5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন বিধেয়ক! জনতাক অধিক সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ, নহ’লে নাপাব বিশেষ সুবিধা…

ৰাজ্যবাসীক এক বিশেষ আহ্বান জনাই এগৰাকী মুখ্যমন্ত্ৰীয়ে। ৰাজ্যবাসীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ লোকসকলে অধিক সন্তান জন্ম দিব লাগে। এই ক্ষেত্ৰত চৰকাৰে আনিব এখন বিশেষ বিধেয়কয

নতুন বিধেয়ক! জনতাক অধিক সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ, নহ’লে নাপাব বিশেষ সুবিধা…
জনসংখ্যা
barasha-sarma
Barasha Sarma | Published: 20 Oct 2024 20:57 PM

জনসাধাৰণক এক বিশেষ আহ্বান জনালে এগৰাকী মুখ্যমন্ত্ৰীয়ে। শনিবাৰে এক বিশাল জনসভা সম্বোধন কৰি এগৰাকী মুখ্যমন্ত্ৰীয়ে জনতাক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়। ৰাজ্যত প্ৰজননৰ হাৰ হ্ৰাস পোৱা আৰু বৃদ্ধলোকৰ জনসংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে এই চাঞ্চল্যকৰ মন্তব্য কৰে। তেওঁ দক্ষিণৰ ৰাজ্য়ৰ লোকসকলক বেছিকৈ সন্তান জন্ম দিয়াৰ বাবে আহ্বান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বয়োজ্যেষ্ঠলোকৰ জনসংখ্যা বৃদ্ধিৰ কথাও উল্লেখ কৰে।

টিডিপিৰ অধ্যক্ষগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত চৰকাৰে বিধেয়ক উত্থাপন কৰাৰ বিষয়েও চৰ্চা চলাই আছে য’ত বেছিকৈ সন্তান জন্ম দিয়া লোকসকলক বিশেষ সুবিধা দিয়াৰ কথাও উল্লেখ থাকিব। ইয়াৰ লগতে এনে আইনৰ ওপৰত বিচাৰ চলাই থকা হৈছে যাৰ অধীনত স্থানীয় নিকায় নিৰ্বাচনত সেইসকলহে অৱতীৰ্ণ হ’ব যাৰ কমেও দুটা সন্তান থাকিব।

চন্দ্ৰবাবু নাইডুৱে কয় যে দক্ষিণৰ ৰাজ্যসমূহত দ্ৰুতগতিত হ্ৰাস পোৱা প্ৰজননৰ হাৰ ৰাজ্যখনৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে। তেওঁ কয় যে দক্ষিণ ভাৰতৰ উৰ্বৰতাৰ হাৰ ১.৬ লৈ হ্ৰাস পাইছে, যি ৰাষ্ট্ৰীয় গড় ২.১ তকৈ বহু কম। অন্ধ্ৰ প্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যত বৰ্তমান প্ৰজননৰ হাৰ কমিছে। দক্ষিণ ভাৰতৰ  বহু গাঁৱত কেৱল বৃদ্ধ লোকহে বাকী আছে, ইয়াৰ বিপৰীতে এই অঞ্চলসমূহত কমি গৈ আছে যুৱলোকৰ সংখ্যা। যদি এনে পৰিস্থিতিয়ে চলি থাকে তেন্তে আহিবলগীয়া সময়ত ই ৰাজ্যৰ লগতে দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদি এই হিচাপত প্ৰজননৰ হাৰ থাকে তেন্তে ২০৪৭ চনৰ ভিতৰত দক্ষিণৰ ৰাজ্যত বৃদ্ধ মানুহৰ সংখ্যা অধিক বৃদ্ধি পাব।

তেওঁ কয় যে পূৰ্বে এনে আইন প্ৰণয়ন কৰা হৈছিল য’ত অধিক সন্তান থকা লোকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে, কিন্তু এতিয়া এই আইনখন সলনি কৰাৰ কথা বিবেচনা কৰা হৈছে। তেওঁ কয় যে অৱশ্যে ২০৪৭ চনলৈকে আমাৰ জনগাঁথনিগত সুবিধা আছে। বৰ্তমান অন্ধ্ৰপ্ৰদেশকে ধৰি দক্ষিণ ভাৰতত বয়স বৃদ্ধিৰ সমস্যাৰ লক্ষণ দেখা দিছে আৰু ই অতি উদ্বেগজনক বিষয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, জাপান, চীন আৰু কিছুমান ইউৰোপীয় ৰাষ্ট্ৰৰ দৰে বহু দেশ এই সমস্যাৰ সন্মুখীন হৈ আছে, য’ত বৃদ্ধলোকৰ জনসংখ্যা অধিক। দক্ষিণ ভাৰতত এনে সমস্যা বৃদ্ধি পোৱাৰ কাৰণ হ’ল, অন্ধ্ৰপ্ৰদেশৰ লগতে দক্ষিণ ভাৰতৰ অন্য ৰাজ্যৰ যুৱক- যুৱতীসকল দেশৰ অন্য প্ৰান্তলৈ বা বিদেশলৈ প্ৰব্ৰজন কৰে। যদি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ই এক ডাঙৰ সমস্যা হ’বলৈ গৈ আছে।

Latest News