৱেশনৰ সময়ত কেন্দ্ৰীয় শাসনৰ অধীনত থকা জম্মু-কাশ্মীৰৰ বাজেটেও সংসদৰ অনুমোদন লাভ কৰিব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে সোমবাৰে দিনৰ ২:৩০ বজাত সংসদত দাখিল কৰিব অৰ্থনৈতিক জৰীপ। অভিলেখ গঢ়ি সপ্তমবাৰৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে। ২৩ জুলাইত দাখিল কৰা হ’ব কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাজেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছতে এই বাজেটতে প্ৰথমটো বৃহৎ নীতিগত ঘোষণা কৰা হ’ব।

এই অধিবেশনৰ পূৰ্বে দেওবাৰে পুৱা চৰকাৰে এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, কেন্দ্ৰীয় মন্ত্ৰী এলজেপি (ৰামবিলাস) নেতা চিৰাগ পাছৱানকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ নেতাই অংশ গ্ৰহণ কৰে। এই বৈঠকত কংগ্ৰেছৰ জয়ৰাম ৰমেশৰ উপৰিও কে সুৰেশ, এ আই আই এম আই এমৰ আছাদুদ্দিন ওৱেইছি, আৰ জে ডিৰ অভয় কুশৱাহা, জে ডি ইউৰ সঞ্জয় ঝা, আপৰ সঞ্জয় সিং, এন চি পিৰ প্ৰফুল্ল পেটেল আৰু এছ পি নেতা ৰাম গোপাল যাদৱ উপস্থিত থাকে।

 

 

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?