সম্পূৰ্ণৰূপে প্লাষ্টিকমুক্ত দেশৰ এই গাঁওঃ গাঁওবাসীয়ে খুলিলে এনে বিশেষ বেংক….
প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত যথেষ্ট সতৰ্ক হৈছে অধিকাংশ লোক। এইক্ষেত্ৰত সমূহীয়াকৈ ব্যৱস্থা গ্ৰহণৰো নিদৰ্শন দেখা গৈছে। এনে এক সামূহিক ব্যৱস্থাৰেই দেশত এক বিশেষ পৰিচয় গঢ়ি তুলিছে এখন গাঁৱে। এই গাঁওখনত প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
পৰিৱেশ সুৰক্ষাৰ বাবে বৰ্তমান সময়ত সমাজত বৃদ্ধি পাইছে সজাগতা। এনে সজাগতাৰ বাবেই এতিয়া প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰতো সতৰ্ক হৈছে অধিকাংশ লোক। এইক্ষেত্ৰত সমূহীয়াকৈ ব্যৱস্থা গ্ৰহণৰো নিদৰ্শন দেখা গৈছে। এনে এক সামূহিক ব্যৱস্থাৰেই দেশত এক বিশেষ পৰিচয় গঢ়ি তুলিছে এখন গাঁৱে। ভাৰতবৰ্ষৰ প্ৰায় ৬৮ শতাংশ লোকে গ্ৰাম্য অঞ্চলত বাস কৰে। এই বিশাল জনসংখ্যা সামৰি দেশত প্ৰায় ৬ লাখৰো অধিক গাঁও আছে। ইয়াৰে অধিকাংশ গাঁৱৰে কিছুমান নিজস্ব তথা সুকীয়া বৈশিষ্ট্য আছে।
তেলেংগানাৰ এখন সৰু গাঁও এনে সুকীয়া পৰিচয়েৰেই এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে। গাঁওখনৰ স্থানীয় লোকসকলে গ্ৰহণ কৰা বিশেষ পদক্ষেপে এই গাঁওখনক বিশেষ কৰি তুলিছে, দখল কৰিছে সংবাদ শিৰোনাম। লগতে পৰিৱেশ প্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰি আন লোকসকলক অনুপ্ৰাণিত কৰিছে গাঁওবাসীয়ে। এই গাঁওখনত প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
প্লাষ্টিকৰ সকলো সামগ্ৰী গাঁওখনত নিষিদ্ধ কৰা হৈছে। এনে পদক্ষেপৰ দ্বাৰা গাঁৱৰ স্থানীয় লোকসকলে স্বচ্ছ পৰিৱেশ সৃষ্টিৰ বাবে সাজু হৈছে। আৰু সেই অনুসাৰেই গাঁৱৰ কোনো লোকেই প্লাষ্টিক ব্যৱহাৰ নকৰে বুলি সিদ্ধান্ত লোৱা হ’ল। এই গাঁওখন তেলেংগানাৰ মেডাক জিলাৰ নৰসপুৰ মণ্ডলত অৱস্থিত। চৰ্চিত এই গাঁওখনৰ নাম গুডেণ্ডাগ। গাঁওখনৰ ৰাইজে সামূহিকভাৱে গাঁওখনত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি দিছে।
জানিব পৰা মতে, গাঁওখনত মুঠ ১৮০টা ঘৰ আছে। প্ৰায় ৬৫৫ জন লোকে বাস কৰে এই গাঁওখনত। গাঁওবাসীয়ে সিদ্ধান্ত লয় যে প্লাষ্টিকে বহু ৰোগৰ সৃষ্টি কৰিব পাৰে আৰু গাঁৱৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগে। ইয়াৰ পিছতে প্লাষ্টিক ব্যৱহাৰ নকৰাকৈয়ে গাঁৱৰ ৰাইজে জীৱন কটাবলৈ লয়। গাঁৱৰ মানুহে প্লাষ্টিকৰ সামগ্ৰীৰ পৰিৱৰ্তে অন্য বিকল্প সামগ্ৰী ব্যৱহাৰ কৰে।
লক্ষণীয়ভাৱে গাঁৱৰ কোনো লোকৰ ঘৰত অনুষ্ঠিত হোৱা বিবাহ বা আন অনুষ্ঠানত কোনো ধৰণৰ প্লাষ্টিকৰ বাচন ব্যৱহাৰ কৰা নহয়। এইক্ষেত্ৰত যাতে গাঁৱৰ কোনো লোকেই অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনত এটা ষ্টীল বেংক স্থাপন কৰা হৈছে। এই ষ্টীল বেংকৰ পৰাই গাঁৱৰ মানুহে যিকোনো অনুষ্ঠানৰ বাবে বাচন-বৰ্তন লৈ যায়।
গাঁওবাসীয়ে বজাৰৰ পৰা শাক-পাচলি তথা আন সামগ্ৰী ক্ৰয় কৰাৰ বাবেও পলিথিনৰ সলনি কাপোৰৰ মোনা ব্যৱহাৰ কৰিছে। তেওঁলোকে কয় যে প্লাষ্টিক ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি তেওঁলোকে নিজৰ স্বাস্থ্য, সন্তানৰ ভৱিষ্যত আৰু গাঁৱৰ পৰিৱেশ ৰক্ষা কৰিছে। গাঁওবাসীয়ে নিজৰ দৰে আন গাঁৱত প্লাষ্টিক নিষিদ্ধ কৰি আদৰ্শ দেখুৱাব বিচাৰিছে।
অন্যহাতে গাঁৱত প্লাষ্টিকৰ ব্যৱহাৰ নাইকিয়া কৰাৰ উপৰিও মুকলিকৈ শৌচ কৰাৰ সলনি শৌচাগাৰ ব্যৱহাৰ কৰাৰ জৰিয়তে গাঁৱৰ ৰাইজে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিছে আৰু পৰিৱেশ যাতে বিনষ্ট নহয়, তাৰ প্ৰতি পূৰ্ণ গুৰুত্ব আৰোপ কৰিছে। এই গাঁওখনে সম্প্ৰতি সমগ্ৰ দেশতে এক আদৰ্শ দাঙি ধৰিছে।