অকালতে মৰহি গ’ল সকলো সপোন, প্ৰেমিক আদিত্যৰ নিৰ্যাতন সহিব নোৱাৰি এয়াৰ ইণ্ডিয়াৰ পাইলটৰ চৰমপন্থা

আদিত্যৰ প্ৰেমিকাৰ নাম আছিল সৃষ্টি তুলি। সৃষ্টি এয়াৰ ইণ্ডিয়াৰ এগৰাকী পাইলট আছিল। অভিযোগ উত্থাপন হৈছে যে আদিত্যই সৃষ্টিক তেওঁৰ কথা মতে জীয়াই থাকিবলৈ, খাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তেওঁলোকৰ সম্পৰ্কটো দুবছৰ ধৰি চলিছিল।

অকালতে মৰহি গল সকলো সপোন, প্ৰেমিক আদিত্যৰ নিৰ্যাতন সহিব নোৱাৰি এয়াৰ ইণ্ডিয়াৰ পাইলটৰ চৰমপন্থা

প্ৰেমিকৰ নিৰ্যাতন সহিব নোৱাৰি এয়াৰ ইণ্ডিয়াৰ পাইলটৰ চৰমপন্থা

Updated On: 

28 Nov 2024 08:29 AM

মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ পৱাই আৰক্ষী থানাত আদিত্য পণ্ডিত নামৰ এজন যুৱকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এখন এজাহাৰ । আদিত্যই তেওঁৰ প্ৰেমিকাক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ।আদিত্যৰ প্ৰেমিকাৰ নাম আছিল সৃষ্টি তুলি। সৃষ্টি এয়াৰ ইণ্ডিয়াৰ এগৰাকী পাইলট আছিল। অভিযোগ উত্থাপন হৈছে যে আদিত্যই সৃষ্টিক তেওঁৰ কথা মতে জীয়াই থাকিবলৈ, খাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তেওঁলোকৰ প্ৰেমৰ ম্পৰ্কটো দুবছৰ ধৰি চলিছিল। এইবাৰ, যেতিয়া আদিত্যই সৃষ্টিক ১২ দিনৰ বাবে হোৱাটছএপত ব্লক কৰিছিল, ১৩ দিনৰ দিনা সৃষ্টিয়ে আদিত্য ফোন কৰি কৈছিল যে তেওঁ নিজৰ জীৱন শেষ কৰিব।

দুবছৰ ধৰি আদিত্য পণ্ডিত আৰু সৃষ্টি তুলিৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। আদিত্য পণ্ডিতে তেওঁৰ প্ৰেমিকা সৃষ্টি তুলিৰ ওপৰত নিৰন্তৰভাৱে অত্যাচাৰ চলাই আহিছিল। সৰু সৰু কথাক লৈ দুয়োৰে মাজত এটা ডাঙৰ বিবাদ সৃষ্টি হৈছিল। এদিন বজাৰ কৰা লৈ যেতিয়া দুয়োৰে মাজত কাজিয়া হৈছিল তেওঁলোক দুৰ্ঘটনা পতিত হৈছিল আৰু আদিত্যই তেওঁৰ প্ৰেমিকা সৃষ্টিক ৰাস্তাৰ মাজত এৰি থৈ গৈছিল। তেতিয়া বন্ধুৰ সহায়ত সৃষ্টি ঘৰত উপস্থিত হৈছিল। আদিত্যৰ এই আচৰণে সৃষ্টিক যথেষ্ট আঘাত কৰিছিল,। কিন্তু আদিত্যৰ প্ৰতি থকা প্ৰেমৰ বাবে, সৃষ্টিয়ে এই সকলোবোৰ পাহৰি গৈছিল।

