যেতিয়াই ভাৰতে শান্তিৰ কথা কয়, সমগ্ৰ বিশ্বই শুনেঃ ফ্ৰিডমেনৰ প’ডকাষ্টত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

আজি মুকলি কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প’ডকাষ্টাৰ তথা এআইৰ গৱেষক লেক্স ফ্ৰিডমেনৰ মাজত বহু প্ৰত্যাশিত প’ডকাষ্ট। এই প’ডকাষ্টৰ সময়ত দুয়ো কেইবাটাও বিষয়ৰ ওপৰত গভীৰ আলোকপাত কৰে। প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা, পাকিস্তানৰ সৈতে সম্পৰ্ক আদি বিষয়ৰ ওপৰতো মত প্ৰকাশ কৰে।

যেতিয়াই ভাৰতে শান্তিৰ কথা কয়, সমগ্ৰ বিশ্বই শুনেঃ ফ্ৰিডমেনৰ প’ডকাষ্টত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

লেক্স ফ্ৰিডমেনৰ প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদী

Published: 

16 Mar 2025 18:55 PM

দেওবাৰে মুকলি কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প’ডকাষ্টাৰ তথা এআইৰ গৱেষক লেক্স ফ্ৰিডমেনৰ মাজত বহু প্ৰত্যাশিত প’ডকাষ্ট। এই প’ডকাষ্টৰ সময়ত দুয়ো কেইবাটাও বিষয়ৰ ওপৰত গভীৰ আলোকপাত কৰে। প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তিৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা, পাকিস্তানৰ সৈতে সম্পৰ্ক আদি বিষয়ৰ ওপৰতো মত প্ৰকাশ কৰে। এই প’ডকাষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তিৰ পথত ভাৰতে গ্ৰহণ কৰি অহা ঐতিহাসিক ভূমিকাৰ ওপৰত বিশেষভাৱে বাখ্যা আগবঢ়ায়।

নিজ মন্তব্যত তেওঁ উল্লেখ কৰে যে ভাৰতে যেতিয়াই শান্তিৰ কথা কয়, তেতিয়া সমগ্ৰ বিশ্বই ভাৰতৰ কথা শুনে, কাৰণ ভাৰত হৈছে গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি। তেওঁ লগতে প্ৰকৃতিক মাতৃ আখ্যা দি ভাৰতে প্ৰকৃতি মাতৃৰ সৈতে বা সমগ্ৰ বিশ্বৰ কোনো দেশৰ মাজত কোনো ধৰণৰ বিবাদ বিচৰা নাই বুলিও মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আমি যেতিয়াই শান্তিৰ কথা কওঁ, তেতিয়াই সমগ্ৰ বিশ্বই আমাৰ কথা শুনি থাকে। কাৰণ এইখন গৌতম বিদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি। আমি সমন্বয়ক সমৰ্থন কৰা এখন দেশ। আমি প্ৰকৃতিৰ লগত কোনো ধৰণৰ বিবাদ বিচৰা নাই আৰু দেশসমূহৰ মাজতো বিবাদো বিচৰা নাই।”

‘আমি য’তেই শান্তিপ্ৰেমী হিচাপে কাম কৰিব পাৰোঁ, আনন্দৰে সেই দায়িত্ব আকোৱালি লৈছো’ বুলিও দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইফালে নিজ মন্তব্যৰ সময়ত তেওঁ ভাৰতৰ জনসাধাৰণৰ তেওঁৰ শক্তি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষাত, মোদী নহয়, দেশৰ ১৪ কোটি জনসাধাৰণহে গুৰুত্বপূৰ্ণ।

জনসাধাৰণৰ শক্তিৰ প্ৰসঙ্গৰে তেওঁ কয়, “মোৰ শক্তি মোদী নহয়, দেশৰ ১৪ বিলিয়ন জনসাধাৰণ। যেতিয়াই মই বিশ্ব নেতাৰ লগত হাত মিলাওঁ, তেতিয়া মোদীয়ে নহয় ভাৰতৰ জনসাধাৰণে হাত মিলায়৷ য’তেই যাওঁ, সহস্ৰ বছৰৰ কালজয়ী সংস্কৃতি আৰু ঐতিহ্য মোৰ লগত লৈ ফুৰোঁ। সহস্ৰবছৰীয়া বৈদিক পৰম্পৰাৰ সাৰ, স্বামী বিবেকানন্দৰ কালজয়ী শিক্ষা মোৰ লগত লৈ ফুৰোঁ।”

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