আজি বিয়লি প্ৰতিৰক্ষা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক…
সোমবাৰে বিয়লি অনুষ্ঠিত হ’ব সংসদীয় প্ৰতিৰক্ষা স্থায়ী সমিতিৰ বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোক কল্যাণ মাৰ্গত সাক্ষাৎ কৰাৰ পাছতে এই বৈঠক অনুষ্ঠিত হ’ব ।

সংসদ ভৱন
আজি বিয়লি ৩ বজাত সংসদ গৃহৰ উপভৱনত অনুষ্ঠিত হ’ব সংসদীয় প্ৰতিৰক্ষা স্থায়ী সমিতিৰ বৈঠক। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লোক কল্যাণ মাৰ্গত সাক্ষাৎ কৰাৰ পাছতে এই বৈঠক অনুষ্ঠিত হ’ব । উল্লেখ্য যে,পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰীক অৱগত কৰাৰ এদিন পিছতে এই বৈঠক অনুষ্ঠিত হ’ব। একেদৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক লৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকৰ তিনিদিন পিছত আজিৰ এই বৈঠক অনুষ্ঠিত হ’ব ।
২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছিল । ইয়াৰে বেছি সংখ্য়ক লোক পৰ্যটক আছিল। ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত অঞ্চলটোত সংঘটিত হোৱা এইটো আছিল আটাইতকৈ ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ।
ইফালে, NIA ই এই ঘটনাৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ উপৰিও ভাৰতীয় সেনাই পহলগামত সংঘটিত আক্ৰমণৰ পিছত সন্ত্ৰাসবাদীক দমন কৰাৰ বাবে কেইবাটাও অভিযান আৰম্ভ কৰিছে। ২৩ এপ্ৰিলত কেবিনেট কমিটী অন ছিকিউৰিটি (চিচিএছ)ৰ এই আক্ৰমণ সন্দৰ্ভত পদক্ষেপ ল’বলৈ বৈঠকত মিলিত হয় ।
ইফালে, জম্মু-কাশ্মীৰত সংঘটিত হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত, ভাৰতীয় সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ভাৰতে ১৬টা পাকিস্তানী ইউটিউব চেনেলনিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ।