বিকশিক ভাৰত, নতুন শিক্ষা নীতি, অসমৰ দ্ৰুত নিযুক্তি… বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত কি কি আলোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে?

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিক ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত ৫ ট্ৰিলিয়ন অৰ্থনীতি তৈয়াৰ কৰাত ৰাজ্যসমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছিল। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন শিক্ষা নীতিৰ ওপৰত আলোকপাত কৰিছিল।

বিকশিক ভাৰত, নতুন শিক্ষা নীতি, অসমৰ দ্ৰুত নিযুক্তি...  বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত কি কি আলোচনা কৰিলে প্ৰধানমন্ত্ৰীয়ে?

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Published: 

28 Jul 2024 18:20 PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠকত সভাপতিত্ব কৰে।

বৈঠকত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন কুমাৰ যাদৱ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাই, আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ লগতে অন্য লোকসকল উপস্থিত আছিল ।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী ৱাই পেটন, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহা আৰু ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰীও বৈঠকত উপস্থিত আছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পাছত বিজেপিয়ে আহ্বান কৰা মুখ্য কাৰ্য্যালয়ৰ এইখন আটাইতকৈ ডাঙৰ বৈঠক আছিল।

 

সূত্ৰ অনুসৰি, বৈঠকত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত আঁচনিসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল। সূত্ৰসমূহে কয় যে বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ সেৱা কেনেদৰে কৰিব লাগে আৰু ৰাজ্যসমূহক সৰ্বাংগীন উন্নয়নৰ দিশে লৈ যাব লাগে তাৰ বাবে মূল্যৱান নিৰ্দেশনা প্ৰদান কৰে।

২৩ জুলাইত সংসদত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ পাছত এই বৈঠক অনুষ্ঠিত হৈছে। বিৰোধীয়ে বাজেটত অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰক বিশেষ পুঁজি আৱণ্টন কৰি অন্যান্য ৰাজ্যসমূহক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লোকসভা নিৰ্বাচন ২০২৪ৰ পাছত এয়া হৈছে বিজেপিৰ প্ৰথম বৈঠক। এই নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন তুলনামূলকভাৱে হতাশাজনক। দলটোৱে ৪০০খন আসন অতিক্ৰম কৰাৰ শ্ল’গান দিছিল। কিন্তু দলটোৱে সংসদত নিজে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল।পাছত NDAৰ অংশীদাৰসকলৰ সৈতে চৰকাৰখন গঠন কৰা হৈছে।

 

লগতে পঢ়ক: প্ৰসংগঃ মেঘালয়ত অসমৰ বাহনৰ প্ৰৱেশত বাধা! প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে স্থিতি স্পষ্ট কৰিলে সদৌ অসম ছাত্ৰ সন্থা আৰু খাছী ছাত্ৰ সন্থাই

অৱশ্যে, দলৰ নেতাসকলে কয় যে এই বৈঠকত শাসন সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰা হৈছিল। শেষবাৰৰ বাবে ফেব্ৰুৱাৰীত একেধৰণৰ সভা অনুষ্ঠিত হৈছিল।

 

 

চৰকাৰী আঁচনিসমূহৰ ওপৰত চিন্তা-চৰ্চা

বিজেপি সুশাসন কোষৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰাক্তন সাংসদ ড০ বিনয় সহস্ৰবুদ্ধে কয় যে বিজেপিৰ ১৩জন মুখ্যমন্ত্ৰী আৰু ১৫জন উপ মুখ্যমন্ত্ৰী বৈঠকত উপস্থিত আছিল। বৈঠকত চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ আৰু ভূমিৰ সকলো হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে দ্ৰুত গতিত আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত ৫ ট্ৰিলিয়ন অৰ্থনীতি তৈয়াৰ কৰাত ৰাজ্যসমূহৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা হৈছিল। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন শিক্ষা নীতিৰ ওপৰত আলোকপাত কৰিছিল।

অসম চৰকাৰৰ দ্ৰুত নিযুক্তি অভিযান, উত্তৰ প্ৰদেশৰ গ্ৰাম্য সচিৱালয়াৰ ডিজিটেলাইজেচন সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ উপস্থাপন, অবৈধ খনন নিয়ন্ত্ৰণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত বিহাৰ চৰকাৰৰ প্ৰডেক্ট উপস্থাপন কৰা হৈছিল। গুজৰাট চৰকাৰে সৌৰ শক্তিৰ ওপৰত এটা প্ৰেজেণ্টেচন দিছিল।

 

লগতে পঢ়ক:  ধপাতৰ বিৰুদ্ধে আহিব নতুন নিয়ম, অমান্য কৰাসকলৰ ওপৰত লোৱা হ’ব কঠোৰ ব্যৱস্থা

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!