5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মুখ্যমন্ত্ৰীৰ মন্তব্যঃ এতিয়া সময় আহি পৰিছে ১৬ টাকৈ সন্তান জন্ম দিয়াৰ…

বৃদ্ধলোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক এক বিশেষ আহ্বান জনায়। তেওঁ জনতাক ১৬ টাকৈ সন্তান জন্ম দিয়াৰ সময় আহি পৰিছে বুলি কয়।

মুখ্যমন্ত্ৰীৰ মন্তব্যঃ এতিয়া সময় আহি পৰিছে ১৬ টাকৈ সন্তান জন্ম দিয়াৰ…
এগৰাকী মুখ্যমন্ত্ৰীৰ মন্তব্য
barasha-sarma
Barasha Sarma | Published: 21 Oct 2024 16:37 PM

বৰ্তমান ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ বিৰুদ্ধে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ মাজতে এগৰাকী মুখ্যমন্ত্ৰীয়ে জনসংখ্যা সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাক ১৬ টাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনায়। শনিবাৰে জনসংখ্যাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে আগবঢ়োৱা মন্তব্যৰ পাছত এইবাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে। ৰাজহুৱাকৈ মন্তব্য প্ৰদান কৰি তেওঁ জনতাক ১৬ টাকৈ সন্তান জন্ম দিবলৈ আহ্বান জনায়।

চেন্নাইত হিন্দু ধৰ্মীয় আৰু দাতব্য ব’ৰ্ডে আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহম কৰি মুখ্যমন্ত্ৰী ষ্টেলিনে এই বক্তব্য প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৩১ গৰাকী দম্পতীৰ বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনুষ্ঠানতে মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায় মন্ত্ৰী শেখৰ বাবুক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। তেওঁ কয় যে মন্দিৰসমূহৰ পৰিচালনা আৰু সম্পদসমূহ সুশৃংখলিত কৰাৰ ক্ষেত্ৰত ডি এম কে চৰকাৰে যথেষ্ঠ কষ্ট কৰিছে আৰু ইয়াৰ শলাগ লয় সকলো ভক্তই।

এই অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে বয়োজ্যেষ্ঠসকলে নৱবিবাহিত দম্পতীক ১৬ প্ৰকাৰৰ সম্পত্তিৰ আশীৰ্বাদ দিছিল। হয়তো এতিয়া সময় আহি পৰিছে ১৬ সন্তান জন্ম দিয়াৰ। তেওঁ কয়, এতিয়া ১৬ প্ৰকাৰৰ সম্পত্তিৰ আশীৰ্বাদতকৈ ১৬ সন্তান জন্ম দিয়াৰ আশীৰ্বাদ দিব লাগে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে জনসংখ্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, অন্ধ্ৰপ্ৰদেশৰ লগতে দক্ষিণৰ বহু ৰাজ্যৰ জনসংখ্যা হ্ৰাস পাইছে। ইয়াত যুৱসকলৰ বিপৰীতে বৃদ্ধলোকৰ সংখ্যা বৃদ্ধি পাইছে। ই এক উদ্বেগজনক বিষয়।

নাইডুৱে কৈছিল, দক্ষিণ ভাৰতৰ উৰ্বৰতাৰ হাৰ ১.৬ লৈ হ্ৰাস পাইছে, যি ৰাষ্ট্ৰীয় গড় ২.১ তকৈ বহু কম। অন্ধ্ৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যত বৰ্তমান প্ৰজননৰ হাৰ কমিছে। দক্ষিণ ভাৰতৰ  বহু গাঁৱত কেৱল বৃদ্ধ লোকহে বাকী আছে, ইয়াৰ বিপৰীতে এই অঞ্চলসমূহত কমি গৈ আছে যুৱলোকৰ সংখ্যা। যদি এনে পৰিস্থিতি হৈ থাকে তেন্তে ২০৪৭ চনৰ ভিতৰত বৃদ্ধলোকৰ সংখ্যা যথেষ্ঠ বৃদ্ধি হব। ইয়াৰ ক্ষেত্ৰত চৰকাৰে বিধেয়ক অনাৰ কথাও উল্লেখ কৰিছিল।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ পাছতেই এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰূপ মন্তব্য কৰিছে। এইগৰাকী মুখ্যমন্ত্ৰীয়েও দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰজননৰ হাৰ হ্ৰাস পোৱা বুলি উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিয়া হোৱা দম্পতীসকলক আওপকীয়াকৈ  ১৬ টাকৈ সন্তান জন্ম দিয়াৰ আহ্বান জনায়।

 

Latest News