শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানলৈ মোদীৰ কঠোৰ বাৰ্তা! ল’লে ডাঙৰ পদক্ষেপ…

পহলগাম সংঘটিত আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদী এই পদক্ষেপক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ প্ৰত্যুত্তৰ হিচাপে দেখা গৈছে। য’ত প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰদান কৰিছে যে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অশান্তি বিয়পাই ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিব নোৱাৰে।

পহলগাম আক্ৰমণৰ পিছত পাকিস্তানলৈ মোদীৰ কঠোৰ বাৰ্তা! ল’লে ডাঙৰ পদক্ষেপ…
পাকিস্তানলৈ মোদীৰ কঠোৰ বাৰ্তা!
trishna-kalita
Trishna Kalita | Updated On: 23 Apr 2025 11:52 AM

পহলগাম আক্ৰমণৰ পিছত চৌদি আৰৱৰ পৰা উভতি অহাৰ সময়তে পাকিস্তানক তীব্ৰ বাৰ্তা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। বুধবাৰে জেদ্দাৰ পৰা উভতি অহাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানখনে পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ নহৈ আন এটা পথ বাছি লয়। উল্লেখ্য যে, মঙলবাৰে পুৱা দিল্লীৰ পৰা জেদ্দালৈ যাওঁতে প্ৰধানমন্ত্ৰীৰ বিমানে পাকিস্তানৰ আকাশমাৰ্গৰ মাজেৰে পাৰ হৈ গৈছিল।

পহলগাম সংঘটিত আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদী এই পদক্ষেপক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক ডাঙৰ প্ৰত্যুত্তৰ হিচাপে দেখা গৈছে। য’ত প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক স্পষ্ট বাৰ্তা প্ৰদান কৰিছে যে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অশান্তি বিয়পাই ভাৰতৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰিব নোৱাৰে।

কোনটো পথ লৈছিল বিমানখনে?

ভাৰতৰ পৰা চৌদি আৰৱলৈ যোৱাৰ আটাইতকৈ সহজ আৰু ক্ষীপ্ৰ পথ হ’ল পাকিস্তান। ইয়াৰ দ্বিতীয় পথ মুম্বাইৰ পৰা আৰব সাগৰৰ মাজেৰে। জল্পনা-কল্পনা কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ বিমানেও এই একে পথেই ব্যৱহাৰ কৰিছে। ২০১৯ চনত পুলৱামা আক্ৰমণৰ সময়তো ভাৰতে পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ বন্ধ কৰি দিছিল আৰু পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। এতিয়া পহলগাম আক্ৰমণে পুনৰবাৰ দুয়োখন দেশৰ উত্তেজনাপূৰ্ণ সম্পৰ্কৰ ইন্ধন যোগোৱাৰ দৰে কাম কৰিব পাৰে।

কেনেকৈ সংঘটিত হ’ল এই আক্ৰমণ?

মঙলবাৰে বিয়লি প্ৰায় ৫-৬টা সন্ত্ৰাসবাদীয়ে পহলগামলৈ অহা পৰ্যটকক আক্ৰমণ কৰে। আক্ৰমণ কৰা আটাইকেইজন সন্ত্ৰাসবাদীয়ে AK-47 লৈ আহিছিল আৰু তেওঁলোকে পৰ্যটকৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল। খবৰ অনুসৰি এই আক্ৰমণত প্ৰায় ২৮ জন লোক নিহত হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে।

ভাৰতলৈ আহি প্ৰধানমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠক

ইফালে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দুদিনীয়াকৈ চৌদি আৰৱলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাতে ভ্ৰমণ সামৰি আজি পুৱা দিল্লীত উপস্থিত হয়। ভাৰতলৈ উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰতে বৈদেশিক সচিব তথা বৈদেশিক মন্ত্ৰী জয়শংকৰৰ, NSA অজিত ডোভালৰ সৈতে বৈঠকত মিলিত হয় আৰু সমগ্ৰ ঘটনা বুজ লয়। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে বহু বিষয়া-মন্ত্ৰীৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব। এই আক্ৰমণৰ পিছত সমগ্ৰ দেশতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ষোভৰ জোৱাৰ উঠিছে আৰু দোষীক শাস্তি দিয়াৰ দাবী উত্থাপন হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকে ধৰি বহু নেতাই এই আক্ৰমণক লৈ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: আমি ভাৰতৰ সৈতে আছোঁ: পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ শোক প্ৰকাশ বিশ্ব নেতাৰ…