Parvesh Singh: ঝাড়ুৰে পৰিষ্কাৰ কৰা দিল্লীত ফুলিল পদুম ! কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ সিং কোন জানেনে ?
দিল্লীৰ যিখন আসনৰ পৰা বিগত তিনিটা নিৰ্বাচনত জয়ী হৈ আহিছে, সেই একেখন আসনতে পৰাজিত হৈছে কেজৰিৱাল । কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰা আসনখন আছি নতুন দিল্লী । কেজৰিৱালৰ মূল প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ চাহিব সিং। তেওঁ কোন জানেনে ?
![Parvesh Singh: ঝাড়ুৰে পৰিষ্কাৰ কৰা দিল্লীত ফুলিল পদুম ! কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ সিং কোন জানেনে ? Parvesh Singh: ঝাড়ুৰে পৰিষ্কাৰ কৰা দিল্লীত ফুলিল পদুম ! কেজৰিৱালক পৰাস্ত কৰা প্ৰৱেশ সিং কোন জানেনে ?](https://images.assamtv9.com/uploads/2025/02/Parvesh.jpg?q=50&w=1280)
প্ৰৱেশ চাহিব সিং
ৰাজনীতিত উত্থান-পতন থকাটো স্বাভাৱিক । কিন্তু বিগত তিনিটাকৈ দিল্লীৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ অহা অৰবিন্দ কেজৰিৱালে এইবাৰ পৰাজয়ক মানি ল’বলগীয়া হৈছে । দিল্লীৰ যিখন আসনৰ পৰা বিগত তিনিটা নিৰ্বাচনত জয়ী হৈ আহিছে, সেই একেখন আসনতে পৰাজিত হৈছে কেজৰিৱাল । কেজৰিৱালে প্ৰতিদ্বন্দ্বিতা কৰা আসনখন আছি নতুন দিল্লী । কেজৰিৱালৰ মূল প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ প্ৰাৰ্থী প্ৰৱেশ চাহিব সিং।
দুবাৰকৈ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল প্ৰৱেশ চাহিব সিং ভাৰ্মা। অৱশ্যে ৰাজনীতিৰ লগত তেওঁৰ সম্পৰ্ক সৰুৰে পৰা। তেওঁৰ পিতৃ চাহিব সিং ভাৰ্মা দিল্লীৰ মুখ্যমন্ত্ৰী আছিল। ৰাজনৈতিক পৰিয়ালত ডাঙৰ-দীঘল হোৱা প্ৰৱেশৰ ককাক আজাদ সিং উত্তৰ দিল্লী পৌৰসভাৰ মেয়ৰ আছিল। বৰ্তমান কেজৰিৱালক পৰাস্ত কৰি হয়তো তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে। প্ৰকাশিত খবৰ অনুসৰি, আজি প্ৰৱেশ চাহিব সিংঙে সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।
প্ৰৱেশ চাহিব সিং কোন?
১৯৭৭ চনত দিল্লীত জন্মগ্ৰহণ কৰিছিল প্ৰৱেশে । দিল্লী পাব্লিক স্কুল, আৰ কে পুৰমৰ পৰা অধ্যয়ন কৰিছিল প্ৰৱেশ চাহিব সিঙে । ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ফোৰ স্কুল অৱ মেনেজমেণ্টৰ পৰা এম বি এ ডিগ্ৰী গ্ৰহণ কৰে ।
২০১৩ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰৱেশ চাহিব সিঙে । প্ৰথমবাৰৰ বাবে মেহৰৌলী সমষ্টিৰ পৰা তেওঁ দিল্লী বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । প্ৰথম নিৰ্বাচনতে তেওঁ জয়লাভ কৰে। তাৰ পিছত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ পশ্চিম দিল্লীৰ আসনৰ পৰা জয়ী হৈছিল।
২০১৯ চনত একেটা সমষ্টিৰ পৰা তেওঁ অভিলেখ সৃষ্টি কৰি ৫.৭৮ লাখ ভোট লাভ কৰিছিল। প্ৰৱেশ সাংসদ হৈ থকাৰ সময়তে দৰমহা আৰু ভাট্টা সম্পৰ্কীয় যুটীয়া সমিতিৰ সদস্য আছিল। নগৰ উন্নয়ন স্থায়ী সমিতিৰ সদস্যও আছিল প্ৰৱেশ চাহিব সিং। এইবাৰ ২০২৫ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে “কেজৰিৱালকে হাটাও, দেশ বাচাও” শ্লোগানেৰে প্ৰচাৰ চলাইছিল প্ৰৱেশ চাহিবে ।