5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বুধবাৰলৈকে স্থগিত সদন ! আদানীৰ বিষয়ৰ ওপৰত বিতৰ্ক নিবিচাৰে চৰকাৰে : বিৰোধী সাংসদ

আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সংসদত বিতৰ্কৰ বাবে অনুৰোধ জনাই আহিছে বিৰোধীয়ে। এই বিষয়টো আলোচনাৰ বাবে সংসদত উত্থাপন কৰিবলৈ দাবী জনাই আহিছে বিৰোধীয়ে । ইয়াৰ মাজতে সোমবাৰে সংসদৰ দুয়োটা সদন স্থগিত ৰখাৰ সময়তে চৰকাৰে আদানী বিষয়ত ৰাজহুৱা বিতর্ক নিবিচাৰে বুলি অভিযোগ কৰিছে বিৰোধী দলৰ নেতাসকলে ।

বুধবাৰলৈকে স্থগিত সদন ! আদানীৰ বিষয়ৰ ওপৰত বিতৰ্ক নিবিচাৰে চৰকাৰে : বিৰোধী সাংসদ
লোকসভা শীতকালীন অধিৱেশন
manas-borah
Manas Borah | Updated On: 25 Nov 2024 15:47 PM

বিৰোধীয়ে উত্থাপন কৰা বিভিন্ন দাবীক লৈ সংসদৰ দুয়োটা সদনত সৃষ্টি হোৱা হুলস্থুলৰ মাজতে ২৭ নৱেম্বৰৰ পুৱা ১১ বজালৈ সদন স্থগিত ৰখা হৈছে । বিশেষকৈ আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ সংসদত বিতৰ্কৰ বাবে অনুৰোধ জনাই আহিছে বিৰোধীয়ে। এই বিষয়টো আলোচনাৰ বাবে সংসদত উত্থাপন কৰিবলৈ দাবী জনাই আহিছে বিৰোধীয়ে । ইয়াৰ মাজতে সোমবাৰে সংসদৰ দুয়োটা সদন স্থগিত ৰখাৰ সময়তে চৰকাৰে আদানী বিষয়ত ৰাজহুৱা বিতর্ক নিবিচাৰে বুলি অভিযোগ কৰিছে বিৰোধী দলৰ নেতাসকলে ।

সোমবাৰে বিৰোধী দলৰ কেইবাজনো নেতাই উৎকোচৰ অভিযোগত আমেৰিকাৰ আদালতত আদানী গোটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গৌতম আদানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বিষয়টোক লৈ আলোচনাৰ বাবে স্থগিত ৰখাৰ জাননী দিয়ে। ইয়াৰ মাজতে সংসদৰ দুয়োটা সদনৰ অধ্যক্ষই বিতৰ্কৰ অনুমতি অস্বীকাৰ কৰি দিনটোৰ বাবে কাৰ্য্যবিধি স্থগিত ৰাখে।

এই সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয় যে,’দেওবাৰে সৰ্বদলীয় বৈঠকত বিৰোধীয়ে আদানী গোটৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ সন্দৰ্ভত আলোচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। অভিযোগ আদানীৰ ওপৰত, কিন্তু যন্ত্ৰণা অনুভৱ কৰিছে বিজেপিয়ে।’ কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে,’বেছিভাগ দলে বিষয়টো আলোচনা কৰিবলৈ দাবী জনাইছিল, বিৰোধী দলৰ নেতাই আপত্তি কৰিছিল যে ইমান গুৰুত্বপূৰ্ণ বিষয়টো গ্ৰহণ কৰা হোৱা নাই। ফলস্বৰূপে সদন স্থগিত ৰখা হয়।’

‘মই বুজি নাপাওঁ, সদন স্থগিত ৰখাৰ পৰিৱৰ্তে তেওঁলোকে আলোচনা কৰিব পাৰিলেহেঁতেন। ইয়াৰ পৰা দেখা যায় যে চৰকাৰে আদানী বিষয়ত কোনো ধৰণৰ ৰাজহুৱা বিতৰ্ক কৰিব নিবিচাৰে। আমি এই বিষয়টো উত্থাপন কৰা নাই, বিষয়টো উত্থাপন কৰিছে ৰাইজে।’ এই দৰে কয় প্ৰমোদ তিৱাৰীয়ে ।

কংগ্ৰেছৰ আন এগৰাকী ৰাজ্যসভাৰ সাংসদ ৰঞ্জিত ৰঞ্জনে কয় যে, সদনৰ কাম-কাজ সুনিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব। ‘সদন চলি থকাটো চৰকাৰৰ দায়িত্ব। আদানী গোটৰ ওপৰত ৱাৰেণ্ট জাৰি কৰা হৈছে, এই বিষয়ত জেপিচি (যুটীয়া সংসদীয় সমিতি) তদন্ত দাবী কৰাটো ভুল নেকি? আমি কোনো অভিযোগ উত্থাপন কৰা নাই। বিষয়টো বিতৰ্কৰ বাবে ল’বলৈ কোৱোটো ভুল নেকি?’ এইদৰে প্ৰশ্ন কৰে সাংসদ ৰঞ্জিত ৰঞ্জনে ।

লগতে তেওঁ কয় যে, প্ৰদূষণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে যিবোৰৰ ওপৰত আলোচনা কৰিব নোৱাৰি । ইয়াৰ কাৰণ সদন গোটেই দিনটোৰ বাবে স্থগিত ৰখা হৈছে। আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে কয় যে, আদানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যিবোৰৰ ওপৰত আলোচনা কৰাটো প্ৰয়োজন।

উল্লেখ্য যে, সৌৰশক্তিৰ চুক্তিৰ অনুকূল চৰ্তৰ বিনিময়ত ভাৰতীয় বিষয়াসকলক ২৫ কোটি মাৰ্কিন ডলাৰৰ অধিক (প্ৰায় ২১০০ কোটি টকা) উৎকোচ দিয়াৰ আঁচনিৰ অংশ হিচাপে আমেৰিকাত আদানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । পিছে আদানী গ্ৰুপে এই অভিযোগ ভিত্তিহীন বুলি নাকচ কৰিছে।

লগতে পঢ়ক : All Party Meeting : সৰ্বদলীয় বৈঠক আৰম্ভ হোৱাৰ লগে লগে আদানীক লৈ আলোচনাৰ দাবী কংগ্ৰেছৰ, কি কি বিষয় আলোচনা হোৱাটো বিচাৰে বিৰোধীয়ে…?

Latest News