ইয়াৰ উপৰিও নন-ভেজ খাদ্যকলৈও দুয়োৰে মাজত কাজিয়া হৈছিল, কিয়নো আদিত্য পণ্ডিতে নন-ভেজ ভাল নাপায়। আদিত্যই ৰেষ্টুৰেণ্টত সকলোৰে আগতে সৃষ্টিক অপমান কৰিছিল। কিন্তু সৃষ্টিয়ে তাৰ পাছতো আদিত্যৰ আচৰণৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁ নিশ্চিত আছিল যে এদিন আদিত্য স্বাভাৱিক হ’ব। কিন্তু শেহতীয়াকৈ আদিত্যৰ ভনীয়েকৰ বিয়া ঠিক হৈছিল। বিয়ালৈ যাবলৈ আদিত্যই সৃষ্টিৰ ওপৰত ইমান হেঁচা দিছিল যে তেওঁলোক দুয়োৰে মাজতে পুনৰ কাজিয়াৰ সৃষ্টি হৈছিল।

আদিত্যই ১২ দিনৰ বাবে সৃষ্টিক হোৱাটছএপত ব্লক কৰি ৰাখিছিল। তাৰ পাছতে সৃষ্টি ইমান গভীৰভাৱে বিচলিত হৈছিল যে ২৫ নৱেম্বৰৰ নিশা তেওঁ আদিত্যক ফোন কৰি কৈছিল যে তাই আত্মহত্যা কৰিব। এই কথা শুনি আদিত্য ভয় খাইছিল। তেওঁ সৃষ্টিৰ ফ্লেটত উপস্থিত হৈছিল, কিন্তু দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল। তেতিয়া চাবিৰ দোকানীৰ সহায়ত দুৱাৰখন খোলা হৈছিল আৰু ভিতৰলৈ যোৱাত সৃষ্টিৰ মৃতদেহটো ফেনত ওলমি আছিল। ইয়াৰ বাবে সৃষ্টিয়ে ডাটা কেবল ব্যৱহাৰ কৰিছিল।

ঘটনাৰ পাছত সৃষ্টিৰ পিতৃ দাখিল কৰা অভিযোগৰ ভিত্তিত প্ৰেমিক আদিত্য পণ্ডিতক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে বিষয়টো অধিক অনুসন্ধান কৰি আছে। পৱাই আৰক্ষীয়ে কয়, মৃত সৃষ্টি তুলিৰ পিতৃৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মৃতদেহটো জিম্মাত লোৱা হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী অনুসন্ধান অব্যহত আছে।

Latest Stories
সদনত একেলগে গান্ধী-নেহৰু পৰিয়ালৰ ৩ সদস্য! সংবিধানৰ প্ৰতিলিপি হাতত লৈ শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে
আজি মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব হেমন্ত ছোৰেনে, উপস্থিত থাকিব ৰাহুল গান্ধীকে ধৰি ইণ্ডিয়া ব্লকৰ এইসকল নেতা
Fengal Cylone: এইবাৰ আহিছে সাগৰীয় ঘূৰ্ণী ফেংগাল, ক’ত ক’ত পৰিব ফেংগালৰ প্ৰভাৱ?
Karbi Anglong Autonomous Council : মণিপুৰৰ প্ৰব্ৰজিত কুকিক বিতাড়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব কাৰ্বি স্বায়ত্ত শাসিত পৰিষদে…
Manipur Violence : অনিশ্চয়তাৰ মাজত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা ! অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মণিপুৰৰ স্কুল-কলেজ…
Assam Tourism : আজিৰে পৰা কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা…শিৱসাগৰ-চৰাইদেউত দেশী-বিদেশী পৰ্যটকৰ ভিৰ
এণ্টিবায়’টিক অত্যধিক খোৱাৰ ফলত কি কি পাৰ্শ্বক্ৰিয়া হ'ব পাৰে?
মহাকাশত মহাকাশচাৰীসকলৰ বাবে কিদৰে খাদ্যৰ ব্যৱস্থা কৰা হয়?
বুধবাৰৰ দিনটোত নকৰিব বিত্তীয় লেনদেন, খালী হ'ব ধনৰ ভঁৰাল!
কাউৰী ঘৰলৈ আহিলে কি সংকেত পোৱা যায়? জানক কি কয় বাস্তু শাস্ত্ৰই...