প্ৰতিখন উন্নয়নশীল দেশৰ বাবে অনুপ্ৰেৰণা ছিংগাপুৰ, আমি ভাৰতত কেইবাখনো ছিংগাপুৰ নিৰ্মাণ কৰিম: প্ৰধানমন্ত্ৰী মোদী | pm modi and singapore pm lawrence wong meet Assam news - Assam Tv9

প্ৰতিখন উন্নয়নশীল দেশৰ বাবে অনুপ্ৰেৰণা ছিংগাপুৰ, আমি ভাৰতত কেইবাখনো ছিংগাপুৰ নিৰ্মাণ কৰিম: প্ৰধানমন্ত্ৰী মোদী

Published: 

05 Sep 2024 10:36 AM

আজি প্ৰধানমন্ত্ৰী মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয়টো দিন। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙক সাক্ষাৎ কৰে আৰু বৃহস্পতিবাৰে দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছিংগাপুৰ কেৱল এখন দেশ নহয়, ছিংগাপুৰ প্ৰতিখন উন্নয়নশীল দেশৰ বাবে অনুপ্ৰেৰণা। আমি ভাৰতত কেইবাখনো ছিংগাপুৰ বনাব বিচাৰো আৰু মই সুখী যে আমি এই দিশত একেলগে কাম কৰি আছোঁ।

প্ৰতিখন উন্নয়নশীল দেশৰ বাবে অনুপ্ৰেৰণা ছিংগাপুৰ,  আমি ভাৰতত কেইবাখনো ছিংগাপুৰ নিৰ্মাণ কৰিম: প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীৰ ছিংগাপুৰ ভ্ৰমণ

Follow Us On

দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ছিংগাপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। ছিংগাপুৰ ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছিংগাপুৰ প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা। আমি ভাৰতত কেইবাখনো ছিংগাপুৰ নিৰ্মাণ কৰিম। আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিন। প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱাঙক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰে।

ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্যোগপতি আৰু ভাৰতীয় শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিব। দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। ইয়াৰ লগতে ভাৰত আৰু ছিংগাপুৰৰ মাজত বহুতো চুক্তি ৰূপায়ন কৰা হয়। ছেমি কণ্ডাক্টৰক লৈ দুয়োখন দেশৰ মাজত চুক্তি সম্পন্ন হয়। ইয়াৰ উপৰিও স্বাস্থ্য আৰু ঔষধৰ সহযোগিতাৰ ক্ষেত্ৰতো এক চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী ৱাঙক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,” উষ্ম আদৰণিৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো। আপুনি প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখন আমাৰ প্ৰথম বৈঠক। মোৰ ফালৰ পৰা আপোনাক বহুত অভিনন্দন। মোৰ বিশ্বাস আছে 4Gৰ নেতৃত্বত ছিংগাপুৰ আৰু দ্ৰুতগতিত আগবাঢ়িব। ছিংগাপুৰ কেৱল এখন দেশ নহয়, ছিংগাপুৰ প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা। আমি ভাৰতত কেইবাখনো ছিংগাপুৰ বনাব বিচাৰো আৰু মই সুখী যে আমি এই দিশত একেলগে কাম কৰি আছোঁ।”

 

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে ছিংগাপুৰ আৰু ভাৰতৰ ছেমি কণ্ডাক্টৰ পৰিস্থিতিতন্ত্ৰত সমন্বয় বৃদ্ধি কৰিব। ৱাঙৰ আমন্ত্ৰণৰ পাছত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীয়ে মোদী ছিংগাপুৰ উপস্থিত হয়। ৱাং ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী হোৱা আৰু মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ কেইদিনমান পাছতে দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত হৈছে বৈঠকখন। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমন শানমুগাৰত্নমক সাক্ষাৎ কৰিব।

ছিংগাপুৰত মোদীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অন্যান্য চৰকাৰী বিষয়াও আছে।ইয়াৰ পূৰ্বে ২০১৮ চনত ছিংগাপুৰ ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী। ছিংগাপুৰলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ছিংগাপুৰৰ সৈতে নতুন আৰু উদীয়মান ক্ষেত্ৰত আমাৰ কৌশলগত অংশীদাৰীত্ব গভীৰ কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিবলৈ মই আশাবাদী।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version