প্ৰধানমন্ত্ৰী মোদীৰ আৱাসলৈ নতুন সদস্যৰ আগমন, নাম ৰাখিলে দীপজ্যোতি | pm modi shared pictures with calf Assam news - Assam Tv9

প্ৰধানমন্ত্ৰী মোদীৰ আৱাসলৈ নতুন সদস্যৰ আগমন, নাম ৰাখিলে দীপজ্যোতি

Updated On: 

14 Sep 2024 15:59 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পৰিয়ালৰ এজন নতুন সদস্যৰ সৈতে ছ'চিয়েল মিডিয়া হেণ্ডেলত ফটো শ্বেয়াৰ কৰিছে। এই নতুন সদস্যজন হৈছে এটা গৰুৰ পোৱালী। প্ৰধানমন্ত্ৰীয়ে কয়, গৰুটোৰ মূৰত পোহৰৰ চিহ্ন আছে। সেয়েহে তেওঁ সৰু সদস্যজনৰ নাম দীপজ্যোতি ৰাখে।

প্ৰধানমন্ত্ৰী মোদীৰ আৱাসলৈ নতুন সদস্যৰ আগমন, নাম ৰাখিলে দীপজ্যোতি

প্ৰধানমন্ত্ৰী মোদীৰ আৱাসলৈ নতুন সদস্যৰ আগমন

Follow Us On

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্তুৰ প্ৰতি থকা প্ৰেম বহুবাৰ দেখো পোৱা গৈছে। শেহতীয়াকৈ আকৌ এবাৰ প্ৰধানমন্ত্ৰী মোদীৰ জন্তুৰ প্ৰতি থকা প্ৰেম দেখা গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত পোষ্ট কৰি কয়, “লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰীৰ আৱাসৰ পৰিয়াললৈ এজন নতুন সদস্যৰ শুভ আগমন ঘটিছে। এই সদস্যজন আন কোনো নহয়, এটা গৰু পোৱালি ।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত গৰুৰ নাম ৰখাৰ কাহিনী বৰ্ণনা কৰি কয় যে, “আমাৰ শাস্ত্ৰত কোৱা হৈছে – গাঁওঃ সৰ্বসুখ প্ৰদাঃ’ লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী আৱাসৰ পৰিয়ালত এজন নতুন সদস্যৰ শুভ আগমন ঘটিছে। প্ৰধানমন্ত্ৰীৰ আৱাসৰ গো-মাতাই এটা পোৱালি জন্ম দিছে। যাৰ কপালত পোহৰৰ চিহ্ন আছে। সেয়েহে মই ইয়াক ‘দীপজ্যোতি’ নাম দিছোঁ।

 


প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নতুন সদস্যৰ সৈতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰে। য’ত এটা গৰুক প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ আৱাসত খেলি থকা দেখা গৈছে। আনকি মন্দিৰত উপাসনাৰ সময়তো, গৰুটো প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ শ্ৰদ্ধাৰে গৰুটোৰ ডিঙিত ফুলৰ মালা পিন্ধাইছিল আৰু তাৰ পাছত এখন বস্ত্ৰ উৰুৱাই মৰমেৰে তেওঁৰ কোলাত বহুৱাইছিল । তাৰ পাছত প্ৰধানমন্ত্ৰীয়ে গৰুৰ পোৱালিটোক শিশুৰ দৰে মৰম কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়েয়ে গৰুৰ পোৱালিটোৰ মূৰত থকা পাতল চিহ্নটো স্পৰ্শ কৰিছিল। ফটোত গৰুটো পোৱালিটোক প্ৰধানমন্ত্ৰীয়ে মৰম কৰা দেখা গৈছে। প্ৰধানমন্ত্ৰীৰ কোলাত সৰু শিশুৰ দৰে গৰুৰ পোৱালিটো বহি থকা দেখা গৈছে। যাৰ মুৰটো প্ৰধানমন্ত্ৰীয়ে মৰমেৰে স্পৰ্শ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে নতুন সদস্যৰ সৈতে তেওঁৰ কেইবাখনো ফটো শ্বেয়াৰ কৰে। য’ত প্ৰধানমন্ত্ৰীয়ে দীপজ্যোতিৰ সৈতে খেলি থকা দেখা গৈছে। মৰম কৰা দেখা গৈছে।ইয়াৰ আগতেও প্ৰধানমন্ত্ৰীৰ গৰুৰ প্ৰতি থকা প্ৰেম দেখা গৈছিল। যেতিয়া প্ৰধানমন্ত্ৰী মোদীক জানুৱাৰী মাহত পুংগনুৰ গৰুৰ সৈতে দেখা গৈছিল । প্ৰধানমন্ত্ৰীয়ে গৰুবোৰক তেওঁৰ আৱাসত খাদ্য খুৱাইছিল আৰু সেই সময়তো তেওঁক গৰুক মাতি থকা দেখা গৈছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version