কান্দি কান্দি এগৰাকী মহিলাৰ কাতৰ অনুৰোধ, “মোৰ স্বামীক বচাওক” ! কিমান ভয়াৱহ আছিল পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ…
পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পোহৰলৈ আহিছে বহু ভিডিঅ’। ইয়াৰে এটা ভিডিঅ’ বিশেষভাৱে ভাইৰেল হোৱা দেখা গৈছে । এই ভিডিঅ’টোত পৰ্যটকৰ কান্দোন আৰু উদ্ধাৰৰ বাবে কাতৰ অনুৰোধ শুনা যায়।

পহলগামত সন্ত্ৰাসবাদীয়ে এদল পৰ্যটকক আক্ৰমণ কৰাৰ পিছতে মানুহৰ প্ৰতিক্ৰিয়া
কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত হোৱাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণে দেশ জোকাৰি গৈছে । “মিনি ছুইজাৰলেণ্ড” ৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ গৈ সন্ত্ৰাসৰ বলি হ’ল এদল পৰ্যটক । ২২ এপ্ৰিলৰ মঙলবাৰৰ দিনটোত সংঘটিত হোৱা এই সন্ত্ৰাসবাদী আক্ৰমণত এতিয়ালৈকে ২৬ জন লোক নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে । নিহত সকলৰ ভিতৰত বেছি সংখ্যকেই পৰ্যটক আছিল।
পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পোহৰলৈ আহিছে বহু ভিডিঅ’। ইয়াৰে এটা ভিডিঅ’ বিশেষভাৱে ভাইৰেল হোৱা দেখা গৈছে । এই ভিডিঅ’টোত পৰ্যটকৰ কান্দোন আৰু উদ্ধাৰৰ বাবে কাতৰ অনুৰোধ শুনা যায়। এই ভিডিঅ’টোত বন্দী হৈছে স্বামীক বচাবলৈ পত্নীয়ে কৰা হতাশজনক কাতৰ অনুৰোধ। লগতে ভিডিঅ’টোত উগ্ৰপন্থীয়ে কেনেকৈ আহি পৰ্যটকক আক্ৰমণ কৰে সেই কথাও বৰ্ণনা কৰিছে এগৰাকী মহিলাই ।
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ সংঘটিত কৰে । পৰ্যটকক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰিছিল সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত এতিয়ালৈকে ২৬ জন লোক নিহত হোৱা বুলি খবৰ প্ৰকাশ পাইছে ।
ভাইৰেল হৈ পৰা ভিডিঅ’টোত এগৰাকী মহিলাই কান্দি কান্দি কোৱা শুনা গৈছে যে, “আমি ভেলপুৰী খাই আছিলো। সেই সময়ত কোনোবাই মোৰ স্বামীক গুলীয়াই হত্যা কৰিছিল।” তেওঁ কয়, “তেওঁলোকে কৈছিল যে মোৰ স্বামী তেওঁলোকৰ ধৰ্মৰ নহয়। সেইবাবেই গুলীচালনা কৰিছিল।” সেই কথা কওঁতেও মহিলাগৰাকীয়ে কান্দি উঠিছিল।
দৃশ্য গ্ৰহণ কৰা ব্যক্তিজনে তেওঁলোকক সান্ত্বনা দিবলৈ চেষ্টা কৰা দেখা গৈছে। ভিডিঅ’ কৰি থকা লোকজনে কোৱা শুনা গৈছে যে, “আপোনালোকে চিন্তা নকৰিব আমি আপোনালোকৰ সৈতে আছোঁ । আমি একেলগে আছোঁ।”
ভিডিঅ’টোত আৰু কেইবাজনো লোকক দেখা পোৱা যায় । কান্দি কান্দি শোকত ভাগি পৰা দেখা গৈছিল এগৰাকী মহিলাক। মহিলাগৰাকীয়ে কোৱা শুনা যায় যে,”অনুগ্ৰহ কৰি মোৰ স্বামীক বচাওক। আমাক সহায় কৰক।” দৃশ্য গ্ৰহণ কৰা ব্যক্তিজনে মহিলাগৰাকীক সান্ত্বনা দিবলৈ চেষ্টা কৰিছিল । ভিডিঅ’টোত দুজন লোকক মাটিত পৰি থকাও দেখা যায়।
আক্ৰমণৰ পিছৰ এই ভিডিঅ’টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । বিশেষকৈ এক্স হেণ্ডেলত ভাইৰেল হৈছে এই এই ভিডিঅ’ । ভিডিঅ’টোত ৰক্তাক্ত মৃতদেহ পৰি দেখা গৈছে । ভিডিঅ’টোৱে আপোনাৰ মনটোক বিচলিত কৰিব পাৰে।
উল্লেখ্য যে, এই আক্ৰমণ সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লৰালৰিকৈ শ্ৰীনগৰলৈ ৰাওনা হয় আৰু শ্ৰীনগৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাজভৱনলৈ যায়। জম্মু-কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধান নলিন প্ৰভাতে ঘটনাৰ সন্দৰ্ভত গৃহমন্ত্ৰীক অৱগত কৰে। ব্রিফিঙৰ সময়ত উপ-ৰাজ্যপাল মনোজ সিনহা, মুখ্যমন্ত্রী ওমৰ আব্দুল্লা, কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকা উপস্থিত থাকে৷
ইফালে, দুদিনীয়া বিদেশ ভ্ৰমণ আধাতে সামৰি আজি ৰাতিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীলৈ উভতিব বুলি খবৰ প্ৰকাশ পাইছে । দুদিনীয়া ভ্ৰমণসূচীৰে আজি চৌদি আৰৱলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী ।