5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডেৰ বছৰৰ অন্তত মণিপুৰ সন্দৰ্ভত মোদীৰ বৈঠক, কি আলোচনা কৰিলে এন বীৰেণ সিঙৰ সৈতে

মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ সময়চোৱাত আৰম্ভ হৈছিল মণিপুৰৰ সংঘৰ্ষ। তৃতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়তো মণিপুৰক এৰাই চলিছিল বিজেপিয়ে। আনকি চুবুৰীয়া নাগালেণ্ডৰ প্ৰচাৰ সভাও বাতিল কৰিছিল মোদীয়ে।

ডেৰ বছৰৰ অন্তত মণিপুৰ সন্দৰ্ভত মোদীৰ বৈঠক, কি আলোচনা কৰিলে এন বীৰেণ সিঙৰ সৈতে
মোদী- এন বীৰেণ সিং
barasha-sarma
Barasha Sarma | Published: 29 Jul 2024 17:12 PM

অৱশেষত মণিপুৰ সন্দৰ্ভত কথা পাতিবলৈ সময় পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ দিল্লী ভ্ৰমণৰ সময়চোৱাত দেওবাৰে মোদীক সাক্ষাৎ কৰে। এই বৈঠক সন্দৰ্ভত বহু জল্পনা- কল্পনা চলিছিল যদিও সূত্ৰ অনুসৰি জানিব পৰা মতে এই বৈঠকত মণিপুৰ সন্দৰ্ভত আলোচনা হয়। বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকৰ বিশেষ সন্মিলনৰ বাবে এন বীৰেণ সিং দিল্লীলৈ গৈছিল। ইয়াৰ মাজতে মোদীৰ সৈতে মণিপুৰ সন্দৰ্ভত আলোচনা কৰে এন বীৰণে সিঙে। সম্ভৱত মণিপুৰৰ সমস্যা সমাধানৰ বাবে এই বৈঠকত এক ৰোড মেপ তৈয়াৰ কৰা হয়।

জানিব পৰা মতে এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিল। এওলোকৰ বাহিৰে আন কোনোলোক এই বৈঠকত অংশ গ্ৰহণ কৰা নাই। অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। ইয়াৰোপৰি এই বৈঠকত কি আলোচনা হয় সেয়াও এতিয়ালৈকে জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহৰ পৰাই মণিপুৰত হিংসাত্মক পৰিস্থিতিয়ে বিৰাজ কৰি আহিছে। কুকি আৰু মেইটেইসকলৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষই জৰ্জৰিত কৰিছে ৰাজ্যখন। এতিয়ালৈকে এই  সংঘৰ্ষত প্ৰায় ২২০ জন লোক নিহত হোৱাৰ লগতে বহু আহত হৈছে। ইয়াৰোপৰি প্ৰায় ৫০,০০০ মানুহ আশ্ৰয়হীন হৈছে। একাংশলোকে প্ৰাণ ৰক্ষাৰ বাবে মণিপুৰৰ পৰা পলাই আহি কাছাৰত আশ্ৰয় লৈছে।

বিৰোধিয়ে মণিপুৰৰ প্ৰসংগত প্ৰায়ে মোদী চৰকাৰক কটাক্ষ কৰি আহিছে। কিয়নো এই গোষ্ঠীগত সংঘৰ্ষৰ ওপৰত মোদীয়ে বৰ বিশেষ কথা কোৱা নাই। কেইদিনমানৰ পূৰ্বে বিৰোধিৰ হেঁচাত মোদীয়ে কৈছিল যে, মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ শান্ত কৰাৰ চেষ্টা চলাই থকা হৈছে। মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ ইতিহাস আছে। গতিকে বিৰোধিয়ে জুইত ঘিউ ঢালি দিয়াৰ কাম কৰিব নালাগে। ইয়াৰ পূৰ্বে মোদীৰ দ্বিতীয় কাৰ্যকালৰ সময়ত খালী সাংসদত প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সন্দৰ্ভত দুটামান বাক্য কৈছিল।

মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ সময়চোৱাত আৰম্ভ হৈছিল মণিপুৰৰ সংঘৰ্ষ। তৃতীয় কাৰ্যকাল গ্ৰহণ কৰাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ সময়তো মণিপুৰক এৰাই চলিছিল বিজেপিয়ে। আনকি চুবুৰীয়া নাগালেণ্ডৰ প্ৰচাৰ সভাও বাতিল কৰিছিল মোদীয়ে। মণিপুৰৰ সংঘৰ্ষৰ আৰম্ভণিতে ৰাজ্যখনৰ এটা  প্ৰতিনিধি দলে মোদীক সাক্ষাত কৰিবলৈ গৈছিল যদিও সাক্ষাত দিয়াৰ পৰা তেওঁ বিৰত আছিল।

মণিপুৰক লৈ মৌনতা অৱলম্বন কৰিয়েই আহিছে মোদী চৰকাৰে।  অৱশ্যে সংঘৰ্ষৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰত কেইদিনমান বাহৰ পাতিছিল। কিন্তু সংঘৰ্ষ ৰোধ কৰিব পৰা নাছিল তেওঁ।  মণিপুৰ জ্বলি শেষ হৈ গ’ল । তথাপিও কেন্দ্ৰীয় চৰকাৰে আজিলৈ কোনো পদক্ষেপ লোৱা দেখা নগটল। কালি মোদীৰ লগত হৈ যোৱা বৈঠকখন কিমান প্ৰাসংগিক বা মণিপুৰক শান্ত কৰিবলৈ মোদী চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ে ক’ব।

 

Latest News