‘গৰিবী হাটাও’ ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ‘জুমলা’: লোকসভাত প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁলোকৰ আটাইতকৈ প্ৰিয় শব্দ, যাৰ অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেয়া হ’ল ‘জুমলা’। উল্লেখ্য যে, জুমলা হিন্দুস্তানী শব্দ যিয়ে ব্যৰ্থতা অলংকাৰিক বক্তব্যক বুজায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ‘জুমলা’ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিয়া শ্ল’গান ‘গৰিবী হাটাও’। সংবিধানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত দুদিনীয়া বিতৰ্কৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, কংগ্ৰেছে বহুত ভাল পোৱা এটা শব্দ আছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁলোকৰ আটাইতকৈ প্ৰিয় শব্দ, যাৰ অবিহনে তেওঁলোকে জীয়াই থাকিব নোৱাৰে, সেয়া হ’ল ‘জুমলা’। উল্লেখ্য যে, জুমলা হিন্দুস্তানী শব্দ যিয়ে ব্যৰ্থতা অলংকাৰিক বক্তব্যক বুজায়। প্ৰধানমন্ত্ৰী আৰু শাসকীয় দলে দিয়া প্ৰতিশ্ৰুতিক কেইবাবাৰো “জুমলা” বুলি উপহাস কৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে বিজেপিক আক্ৰমণ কৰিছে। বিৰোধীয়ে বিজেপিক “ভাৰতীয় জুমলা পাৰ্টি” বুলি অভিহিত কৰিছিল ।
#WATCH | During the discussion on the 75th anniversary of the adoption of the Constitution of India, Prime Minister Narendra Modi said, “Congress is very fond of one word. Their favorite word is – ‘Jumla’… The country knows that if there was any biggest Jumla in India and it… pic.twitter.com/4w835vn9NL
— ANI (@ANI) December 14, 2024
“কংগ্ৰেছৰ আমাৰ বন্ধুসকলে এই শব্দটো দিনে-নিশাই ব্যৱহাৰ কৰে। কিন্তু এই দেশখনে জানে, ভাৰতৰ আটাইতকৈ ডাঙৰ ‘জুমলা’ কি? যিটো চাৰিটা প্ৰজন্মই ব্যৱহাৰ কৰি আহিছে, সেয়া হৈছে ‘গৰিবী হাটাও’। ‘গৰিবী হাটাও’ দেশৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ‘জুমলা’ ।” ইন্দিৰা গান্ধীয়ে দিয়া জনপ্ৰিয় শ্লোগানৰ কথা উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
গৰিবি হাটাও, দেশ বাচাও (দৰিদ্ৰতা দূৰ কৰক, দেশ বচাওক) আছিল ১৯৭১ চনৰ ইন্দিৰা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয়বস্তু আৰু শ্লোগান। প্ৰধানণন্ত্ৰী মোদীয়ে কয় যে, ‘এইটো এটা ‘জুমলা’ আছিল যিয়ে তেওঁলোকক ৰাজনৈতিকভাৱে সহায় কৰিছিল, কিন্তু দুখীয়াক সহায় কৰা নাছিল। লগতে বিৰোধী নেতাসকলক আক্ৰমণ কৰি মোদীয়ে কয় যে, আপোনালোকে টিভি আৰু বাতৰি কাকতত দৰিদ্ৰ আৰু দৰিদ্ৰতা দেখিছে, দৰিদ্ৰতা কি নাজানে।