তেজ উতলি আছে, সকলোৱে ন্যায় পাব: পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
মন কী বাত কাৰ্যসূচীত শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ানক আক্ৰমণৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, "সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখাৰ পিছত যে প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি আছে সেয়া মই উপলব্ধি কৰিছো। পহলগামত এই আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশাৰ পৰিচয় দিয়ে। তেওঁ আৰু কয়, দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ সংহতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কী বাত কাৰ্যসূচীত শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত ভয়ানক আক্ৰমণৰ কথা উল্লেখ কৰে। পহলগাম আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ মনত বিষ অনুভৱ হৈছে। পহলগামৰ আক্ৰমণে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাসকলৰ হতাশাৰ পৰিচয় দিয়ে। কাশ্মীৰৰ উন্নতিক লৈ একাংশ লোক সুখী নহয়।”
প্ৰধানমন্ত্ৰীয়ে কয়, “আজি যেতিয়া মই আপোনালোকৰ লগত মনৰ কথা কৈছো, মোৰ হৃদয়ত গভীৰ যন্ত্ৰণা আছে। যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী ঘটনাই দেশৰ প্ৰতিজন নাগৰিকক দুখ দিছে। মই জানো যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি আছে। পহলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাক দেখুৱাইছে, তেওঁলোকৰ কায়ৰতাক দেখুৱাইছে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ চলাইছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ সংহতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি।”
নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন
পহলগাম আক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, আমাৰ ভাৰতবাসীৰ যি ক্ষোভ আছে, সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোকবাৰ্তা পঠিয়াইছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজত ১৪০ কোটি ভাৰতীয়ৰ সৈতে সমগ্ৰ বিশ্বই থিয় দিছে।” তেওঁ আৰু কয়, “ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি প্ৰতিজন ভাৰতীয়ৰ গভীৰ সহানুভূতি আছে। তেওঁ যি ৰাজ্যৰেই নহওক কিয় বা যি ভাষাত কথা কওক কিয়, সকলোৱে এই আক্ৰমণত আপোনজনক হেৰুওৱা বেদনা অনুভৱ কৰিছে।”
প্ৰধানমন্ত্ৰীয়ে কয়, “যি সময়ত কাশ্মীৰত শান্তি ঘূৰি আহিছিল, সেই সময়ত বিদ্যালয়-মহাবিদ্যালয়ত সজীৱতা আছিল, নিৰ্মাণ কাৰ্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। দেশৰ শত্ৰু, জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথা ভাল নাপালে।” তেওঁ কয়, সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ চলাইছিল। দেশৰ সন্মুখত এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি বিশ্বই দেখিছে যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশে এক কণ্ঠত মাত মাতিছে। ভাৰতবাসীৰ মাজত যি ক্ষোভ আছে, সেই ক্ষোভ সমগ্ৰ বিশ্বতে আছে। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ বিশ্বৰ পৰা ধাৰাবাহিকভাৱে শোকবাৰ্তা পঠিয়াইছে। বিশ্ব নেতাসকলে মোক ফোন কৰিছে, চিঠি লিখিছে। এই জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক সকলোৱে তীব্ৰ গৰিহণা দিছে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “মই পুনৰবাৰ ভুক্তভোগী পৰিয়ালসমূহক আশ্বাস দিছো যে তেওঁলোকে নিশ্চিতভাৱে ন্যায় পাব। এই আক্ৰমণৰ দোষী আৰু ষড়যন্ত্ৰকাৰীক কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত এক ভয়ংকৰ আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হয়, য’ত দুজন বিদেশী পৰ্যটকো আছিল। পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণক আটাইতকৈ ডাঙৰ বুলি বিবেচিত হৈছে। য’ত ২৬ জন লোকৰ মৃত্যু হয়। একে সময়তে বহু লোকো আহত হৈছে। ইয়াৰ পিছত পাকিস্তানৰ এই কুৎসিত কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে।