৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশনঃ অষ্টম বাজেট দাখিলৰ বাবে সাজু নিৰ্মলা সীতাৰমণ

অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। এই বাজেট অধিৱেশনতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে অষ্টম বাজেট দাখিল কৰিব। ১ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ সময়ত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব সাধাৰণ বাজেট। এই বাজেট অধিৱেশন ৪ এপ্ৰিললৈকে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশনঃ অষ্টম বাজেট দাখিলৰ বাবে সাজু নিৰ্মলা সীতাৰমণ

৩১ জানুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন

Published: 

17 Jan 2025 23:14 PM

অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন। এই বাজেট অধিৱেশনতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে অষ্টম বাজেট দাখিল কৰিব। ১ ফেব্ৰুৱাৰীত সংসদৰ অধিৱেশনৰ সময়ত বিত্তমন্ত্ৰীয়ে দাখিল কৰিব সাধাৰণ বাজেট। এই বাজেট অধিৱেশন ৪ এপ্ৰিললৈকে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত  পৰম্পৰা অনুসৰি অহা ৩১ জানুৱাৰীৰ পৰা সংসদৰ দুয়োটা সদনৰ যৌথ অধিৱেশনৰ জৰিয়তে অধিৱেশন আৰম্ভ হ’ব। এই যৌথ অধিৱেশনত পৰম্পৰা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ প্ৰদান কৰিব।

সংসদৰ দুয়োখন সদনৰ যৌথ অধিৱেশনৰ পিছত দাখিল কৰা হ’ব অৰ্থনৈতিক জৰীপ। লোকসভা সচিবালয়ে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি এই তথ্য প্ৰকাশ কৰিছে। বাজেট অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত সংসদৰ দুয়োটা সদনত বিতৰ্ক হয়। সংসদৰ দুয়োটা সদনত প্ৰধানমন্ত্ৰীৰ উত্তৰৰ সৈতে এই বিতৰ্কৰ অন্ত পৰে। উল্লেখ্য যে এইখন হ’ব অষ্টাদশ লোকসভাৰ চতুৰ্থ অধিৱেশন।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ এয়া হ’ব প্ৰথম বাজেট অধিবেশন। ১৮তম লোকসভা নিৰ্বাচনৰ পিছত মোদী চৰকাৰে দাখিল কৰিব সম্পূৰ্ণ বাজেট। অহা ৩১ জানুৱাৰীৰ পুৱা ১১ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সংসদৰ দুয়োখন সদনৰ যৌথ বৈঠকত ভাষণ প্ৰদান কৰিব। উল্লেখ্য যে বিগত বৰ্ষত অনুষ্ঠিত হোৱা সংসদৰ শীতকালীন অধিবেশনত ব্যাপক বিতৰ্ক তথা বিবাদৰ সৃষ্টি হৈছিল।

এই অধিৱেশনৰ সমগ্ৰ কাৰ্যসূচীৰ সময়তে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। শীতকালীন অধিৱেশনৰ প্ৰথম চাৰিদিনৰ বাবে সদনৰ কাম-কাজ সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছিল। বিগত বৰ্ষৰ ২৫ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ চলিছিল এই শীতকালীন অধিবেশন। ২৬ দিন ধৰি চলি থকা অধিৱেশনত লোকসভাৰ ২০খন বৈঠক আৰু ৰাজ্যসভাৰ ১৯খন বৈঠক অনুষ্ঠিত হয়।

অধিৱেশনৰ সময়ত লোকসভাত ৫খন বিধেয়ক উত্থাপন কৰা হয়। একে সময়তে ৪খন বিধেয়ক লোকসভাত গৃহীত হয়। আনহাতে ৩ খন বিধেয়ক ৰাজ্যসভাৰ দ্বাৰা গৃহীত হয়। কিন্তু বিৰোধী আৰু শাসকীয় দলৰ মাজত সৃষ্টি হোৱা ব্যাপক বিবাদৰ ফলস্বৰূপে সদনৰ কাম-কাজ স্থগিত হৈ পৰিছিল৷ এনে পৰিস্থিতিত এইবাৰ বাজেট অধিৱেশনত সদনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালিত হ’ব বুলি আশা কৰা হৈছে।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?