হাতত সুৰা লৈ জম্মু-কাশ্মীৰত আৰু দূৰ কৰিব নোৱাৰিব দেহৰ ঠাণ্ডা! পৰ্যটকলৈ এই আহ্বান…
শীতৰ প্ৰভাৱে দেহলৈ আনি দিয়া শিথিলতা দূৰ কৰি দেহটোক উষ্ণ কৰি তুলিবলৈ হয়তো জম্মু-কাশ্মীৰত কোনো সময়ত অধিকাংশ লোকেই হাতত তুলি লয় সুৰাৰ গিলাচ। সেয়াও হয়তো উপত্যকাটোত এক ৰমনীয় বিলাস। পিছে এই বিলাস হয়তো এতিয়া উপলব্ধ নহ’ব জম্মু-কাশ্মীৰত। কিয়নো উপত্যকাটোত এতিয়া ব্যাপক ৰূপত উত্থাপন হৈছে সুৰা নিষিদ্ধকৰণৰ দাবী।

প্ৰকৃতিৰ স্বৰ্গভূমি জম্মু-কাশ্মীৰ। অপৰূপ তথা অনন্য প্ৰাকৃতিক সৌন্দৰ্যৰ আধাৰ ভাৰতৰ সীমান্তৰ এই উপত্যকাটিয়ে প্ৰতিনিয়ত হাত বাউল দি মাতে বিশ্বৰ সৰ্বপ্ৰান্তৰ প্ৰতিগৰাকী সৌন্দৰ্যপিয়াসী লোকক। এই সৌন্দৰ্য উপভোগৰ বাবে জম্মু-কাশ্মীৰত ভিৰ হয় অসংখ্য দেশী-বিদেশী পৰ্যটকৰ। হাড় কঁপোৱা শীত নেওচি প্ৰতিগৰাকী লোকেই উপত্যকাটোৰ সৌন্দৰ্যৰে নিবাৰণ কৰে চকুৰ ক্ষুধা।
শীতৰ প্ৰভাৱে দেহলৈ আনি দিয়া শিথিলতা দূৰ কৰি দেহটোক উষ্ণ কৰি তুলিবলৈ হয়তো জম্মু-কাশ্মীৰত কোনো সময়ত অধিকাংশ লোকেই হাতত তুলি লয় সুৰাৰ গিলাচ। সেয়াও হয়তো উপত্যকাটোত এক ৰমনীয় বিলাস। পিছে এই বিলাস হয়তো এতিয়া উপলব্ধ নহ’ব জম্মু-কাশ্মীৰত। কিয়নো উপত্যকাটোত এতিয়া ব্যাপক ৰূপত উত্থাপন হৈছে সুৰা নিষিদ্ধকৰণৰ দাবী।
শেহতীয়াকৈ এই দাবীয়ে কাশ্মীৰত যথেষ্ট চৰ্চা লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০১৬ চনত প্ৰথমে জম্মু-কাশ্মীৰত সুৰা নিষিদ্ধকৰণৰ দাবী উত্থাপন হৈছিল। পিছে সেই সময়ত মেহবুবা মুফতীৰ দল পিডিপিয়ে এই দাবীৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল। কিন্তু এতিয়া সম্পূৰ্ণ ওলোটা হৈ পৰিছে পৰিস্থিতি। জম্মু-কাশ্মীৰত এতিয়া সুৰা নিষিদ্ধ হোৱাটো বিচাৰে মেহবুবা মুফতিয়ে।
এই উদ্দেশ্যৰে উপত্যকাটোত আৰম্ভ হৈছে অভিযান। বিগত এসপ্তাহ ধৰি শ্ৰীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত সুৰা নিষেধাজ্ঞাৰ দাবীত পোষ্টাৰ দেখিবলৈ পোৱা গৈছে। পৰ্যটকসকলেও স্থানীয় পৰম্পৰা আৰু সংস্কৃতিক সন্মান কৰিব লাগে বুলি পোষ্টাৰত আহ্বান জনোৱা হৈছে। এনে পোষ্টাৰ আঁতৰাই দিয়াৰ বাবে আৰক্ষীৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী।
এনে পৰিস্থিতিত এতিয়া আগন্তুক বাজেট অধিবেশনতো এই দাবী উত্থাপন হ’ব পাৰে বুলি অনুমান কৰা হৈছে। সূত্ৰ অনুসৰি পিডিপি আৰু নেচনেল কনফাৰেঞ্চ- দুয়োটা দলে মদ নিষিদ্ধ কৰাৰ দাবীত বিধেয়ক দাখিল কৰিছে। আন কিছুমান ক্ষুদ্ৰ ৰাজনৈতিক দলেও সুকীয়া আবেদন দাখিল কৰি সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী তুলিছে।
উল্লেখ্য যে পৰ্যটনৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল কাশ্মীৰত ব্ৰিটিছ যুগৰ পৰাই সুৰাৰ প্ৰচলন হৈ আহিছে। কিন্তু নব্বৈৰ দশকত ইছলামিক উগ্ৰপন্থী সংগঠনে জম্মু-কাশ্মীৰত সুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। এতিয়া ৰাজনৈতিকভাৱে এই দিশত ব্যৱস্থাত গ্ৰহণৰ দাবী উঠিছে। পৰৱৰ্তী পৰ্যায়ত এই দাবীয়ে কেনে সঁহাৰি পায়, সেয়া হ’ব লক্ষণীয়।