Pahalgam Terror Attack : লক্ষ্য আৰু সময় সেনাই নিৰ্ধাৰণ কৰক…! উচ্চ পৰ্যায়ৰ বৈঠকত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকলৈ দেশজুৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিডিএছ অনিল চৌহান আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে।

যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। ইয়াৰ পিছত দেশবাসীয়ে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে অপেক্ষা কৰি আছে। ইফালে আজি অৰ্থাৎ মঙলবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চিডিএছ অনিল চৌহান আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে।
এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে, সন্ত্ৰাসবাদক উপযুক্ত উত্তৰ দিয়াটো আমাৰ দৃঢ় সংকল্প। লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ লগতে তেওঁ কয় যে, “আমাৰ প্ৰতিশোধৰ পদ্ধতি, ইয়াৰ লক্ষ্য আৰু ইয়াৰ সময় সন্দৰ্ভত সশস্ত্ৰ বাহিনীয়ে কাৰ্যকৰী সিদ্ধান্ত লোৱাৰ স্বাধীনতা আছে।”
#WATCH | PM Narendra Modi chairs a meeting with Defence Minister Rajnath Singh, NSA Ajit Doval, CDS and chiefs of all the Armed Forces. pic.twitter.com/Wf00S8YVQO
— ANI (@ANI) April 29, 2025
বৈঠকত নৌসেনাৰ মুৰব্বী দীনেশ কে ত্ৰিপাঠী আৰু বায়ুসেনাৰ মুৰব্বী অমৰ প্ৰীত সিং উপস্থিত থাকে। মুঠ ৯০ মিনিটৰ ধৰি চলিছিল এই বৈঠক।
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটকসহ ২৬ জন নিৰীহ সাধাৰণ নাগৰিক নিহত হয় । এই আক্ৰমণক যোৱা কিছু বছৰৰ ভিতৰত সাধাৰণ নাগৰিকৰ ওপৰত হোৱা আটাইতকৈ নৃশংস আক্ৰমণ বুলি গণ্য কৰা হৈছে। ঘটনাৰ লগত জড়িত সন্ত্ৰাসবাদীয়ে অপৰাধ সংঘটিত কৰি বনাঞ্চলৰ ফালে পলায়ন কৰে। ঘটনাৰ পিছত সমগ্ৰ দেশবাসীয়ে চৰকাৰৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত চকু ৰাখিছে।
লগতে পঢ়ক : Pahalgam Attack: কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ নিৰাপত্তা বৈঠক