হিমাচলৰ পৰিস্থিতিৰ ওপৰত দৃষ্টি নিক্ষেপ প্ৰধানমন্ত্ৰী মোদীৰ! প্ৰভাৱিত এলেকালৈ পাৰ্যমানে সাহায্য প্ৰদানৰ নিৰ্দেশনা
যোৱা নিশা ধাৰাসাৰ বৰষুণৰ পাছত দিল্লী, ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে আৰু শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।
যোৱা নিশা ধাৰাসাৰ বৰষুণৰ পাছত দিল্লী, ৰাজস্থানৰ পৰা হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে আৰু শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।
মৌচুমী প্ৰভাৱত হোৱা বৰষুণে দেশৰ বহু ঠাইত ধ্বংসলীলা অব্যাহত ৰাখিছে। কেৰালাৰ ৱায়ানাডত ভূমিস্খলনৰ পাছত এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে। এতিয়ালৈকে তাত ২৫৬জন লোকৰ মৃত্যু হৈছে। একে সময়তে হিমাচল প্ৰদেশৰ পৰা উত্তৰাখণ্ডলৈ মুষলধাৰ বৰষুণৰ ফলত বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে শীৰ্ষ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলসমূহক যথাসম্ভৱ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাসাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ পাছত হিমাচল প্ৰদেশৰ মাণ্ডিৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। তেওঁ দুৰ্যোগপীড়িতসকলক পাৰ্যমানে সহায়ৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ মতে সাহায্যৰ কাম পূৰ্ণ গতিত চলি আছে।
হিমাচল প্ৰদেশত যোৱা নিশা ধাৰাসাৰ বৰষুণৰ লগতে বহুতো জিলাত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। য’ত দুজন লোকৰো মৃত্যু হৈছিল। ৰাজ্যখনৰ ৰামপুৰৰ ঝাকৰিত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। য’ত ৫০জন লোক হোৱাৰ খবৰ পোৱা গৈছে।। এনডিআৰএফ, চিআইএছএফ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। একে সময়তে এছ.ডি.আৰ.এফ. দলটোকো এলাৰ্ট মোডত ৰখা হৈছে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই প্ৰাকৃতিক দুৰ্যোগ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে-“চিমলাৰ ৰামপুৰ তহচিল, মাণ্ডি জিলাৰ পাধৰ তহচিল আৰু কুল্লুৰ জোঁ আৰু নিৰ্মান্দ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ৫০জনৰো অধিক লোক সন্ধানহীন হৈ আছে। তেওঁ এইটোও লিখিছিল যে -‘মই কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছোঁ। সাহায্য আৰু উদ্ধাৰৰ কাম নিৰীক্ষণ কৰি আছোঁ’।
शिमला की रामपुर तहसील, मंडी ज़िले की पधर तहसील और कुल्लू के गांव जाओन, निरमंड में बादल फटने से 50 से अधिक लोगों के लापता होने का अत्यंत दुखद समाचार मिला।
NDRF, SDRF, पुलिस, होम गार्ड और फायर सर्विसेज की टीमें राहत, खोज और बचाव कार्य में जुटी हुई हैं। स्थानीय प्रशासन को राहत एवं… pic.twitter.com/t3iUiFuIqn
— Sukhvinder Singh Sukhu (@SukhuSukhvinder) August 1, 2024
ইফালে উত্তৰাখণ্ডতো ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। তেহৰিত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হৈছে। এতিয়ালৈকে ইয়াত বিভিন্ন দুৰ্ঘটনাত ৮জন লোকৰ মৃত্যু হৈছে। যোৱা নিশা ৰাজধানী দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে। ৰাজস্থানতো বাৰিষাৰ প্ৰভাৱ দেখা গৈছে। জয়পুৰত ধাৰাসাৰ বৰষুণৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে।